সম্বলপুৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ওড়িশাৰ পশ্চিম ভাগত কথিত। এই ভাষাক পশ্চিমীয়া ওড়িয়া আৰু কোসলী নামেৰেও জনা যায়। কোসালী এটি নতুনকৈ জনপ্ৰিয় হৈ উঠা নাম, যি বিবাদাস্পদ, কাৰণ ই ঐতিহাসিক দক্ষিণ কোসল অঞ্চলৰ সৈতে সম্পৰ্কৰ ইংগিত দিয়ে, যি অঞ্চলত বৰ্তমানৰ সম্বলপুৰ অঞ্চলো আছিল।১
সম্বলপুৰী ভাষী লোকে সাধাৰণতে সম্বলপুৰীক এক পৃথক ভাষা হিচাপে চায়, যদিও বাহিৰৰ লোকে প্ৰায় ইয়াক ওড়িয়া ভাষাৰ উপভাষা গণ্য কৰে।২ সম্বলপুৰী ভাষী লোকে আনুষ্ঠানিক কামৰ বাবে ওড়িয়া ব্যৱহাৰ কৰে।৩ ২০০৬ চনৰ এক সমীক্ষাৰ মতে, সম্বলপুৰী আৰু মানক ওড়িয়াৰ শব্দসম্ভাৰত ৭৫% সামঞ্জস্য আছে।৪
ভৌগোলিক বিতৰণ
২০১১ চনৰ ভাৰতীয় জনগণনাত ২ নিযুত ৬৩০ হাজাৰ লোকে নিজৰ মাতৃভাষা সম্বলপুৰী বুলি নথিভুক্ত কৰিছিল, যাৰে প্ৰায় সকলো লোকেই আছিল উৰিষ্যাৰ বাসিন্দা।৫ এই ভাষা কোৱা লোক ঘাইকৈ আছিল বৰগঢ় (১১৩০০০০), সুবৰ্ণপুৰ (৩৬৪০০০), বালনগীৰ (৩৩৫০০০), সম্বলপুৰ (২৭৫০০০), ঝাৰছোগোড়া (২৪৫০০০), নুৱাপাড়া (১৪৫০০০), বৌধ (৯০৭০০) আৰু সুন্দৰগঢ় (৪২৭০০) জিলাৰ বাসিন্দা।৬
লিপি
পশ্চিম উৰিষ্যাৰ শিলালিপি আৰু সাহিত্য কৰ্ম ওড়িয়া লিপিতেই লিখা হৈছিল। ১২৬৮ খ্ৰীষ্টাব্দৰ পূৰ্বী গংগাৰ শাসক ভানু দেৱ ১ৰ স্তম্বেশ্বৰ শিলালিপি আৰু সোণেপুৰৰ ৰজা পৃথ্বী সিংহৰ গোবিন্দপুৰ ৰাজআজ্ঞাত দেখা পোৱাৰ দৰে।৭ ১৭ শতিকাৰ সম্বলপুৰ ৰাজ্যৰ চৌহান ৰজা বলিয়াৰ সিংহৰ কালত লিখা মহাকাব্য কোসলানন্দ কাব্যও সংস্কৃত ভাষাত ওড়িয়া লিপি ব্যৱহাৰ কৰি লিখা হৈছিল।৮
অতীতত সম্ভৱতঃ দেৱনাগৰী লিপিও ব্যৱহাৰ কৰা হৈছিল।৯
ধ্বনিতত্ত্ব
সম্বলপুৰী ভাষাত ২৮টা ব্যঞ্জনধ্বনি, ২টা উপ-স্বৰধ্বনি আৰু ৫টা স্বৰধ্বনি পোৱা যায়।১০
ভাষা আন্দোলন
সম্বলপুৰী ভাষী লোকে বহু সময় ধৰি এক ভাষা আন্দোলন চলাই আহিছে। এই আন্দোলনৰ মূল দাবী হ'ল সম্বলপুৰী ভাষাক ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত অন্তৰ্ভুক্ত কৰোৱা।১১১২
সাহিত্য
- সত্য নাৰায়ণ বোহিদৰে সম্বলপুৰী ভাষাত টিকচাম্ৰা (১৯৭৫), সম্বলপুৰী ভাষাৰ শব্দ-বিভৱ: বা সংক্ষিপ্ত সম্বলপুৰী ব্যাকাৰণ ও ৰচনা (১৯৭৭) আদি লিখিছে।১৩
- প্ৰয়াগ দত্ত যোশী, "স্বতন্ত্ৰ কোসলী ভাষাৰ পৰিচয়" আদি গ্ৰন্থৰ লেখক।
- নীল মাধৱ পানীগ্ৰহী, মহাভাৰত কথাৰ লেখক।১৪
- হলধৰ নাগ, বিখ্যাত সম্বলপুৰী কবি যাক "লোক কবি ৰত্ন" নামেৰেও জনা যায়। তেওঁৰ গুৰুত্বপূৰ্ণ কাম: লোকগীত, সম্পৰ্দ, কৃষ্ণগুৰু, মহাসতি উৰ্মিলা, তাৰা মণ্ডোদৰী, অচ্ছিয়া, বচ্ছৰ, চিৰি সোমলই, বীৰ সুৰেন্দ্ৰ সাই, কৰমসানী, ৰসিয়া কবি, প্ৰেম পেচান।১৫ তেওঁৰ ৰচনাসমূহক "লোককবি হলধৰ গ্ৰন্থাৱলী"ত সংগ্ৰহ কৰা হৈছে।১৬ তেওঁ ২০১৬ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।১৭১৮
- প্ৰফুল্ল কুমাৰ ত্ৰিপাঠী: সম্বলপুৰী ওড়িয়া অভিধান প্ৰণেতা।১৯
- হেম চন্দ্ৰ আচাৰ্য: ৰামায়ণৰ সম্বলপুৰী অনুবাদ 'ৰাম ৰহ'ৰ লেখক।২০
গ্ৰন্থৰ তালিকা
- Dash, Ashok Kumar. (1990). Evolution of Sambalpuri language and its morphology
- Mathai, Eldose K. (2013). Sambalpuri of Orissa, India: A Brief Sociolinguistic Survey
- Patel, Kunjaban. (n.d.). A Sambalpuri phonetic reader
- Sahu, Gobardhan. (2001). Generative phonology of Sambalpuri: a study (revised)
- Sahu, Gopal Krishna. (2002). A derivational morphology of Sambalpuri
বাহ্যিক লিংক আৰু অন্য লেখ
- Biswal. (2010). Politics of Sambalpuri or Kosali as a dialect of Oriy in Orissa. Language in India
- কোসলী ভাষাত প্ৰকাশিত পঞ্জীভুক্ত বাতৰি কাকত আৰু আলোচনী
- Datta. (2002). Linguistic survey of India: special studies: Orissa. Special studies / Linguistic Survey of India. Language Division, Office of the Registrar General, India. পৃ. 67–93
তথ্যসূত্ৰ
- ↑ Dash 1990, পৃ. 4–5
- ↑ G.K. Sahu 2002, পৃ. 1–2
- ↑ Patel n.d. cited in Mathai Kelsall 2013, পৃ. 3
- ↑ Mathai Kelsall 2013, পৃ. 4–6
- ↑ Office of the Registrar General & Census Commissioner, India. C-16: Population by mother tongue, India – 2011
- ↑ Office of the Registrar General & Census Commissioner, India. C-16: Population by mother tongue, Odisha – 2011
- ↑ Ashok kumar Patnaik. (December 2009). The Mirror Reflection of Sambalpur State through the Courtly Chronicle called Kosalananda Kavyam. Odisha History Congress
- ↑ Ashok kumar Patnaik. (December 2009). The Mirror Reflection of Sambalpur State through the Courtly Chronicle called Kosalananda Kavyam. Odisha History Congress. পৃ. 237
- ↑ Untitled-13
- ↑ Mahapatra. (2002). Linguistic Survey of India: Orissa. Language Division, Office of the Registrar General. পৃ. 67,68
- ↑ Plea to include Kosli in 8th Schedule of Constitution
- ↑ Memorandum for Inclusion of Kosli Language in the 8th Schedule of the Indian Constitution
- ↑ Satya Narayan Bohidar. Open Library
- ↑ Panigrahi, Nil Madhab, "Mahabharat Katha", Lark books, Bhubaneswar, 1996
- ↑ (25 September 2010). Poetry makes him known as new GangadharMeher
- ↑ Nag, Haldhar, "Lokakabi Haladhar Granthabali", compiler – Dwarikanath Nayak, Bidya Prakashan, Cuttack, 2000, (Five PhD theses on this class III-dropout poet)
- ↑ 5 PhD theses on this class III-dropout poet
- ↑ Translation takes Nag's poems to more readers
- ↑ Prafulla Kumar Tripathy. Odia Sahitya
- ↑ Hema Chandra Acharya. Ram Raha. Archive.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সম্বলপুৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৬৪০২৬২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।