ভাষা
১৮৩ প্ৰবন্ধ
-
স্পেনীছ ভাষা
স্পেনীছ (español) বা কেষ্টিলিয়ান (castellano) হৈছে ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ এটা ৰোমান ভাষা, যি ইউৰোপৰ আইবেৰিয়ান উপদ্বীপত কথিত ভলগাৰ লেটিন ভাষাৰ পৰা বিকশিত হৈছে।
-
পৰ্তুগীজ ভাষা
পৰ্তুগীজ হ'ল ইউৰোপৰ আইবেৰিয়ান উপদ্বীপৰ পৰা উৎপত্তি হোৱা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা পশ্চিমীয়া ৰোমান ভাষা। ই এংগোলা, ব্ৰাজিল, কেপ ভাৰ্ডে, গিনি-বিচাউ, মোজাম্বিক, পৰ্তুগাল, চাও টমে আৰু প্ৰিন্সিপেৰ চৰকাৰী ভাষা। লগতে ইষ্ট টিমৰ, বিষুৱীয় গিনি আৰু মাকাউত ইয়াৰ সহ-ৰাজ্যিক ভাষাৰ মৰ্যাদা আছে।
-
ৰুছ ভাষা
ৰুছ ভাষা (ৰুছ ভাষাত: русский язык) এটা স্লাভিক ভাষা যাক প্ৰধানকৈ ৰাছিয়া, বেলাৰুছ, ইউক্ৰেইন, কাজাখস্তান আৰু কিৰগীস্তানত কোৱা হয় আৰু বহুল ভাৱে ব্যৱহৃত। ইয়াৰোপৰি বিনা চৰকাৰী অনুমতিত লাটভিয়া, এষ্ট'নিয়া আৰু বহুতো প্ৰাক্তন ছোভিয়েট দেশত ইয়াক কোৱা হয়।
-
মৈথিলী ভাষা
মৈথিলী (𑒧𑒻𑒟𑒱𑒪𑒲) এটা ভাৰত-আৰ্য ভাষা। ই মূলতঃ ভাৰতৰ বিহাৰ ৰাজ্য আৰু নেপালৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ভাৰত-আৰ্য ভাষা হিচাপে গণ্য কৰে। হিন্দীতকৈ বঙালী, অসমীয়া আৰু ওড়িয়াৰ লগত ইয়াৰ সম্পৰ্ক বেছি।
-
কোংকণী ভাষা
কোংকণী ভাষা (দেৱনাগৰী লিপিত: कोंकणी; ৰোমান লিপিত: Konknni; কন্নড় লিপিত: ಕೊಂಕಣಿ; মালয়ালম লিপিত: കൊങ്കണി; IAST: ) এইটো ইন্দো-আৰ্য্য ভাষা যিটো ভাৰতৰ কোংকণ উপকূলত প্ৰচলিত। কোংকণী আৰু গোৱাঞ্চি কোংকণীত প্ৰায় ৭৬ লাখ মানুহে কথা কয়।
-
পালি ভাষা
পালি (/ˈpɑːli/) হৈছে ভাৰতীয় উপমহাদেশৰ এটা থলুৱা মধ্য ভাৰত-আৰ্য লিটাৰ্জিকেল ভাষা। বৌদ্ধ ধৰ্মৰ পালি কেনন বা টিপিটকৰ ভাষাৰ লগতে থেৰাবাদ বৌদ্ধ ধৰ্মৰ পবিত্ৰ ভাষা হিচাপে এই ভাষাৰ বহুল অধ্যয়ন হোৱা দেখা যায়। প্ৰাৰম্ভিক কালত ইয়াক ব্ৰাহ্মী লিপিৰে লিখা হৈছিল।
-
সিন্ধী ভাষা
সিন্ধী (আৰৱী লিপিতে: سنڌي, দেৱনাগৰী লিপিত: सिन्धी) পাকিস্তানৰ সিন্ধু প্ৰদেশেৰ প্ৰায় ৩ কোটি ৫০ লাখ আৰু ভাৰতৰ প্ৰায় ৮০ লাখ মানুহে এই ভাষাত কথা কয়।
-
সিংহল ভাষা
সিংহল (සිංහල) [উচ্চৰণ: সিংহলো] বা "সিংহলী ভাষা" শ্ৰীলঙ্কাৰ মূল ভাষা। শ্ৰীলঙ্কাৰ প্ৰায় ২ মিলিয়ন মানুহে সিংহল ভাষাত কথা কয়। এই ভাষাটো সিংহল লিপিৰে লিখা হয়। খ্ৰীষ্টপূৰ্ৱ ৩য় শতিকাত সিংহল ভাষাত লিখা শিলালিপি পোৱা হৈছে। ১০ম শতিকাৰ পৰা আৰম্ভ কৰি ভাষাটোত সমৃদ্ধ বৌদ্ধ সাহিত্য ৰচিত হৈছে।
-
কাশ্মীৰী ভাষা
কাশ্মীৰী বা কশুৰ হৈছে ভাৰতীয়-আৰ্য ভাষাসমূহৰ দাৰ্দিক শাখাৰ এটা ভাষা, যি প্ৰায় ৭ নিযুত কাশ্মীৰী লোকৰ দ্বাৰা কাশ্মীৰ উপত্যকা আৰু ইয়াৰ চাৰিওফালৰ পাহাৰীয়া অঞ্চলসমূহত কথা কোৱা হয়, যাৰ সংখ্যা জম্মু আৰু কাশ্মীৰৰ জনসংখ্যাৰ অৰ্ধেকতকৈও অধিক।
-
ওলন্দাজ ভাষা
ওলন্দাজ ভাষা মূলতঃ ইউৰোপৰ নেডাৰলেণ্ডচ আৰু বেলজিয়াম দেশত প্ৰচলিত ইণ্ডো-ইউৰোপীয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত পশ্চিম জাৰ্মানীয় মূলৰ এক ভাষা। প্ৰায় ২.৩ কোটি লোকৰ ই মাতৃভাষা আৰু প্ৰায় ৫০ লাখ লোকৰ দ্বিতীয় ভাষা।
-
মালয় ভাষা
মালয় বা বাহাসা মেলায়ু (;, জাৱি লিপি: بهاس ملايو) হৈছে মালয়েছিয়া, ইণ্ডোনেছিয়া, ছিংগাপুৰ আৰু ব্ৰুনেইৰ চৰকাৰী ভাষা। ইষ্ট টিমৰ আৰু থাইলেণ্ডৰ কিছু অংশতো এই ভাষাৰ প্ৰচলন আছে৷ বাহাছা মেলায়ু আৰু বাহাছা ইণ্ডোনেছিয়াৰ মাজত বিশেষ পাৰ্থক্য নাই। ইয়াৰ মূল পাৰ্থক্য হ’ল উচ্চাৰণ, বানান আৰু শব্দভাণ্ডাৰ।
-
তুলু ভাষা
তুলু (কন্নড় লিপিত: ತುಳು (তুলু)) দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা। এই ভাষাত দুই মিলিয়ন মানুহে কথা পাতে। প্ৰধানকৈ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশ আৰু উত্তৰ কেৰালাৰ তুলুনাডু নামে পৰিচিত অংশৰ মানুহে এই ভাষাত কথা পাতে।
-
হিব্ৰু ভাষা
হিব্ৰু (হিব্ৰু বৰ্ণমালা: עִבְרִית, ʿĪvrīt) ভাষা হ'ল আফ্ৰিকান ভাষা পৰিয়ালৰ অন্তৰ্গত এটা উত্তৰ-পশ্চিম চেমিটিক ভাষা। আধুনিক হিব্ৰু ইজৰাইল ৰাষ্ট্ৰৰ প্ৰধান চৰকাৰী ভাষা। ২০১৩ চনলৈকে বিশ্বজুৰি প্ৰায় ৯০ লাখ হিব্ৰু ভাষী আছে। ইয়াৰে ৭০ লাখ লোকে ইয়াক সাৱলীলভাৱে কয়।
-
চাঁওতালি ভাষা
চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে।
-
ৰাজস্থানী ভাষা
ৰাজস্থানী ভাষা (দেৱনাগৰী: राजस्थानी) মূলত ৰাজস্থান ৰাজ্য আৰু হৰিয়ানা, পঞ্জাব, গুজৰাট আৰু মধ্য প্ৰদেশেৰ নিকটবৰ্তী অঞ্চলত ইন্দ-আৰ্য ভাষা গোষ্ঠীৰ এটি ভাষাক বুজায়। পাকিস্তানৰ সিন্ধু আৰু পঞ্জাব প্ৰদেশত ৰাজস্থানী ভাষী মানুহ আছে।
-
ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল
ভাৰত-ইউৰোপীয় ভাষাসমূহ কেইবাশ সম্পৰ্কীয় ভাষা আৰু দোৱানৰ এক ভাষা পৰিয়াল। ইউৰোপীয় ভাষাসমূহ, ইৰানীয়ান মালভূমি, দক্ষিণ এছিয়া আৰু এনাটলিয়াৰ বেছিভাগ প্ৰধান ভাষা ইয়াৰ অন্তৰ্ভুক্ত। এনাটলিয়ান ভাষা আৰু মাইচেনিয়ান গ্ৰীকৰ ৰূপত ব্ৰ'ঞ্জ যুগৰ দিনৰ পৰা ইয়াৰ লিখিত ৰূপ পোৱা গৈছে।
-
কোৰীয় ভাষা
কোৰীয় ভাষা পূব এছিয়াৰ কোৰীয় উপদ্বীপ অঞ্চলত প্ৰায় ৭.৭২ কোটি লোকৰ মাজত প্ৰচলিত এক ভাষা। এই ভাষা দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ আধিকাৰীক আৰু ৰাষ্ট্ৰীয় ভাষা। দুয়োখন দেশতে ভাষাটোৰ ভিন্ন ভিন্ন মান্য ৰূপ ব্যৱহাৰ কৰা হয়। চীন আৰু ৰাছিয়াৰ কিছু অঞ্চলটো কোৰীয় ভাষাক গৌণ ভাষা ৰূপে স্বীকৃতি দিয়া হয়।
-
ছিলঠীয়া ভাষা
ছিলঠীয়া (ꠍꠤꠟꠐꠤ (ছিলটি), সিলেটি) বা ছিলেটি ভাষা বাংলাদেশৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ছিলঠ বিভাগ; অসমৰ হোজাই জিলা আৰু বৰাক উপত্যকা; আৰু ত্ৰিপুৰাৰ কিছু অংশত প্ৰচলিত ভাষা।
-
ডোগ্ৰী ভাষা
ডোগ্ৰী ভাষা (স্থানীয় বানান অনুসৰি डोगरी বা ﮈﻭﮔﺮﻯ) ভাৰত-আৰ্য ভাষা। ই প্ৰায় ২০ লাখ মানুহৰ ভাষা। ভাৰত আৰু পাকিস্তানত, বিশেষকৈ ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলত আৰু উত্তৰ পঞ্জাব, হিমাচল প্ৰদেশ আৰু কাশ্মীৰৰ অন্যান্য অঞ্চলত পাকিস্তানৰ পঞ্জাব অঞ্চলত এই ভাষা প্ৰচলিত।
-
কাৰ্বি ভাষা
কাৰ্বি ভাষা উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পূব বাংলাদেশৰ কাৰ্বি লোকসকলে (মিকিৰ বা আৰ্লেং) কোৱা ভাষা। ই চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত কিন্তু ইয়াৰ স্থান স্পষ্ট নহয়।
-
কোচ ৰাজবংশী ভাষা
কোচ-ৰাজবংশী বা কামতাপুৰী ভাষা হ'ল ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষা। এই ভাষা ১৫ মিলিয়নৰো অধিক মানুহে এই ভাষা ব্যৱহাৰ কৰে।
-
ইণ্ডোনেছিয়ান ভাষা
ইণ্ডোনেছিয়ান ভাষা বা বাহাছা ইণ্ডোনেছিয়া ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় ভাষা। ইণ্ডোনেছিয়ান হৈছে মালয় ভাষাৰ এটা মানক ৰূপ, যিটো ইণ্ডোনেছিয়ান দ্বীপপুঞ্জত যুগ যুগ ধৰি লিংগুয়া ফ্ৰাংকা হিচাপে ব্যৱহাৰ কৰা হয়।
-
মিজো ভাষা
মিজো ভাষা ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা। ই চীনা-তিব্বত ভাষাপৰিবাৰৰ তিব্বত-বৰ্মী উপপৰিবাৰৰ কুকি-চীন দলৰ এটা ভাষা। মিজোভাষীসকল মূলত মিজোৰামত বাস কৰিলেও তাৰ বাহিৰেও ভাৰতৰ মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যত, বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ চীন পৰ্বত অঞ্চলত মিজো ভাষাভাষীসকল বাস…
-
গাৰো ভাষা
গাৰো ভাষা বা মান্দি ভাষা এটি চীনা-তিব্বতি ভাষা। এই ভাষা ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান ভাষা। ই পাৰ্শ্বৱৰ্তী বাংলাদেশতো প্ৰচলিত। মেঘালয়ৰ প্ৰতিবেশী ৰাজ্য অসমত প্ৰচলিত বড়ো আৰু ৰাভা ভাষাৰ লগত ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে। গাৰো ভাষা লেটিন লিপিৰে লিখা হয়।
-
খাচী ভাষা
খাচী হ'ল এটা অষ্ট্ৰো-এছীয় ভাষা, যিটো ঘাইকৈ ভাৰতৰ মেঘালয় ৰাজ্যত প্ৰচলিত। খাচী ভাষাৰ প্ৰায় ৯ লাখ মানুহৰ সৰহভাগেই মেঘালয় ৰাজ্যত বাস কৰে। অসম আৰু বাংলাদেশতো কিছু সংখ্যক খাচী ভাষাৰ মানুহ আছে। খাচী ভাষাৰ মৌখিক সাহিত্য লোককথা আৰু লোকগাথাৰে সমৃদ্ধ।
-
ককবৰক ভাষা
ককবৰক ভাষা ( তিপ্ৰকাক বা ত্ৰিপুৰী ভাষা বুলিও জনা যায়) ভাৰতৰ ত্ৰিপুৰা ৰাজ্য আৰু চুবুৰীয়া বাংলাদেশত বসবাস কৰা ত্ৰিপুৰী লোকসকলৰ মাতৃভাষা৷ ককবৰক শব্দটো দুটা অংশ লগ হৈ গঠিত। কক মানে "ভাষা" আৰু বৰকৰ অৰ্থ "মানুহ", বিশেষকৈ ত্ৰিপুৰী জাতিৰ মানুহ; অৰ্থাৎ ককবৰক শব্দৰ অৰ্থ ত্ৰিপুৰী মানুহৰ ভাষা।
-
জোংখা ভাষা
জোংখা (རྫོང་ཁ་; [dzòŋkʰɑ́]) হৈছে ভূটানৰ চৰকাৰী আৰু জাতীয় ভাষা। ইয়াক তিব্বতী লিপি ব্যৱহাৰ কৰি লিখা হৈছে।
-
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এটা ইণ্ডো-আৰ্য ভাষা। ভাৰতৰ মূলতঃ অসম, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্য, বাংলাদেশৰ চিলেট অঞ্চল, ম্যানমাৰ আদি দেশত এই ভাষাটো প্ৰচলিত। বিষ্ণুপ্ৰিয়া মনিপুৰী লোকসকলে নিজৰ ভাষাক ইমাৰ ঠাৰ বা মাতৃভাষা বোলে। এই ভাষা লিখিবৰ বাবে অসমীয়া-বঙালী লিপিৰ ব্যৱহাৰ কৰা হয়।
-
মান ভাষা
মান ভাষা মূলতঃ দক্ষিণ পূব এছিয়াৰ দেশ ম্যানমাৰত প্ৰচলিত এক চীনা-তিব্বতীয় মূলৰ ভাষা। এই ভাষাটোক বৰ্মী, বাৰ্মী, বাৰ্মীচ বা ম্যানমাৰ ভাষা নামেৰেও জনা যায়। মান ভাষা ম্যানমাৰৰ চৰকাৰী ভাষা। ২০০৭ চনৰ তথ্য অনুসৰি মান ভাষা ৩.৩ কোটি লোকৰ মাতৃভাষা আৰু ১ কোটি লোকৰ দ্বিতীয় ভাষা। মান ভাষা মান লিপিত লিখা হয়।
-
উপভাষা
উপভাষা (Dialect) ভাষাৰ একোটা ভাগ৷ প্ৰত্যেক ভাষাৰে কিছুমান বেলেগ বেলেগ ৰূপ থাকে, সেইবোৰেই উপভাষা৷ ভৌগলিকভাৱে বিস্তৃত এটা এলেকাত, কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকলৰ মাজত বেলেগ বেলেগ ৰূপ কিছুমান গঢ়ি উঠে৷ ইয়াৰ কাৰণ, ঘাইকৈ সেই ভাষা সম্প্ৰদায়ৰ মাজত সঘন…