পাহাড়ী কিনৌৰী, কিনৌৰী পাহাড়ী (টাকৰী লিপিত: 𑚊𑚮𑚝𑚵𑚤𑚯 𑚞𑚩𑚭𑚪𑚯) বা ওৰাস বোলী (টাকৰী লিপিত: 𑚈𑚤𑚭𑚨 𑚠𑚴𑚥𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ভাৰতীয়-আৰ্ষ ভাষা পৰিয়ালৰ এটি উপ-গোট। এই ভাষা ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশৰ কিনৌৰ জিলাৰ বিভিন্ন জনজাতীয় লোকে ব্যৱহাৰ কৰে। পূৰ্বতে এই ভাষাক 'কিনৌৰী জনজাতীয় ভাষা' বুলিও অভিহিত কৰা হৈছিল, কিন্তু বৰ্তমানে এই সংজ্ঞাক অপমানসূচক জ্ঞান কৰা হয়। এই কথাৰ নিশ্চিতি নাই যে পাহাড়ী কিনৌৰী আন হিমাচলী ভাষাসমূহতকৈ কিমান বেলেগ।
লিপি

স্থিতি
পাহাড়ী কিনৌৰীক প্ৰায় পাহাড়ী বা হিমাচলীও আখ্যা দিয়া হয়। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই আৰু ইয়াক পাহাড়ী বা কিনৌৰীৰ উপভাষা হিচাপে নথিভুক্ত কৰা হয়।১ ইউনেস্ক'ই এই ভাষাক 'নিশ্চিতভাৱে লুপ্তপ্ৰায়' শাখাত ৰাখিছে, যাৰ অৰ্থ প্ৰায় কিনৌৰী পাহাড়ী শিশুৱে এই ভাষাক মাতৃভাষা হিচাপে নিশিকা হৈছে। ইয়াৰ এটা কাৰণ এই বুলিও ধৰা হৈছে যে ভাৰত চৰকাৰে হিন্দী ভাষাক অধিক প্ৰাধান্য প্ৰদান কৰে।
২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাই ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী) অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছিল।২ ই হিমাচল প্ৰদেশৰ বিভিন্ন ভাষাক একেলগে প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্য ৰখা হৈছিল। পিচে তাৰ পাছত এই দিশে কোনো প্ৰগতি দেখা হোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে।৩ ৰাজনৈতিক কাৰণত বৰ্তমানে পাহাড়ী কিনৌৰী ভাষাক হিন্দী ভাষাৰ উপভাষা হিচাপে নথিভুক্ত কৰা হয়, যদিও এই দুই ভাষা কোৱা লোকে ইজনে সিজনক সহজে বুজিব নোৱাৰে।
বৰ্তমানে পাহাড়ী কিনৌৰীক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰাৰ কোনো প্ৰস্তাৱ নাই।
তথ্য সংগ্ৰহ
- Kumar, Ajesh and Saramma Bezily. (2015). Kinnauri Pahari: Phonemic Summary, Himachal Pradesh, India.. Unpublished manuscript
তথ্যসূত্ৰ
- ↑ Indian Language Census
- ↑ Pahari Inclusion. Zee News
- ↑ Pahari Inclusion. The Statesman
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাহাড়ী কিনৌৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৭৮২ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।