গদী, গদকী, গদিয়ালী বা ভৰমৌড়ী (টাকৰী লিপিত: 𑚌𑚛𑚯, 𑚌𑚛𑚊𑚯, 𑚌𑚛𑚮𑚣𑚭𑚥𑚯, 𑚡𑚤𑚢𑚵𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ চম্বা জিলাৰ ভাৰমৌড় অঞ্চলৰ গদী লোকে ব্যৱহাৰ কৰে। তদুপৰি, চুবুৰীয়া জম্মুৰ উধমপুৰ, কথুৱা আৰু দোদা জিলাতো এই ভাষা কোৱা হয়।১
এই ভাষাটো পৰম্পৰাগতভাৱে টাকৰী লিপি ব্যৱহাৰ কৰি লিখা হৈ আহিছে।২
উপভাষা
গদী ভাষাৰ ৪ট উপভাষা আছে:৩
- প্ৰথমটো সমগ্ৰ ভৰমৌড়, ছতৰাৰী আৰু ভত্যত অঞ্চলত ব্যৱহাৰ কৰা হয়, আৰু লগতে কাংগড়া জিলা গদীভাষী অঞ্চলতো
- দ্বিতীয়টো পিয়ুহাৰ, বেলজ, গূণ, বকনী আৰু মেহলা আৰু কাডেড়ৰ ওপৰৰ ভাগত কোৱা হয়
- তৃতীয়টো বসু আৰু চুবুৰীয়া অঞ্চলত কোৱা হয়
- চতুৰ্থটো লিল্হ আৰু পাহোত কোৱা হয়
স্থিতি
এই ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। কোনো কোনোৱে এই ভাষা ডোগ্ৰীৰ উপভাষাও জ্ঞান কৰে। ইউনেস্ক'ই এই ভাষাক নিশ্চিতভাৱে লুপ্তপ্ৰায় ভাষাৰ তালিকাত ৰাখিছে, যাৰ অৰ্থ হ'ল যে গদী শিশুৱে এই ভাষা মাতৃভাষা হিচাপে নিশিকা হৈছে।৪
হিমাচল প্ৰদেশৰ বিধান সভাত ২০১০ চনত 'পাহাড়ী (হিমাচলী)' নামেৰে এটি ভাষা ভাৰতৰ সংবিধানত অষ্ট অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী তুলি ধৰা হৈছিল।৫ পিচে এই ক্ষেত্ৰত তাৰ পাছত কোনো উন্নতি দেখা যোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষা সংৰক্ষণৰ চেষ্টা কৰি আহিছে।৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Kaul. (2006). Pahāṛi and Other Tribal Dialects of Jammu. Eastern Book Linkers. পৃ. 137. ISBN 8178541017
- ↑ Takri for Gaddi
- ↑ PLSI The languages of Himachal Pradesh. Orient Blackswan. পৃ. 104
- ↑ Endangered languages
- ↑ Pahari Inclusion
- ↑ Pahari Inclusion. The Statesman
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গদী ভাষা” প্ৰবন্ধৰ সংশোধন ৪০৯০৬৭ (১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।