অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নিচি ভাষা

নিচি ভাষা (Nyishi/nishi Language), ভাৰতৰ অৰুণাচল প্ৰদেশৰ আঠখন জিলা ক্ৰমে ক্ৰা দাদি, কুৰুং কুমেই, পূব কামেং, পশ্চিম কামেং, পাপুম পাৰে, নামনি সোৱণশিৰি, কামলে, পক্কে কেছাং জিলা আৰু অসমৰ দৰং জিলাত প্ৰচলিত তানি শাখাৰ এটা চীন-তিব্বতী ভাষা। এই ভাষা নিচি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নিচি ভাষা (Nyishi/nishi Language), ভাৰতৰ অৰুণাচল প্ৰদেশৰ আঠখন জিলা ক্ৰমে ক্ৰা দাদি, কুৰুং কুমেই, পূব কামেং, পশ্চিম কামেং, পাপুম পাৰে, নামনি সোৱণশিৰি, কামলে, পক্কে কেছাং জিলা আৰু অসমৰ দৰং জিলাত প্ৰচলিত তানি শাখাৰ এটা চীন-তিব্বতী ভাষা। এই ভাষা নিচি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰে। ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি নিচি ভাষীসকলৰ জনসংখ্যা প্ৰায় ৯ লাখ। যদিওবা অঞ্চলভেদে যথেষ্ট তাৰতম্য আছে, নিচিৰ উপভাষাসমূহ যেনে আকাং, আয়া, নিচি (ৰাগা), মিছিং, টাগিন আদি সহজেই পাৰস্পৰিকভাৱে বুজিব পৰা যায়, যথেষ্ট কম জনসংখ্যা থকা বাংনি-বাংৰু আৰু ছলুং উপভাষা অতি কমসংখ্যক লোকে কয় আৰু পূৰ্বৰ উপভাষাসমূহৰ পৰা পৃথক। নিচি কেতিয়াবা পশ্চিমীয়া তানি ভাষাৰ আৱৰণ শব্দ হিচাপে ব্যৱহাৰ কৰা হয়।

নিচি এটা বিষয়–বস্তু–ক্ৰিয়া ব্যাকৰণগত ভাষা।১

সম্ভাষণ

ইংৰাজীনিচি ভাষাঅসমীয়া
IKnoমই
He/SheMuসি/তাই
YouNohতুমি/আপুনি
It/thisCএইটো
HelloBul, Buleনমস্কাৰ
Good morningAlbo arkumchসুপ্ৰভাত
how are you?No al deye?/ No hogub rido?তুমি কেনে আছা?
What is your name?Nak amin nga hogu nga?/ Na amin knahu ga?তোমাৰ নাম কি?
What are you doing?Miu huge miudungdu?আপুনি কি কৰিছে?
Thank youPayalinchoধন্যবাদ

তথ্যসূত্ৰ

  1. ↑ Abraham, P. T. A Grammar of Nyishi Language

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিচি ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮১৫৫৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।