চুৰাহী (টাকৰী লিপিত: 𑚏𑚰𑚤𑚭𑚩𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশত কোৱা হয়। এই ভাষা মুখ্যতঃ চম্বা জিলাৰ চৌৰাহ আৰু সলুনী তেহসীলত ব্যৱহাৰ কৰা হয়। এই ভাষা এটি বিপন্ন ভাষা।১
ফকৰা যোজনা
| + | 𑚏𑚰𑚤𑚭𑚩𑚯 | चुराही | অসমীয়া লিপিত (সংস্কৃতৰ সমতুল্য বৰ্ণ ব্যৱহাৰ কৰি) | অসমীয়া ভাষাত অৰ্থ |
| 𑚀𑚜𑚜𑚰 𑚢𑚳𑚩𑚘𑚰 𑚀𑚜𑚢𑚭 | अधधु मैहणु अधमा | অধধু মৈহণু অধমা | অল্পজ্ঞানীৰ মাত বেছি | |
| 𑚆𑚅𑚖𑚯 𑚊𑚥 𑚑𑚙𑚤𑚱𑚖𑚭 | एऊडी कल जतरूडा | এঊডী কল জতৰূডা | কুকৰ্মই কুফল আনে | |
| 𑚢𑚤𑚝𑚰 𑚙 𑚜𑚶𑚤𑚰𑚦 𑚚𑚴𑚪𑚭 𑚊𑚤𑚝𑚯 | मरनु त ध्रुव थॊड़ा करनी | মৰনু ত ধ্ৰুৱ থৌড়া কৰনী | মৃত্যু যেতিয়া আহিবই, ফাঁকি কিহৰ? | |
| 𑚑𑚲𑚃 𑚊𑚭𑚥𑚱 𑚡𑚰𑚙𑚮𑚣𑚭 𑚙𑚲𑚃 𑚛𑚶𑚦𑚭𑚤𑚭 𑚡𑚲𑚪𑚮𑚣𑚴𑚤𑚱 | जेई कालू भुतिया तेई द्वारा भेड़ियोरू | জেঈ কালূ ভুতিয়া তেঈ দ্বাৰা ভেড়িয়োৰূ | কোনো ডাঙৰ বিপক আওকাণ কৰা |
লিপি
এই ভাষা টাকৰী লিপি ব্যৱহাৰ কৰি লিখা হয়।
স্থিতি
এই ভাষাক অনেকে পাহাড়ী বা হিমাচলী বুলিও কয়। কোনো কোনোৱে এই ভাষাক ডোগ্ৰী ভাষাৰ উপভাষাও জ্ঞান কৰে। চুৰাহী ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ মতে এই ভাষা নিশ্চিতভাৱে বিলুপ্তপ্ৰায়, যাৰ অৰ্থ হ'ল, এই ভাষা শিশুৱে মাতৃভাষা হিচাপে নিশিকা হৈছে।২
২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাই ভাৰতৰ সংবিধানত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছিল, যিয়ে হিমাচল প্ৰদেশৰ অনেক ভাষাক প্ৰতিনিধিত্ব কৰিলেহেতেন।৩ কিন্তু তাৰ পাছত এই দিশত কোনো অগ্ৰগতি দেখা হোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ক্ষেত্ৰত কাম কৰি আহিছে।৪ ৰাজনৈতিক কাৰণত, এই ভাষাক হিন্দী ভাষাৰ উপভাষা গণ্য কৰা হয়,৫ যদিও চুৰাহী আৰু হিন্দী ভাষী দুজন লোকে ইজনে সিজনক বুজা কঠিন।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুৰাহী” প্ৰবন্ধৰ সংশোধন ৫৪০৪৭৩ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।