জাষ্টিকা আধাট’ডা, সাধাৰণতে অসমীয়াত বগা বাহক নামে জনাজাত এই চিৰসেউজীয়া আৰু জোপোহা সপুষ্পক উদ্ভিদজোপা হৈছে একপ্ৰকাৰৰ ঔষধীয় উদ্ভিদ। ই এছিয়াৰ এক থলুৱা উদ্ভিদ। সিদ্ধ চিকিৎসা, আয়ুৰ্বেদ, হোমিঅপেথি আৰু য়ুনানী চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়।১ ই তিতাফুল বা ৰঙা বাহকৰ পৰিয়ালৰ উদ্ভিদ। ওখ প্ৰায় ৫-৬ ফুট মান হয়। পাত ডাঙৰ আৰু আগবোৰ জোঙা, ডিচেম্বৰৰ পৰা এপ্ৰিল মাহত ফুল ফুলে। পাত আৰু ফুলৰ সোৱাদ তিতা।
বগা বাহকৰ ইংৰাজী নাম হৈছে, মালাবাৰ নাত, আডুল্ছা, আধাট’ডা, ভাছা, আৰু ভাছাকা।২৩

আন আন ভাষাত নাম
- মাৰাঠী: অডুলসা (अडुळसा)
- হিন্দী: বসাক (वसाका)
- পঞ্জাবী: কালা বাংসা (ਕਾਲਾ ਬਾਂਸਾ)
- গুজৰাটী: অৰডুসী (અરડૂસી)
- নেপালী: অসুৰো (असुरो)
তথ্যসূত্ৰ
- ↑ Facts about for Malabar Nut (Justicia adhatoda). Encyclopedia of Life
- ↑ Common Names for Malabar Nut (Justicia adhatoda). Encyclopedia of Life
- ↑ Aslam, Mohd; Rais, Sumbul; Alam, Masood. (2013). Adsorption of Hg(II) from Aqueous Solution Using Adulsa (Justicia adhatoda) Leaves Powder: Kinetic and Equilibrium Studies. Journal of Chemistry. পৃ. 1–11
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগা বাহক” প্ৰবন্ধৰ সংশোধন ৬২৪৩১২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।