অপৰাজিতা (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Clitoria ternatea) (সংস্কৃত ভাষা: श्वेतां, विष्णूक्रांता, शंखपुष्पी)হৈছে Fabaceae প্ৰজাতিৰ এবিধ ফুল। গাঢ় নীলা ৰঙৰ ফুল, কিন্তু তলৰ ফালে (আৰু ভিতৰত) বগা, কেতিয়াবা কিছু হালধীয়া আভা যুক্ত হয়। বগা ৰঙৰ অপৰাজিতা ফুলো আছে।
প্ৰচলিত নাম
বিভিন্ন ভাষাত অপৰাজিতাৰ নামবোৰ হৈছে:
- Butterfly pea, blue pea vine, mussel-shell climber, pigeon wings
- অপৰাজিতা (अपराजिता)
- বঙালী ভাষা: অপৰাজিতা (অপব়াজিতা)
- নাগৰ হেডি
- মালয় ভাষা: বুঙ্গা তেলাংগ (Bunga telang)
- মালয়ালম ভাষা: সঙ্খপুস্পম (ശംഖുപുഷ്പം)
- মাৰাঠী ভাষা: গোকৰ্ণী (गोकर्णी)
- দিভেহি ভাষা: কুলহাধিৰিমা (Kulhadhirimaa)
- ফুলা ক্ৰিকুৱা (Fula criqua)
- সংস্কৃত ভাষা: শংখপুষ্পী (शंखपुष्पी), অপৰাজিতা (अपराजिता), সুকৰ্ণিকা, অৰ্ধকৰ্ণী, গিৰিকৰ্ণিকা (गिरिकर्णिका), সুপুষ্পী (सुपुष्पी), মোহনাশিনী (मोह्नाशिनी), বিশদোষঘ্নী (विषदोषघ्नी), স্বেতনামা (श्वेतनामा)., বিষ্ণুক্ৰান্তা (विष्णुक्रांता), অশ্বখুৰা (अश्वखुरा)}
- তামিল ভাষা: সাঙ্গু পু (Sangu pu)
- ডক আঞ্চান (ดอกอัญขัญ)
বিৱৰণ
অপৰাজিতা এবিধ বহুবৰ্ষজীৱী তৃণজাতীয় উদ্ভিদ, ইয়াৰ পাতবোৰ উপবৃত্তাকাৰ আৰু অস্পষ্ট। ই লতা হিচাপে গজে, আৰ্দ্ৰ, নিৰপেক্ষ মাটিত ইয়াৰ বৃদ্ধি ভাল হয়। ইয়াৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হ’ল ইয়াৰ ফুলৰ ৰং, গভীৰ নীলা; অকলশৰীয়া, পাতল হালধীয়া ৰঙৰ চিন যুক্ত। প্ৰায় ৪ চে:মি: দীঘল আৰু ৩ চে:মি: বহল। কিছুমান জাতৰ ফুল বগা আৰু গোলাপী ৰঙৰো হয়। ইয়াৰ গুটিবোৰ ৫–৭ চে.মি. কোমল হ’লে খাব পৰা হয়।
ইয়াক অলংকাৰিক উদ্ভিদ হিচাপে আৰু পুনৰ বনানীকৰণ উদ্ভিদ প্ৰজাতি হিচাপে (যেনে, অষ্ট্ৰেলিয়াৰ কয়লা খনিত) খেতি কৰা হয়, খেতি কৰাৰ সময়ত ইয়াৰ বেছি যত্নৰ প্ৰয়োজন নহয়। মাহজাতীয় শস্য হিচাপে ইয়াৰ শিপাবোৰত ৰাইজ’বিয়াম নামেৰে জনাজাত এবিধ মাটিৰ বেক্টেৰিয়াৰ সৈতে সহজীৱী সম্পৰ্ক গঠন কৰে, যিয়ে বায়ুমণ্ডলীয় নাইট্ৰ’জেনক উদ্ভিদৰ ব্যৱহাৰযোগ্য ৰূপলৈ ৰূপান্তৰিত কৰে (এটা প্ৰক্ৰিয়াক নাইট্ৰজেন স্থায়ীকৰণ বুলি কোৱা হয়), সেয়েহে এই উদ্ভিদবিধক নাইট্ৰজেন সমৃদ্ধ উদ্ভিদ পদাৰ্থৰ পচনৰ জৰিয়তে মাটিৰ গুণাগুণ উন্নত কৰাৰ বাবেও ব্যৱহাৰ কৰা হয়।
ৰসায়ন বিদ্যা
অপৰাজিতাৰ পৰা বিভিন্ন ট্ৰাইটাৰ্পেন'ইড, ফ্লেভনল গ্লাইকোচাইড, এন্থ'চাইনিন আৰু ষ্টেৰইড আদি ৰাসায়নিক যৌগ পৃথক কৰা হয়। ক্লিঅ'টাইড নামেৰে জনাজাত চক্ৰীয় পেপটাইডো ইয়াৰ পৰা নিষ্কাশন কৰা হৈছে।১ অপৰাজিতাৰ নীলা ৰং বিভিন্ন এন্থ'চাইনিনৰ বাবে সৃষ্টি হয় বিশেষকৈ ডেলফিনিডিন 3,3', 5'-ট্ৰাইগ্লুক'চাইড (Da-T)ৰ পলিএচিলেটেড ডেৰাইভেটিভ টাৰ্নেটিনৰ বাবে।২৩৪
ব্যুৎপত্তি
ক্লিট'ৰিয়া (Clitoria) গণৰ নামটো "ক্লিট'ৰিছ" (clitoris)ৰ পৰা উদ্ভৱ হৈছে, কাৰণ এই গণৰ অন্তৰ্গত ফুলবোৰৰ আকৃতি মানুহৰ ভগাংকুৰৰ আকৃতিৰ সৈতে সাদৃশ্য দেখা পোৱা যায়। ১৬৭৮ চনত পোলেণ্ডৰ এজন প্ৰকৃতিবিদ জেকব ব্ৰেইনে এই প্ৰজাতিটোৰ বিষয়ে প্ৰথম উল্লেখ কৰিছিল৷ তেওঁ ইয়াক Flos clitoridis ternatensibus অৰ্থাৎ 'ক্লিট'ৰিছৰ টেৰ্নেটিয়ান ফুল' বুলি বৰ্ণনা কৰিছিল।৫৬ উদ্ভিদবিদ কাৰ্ল লিনিয়াছে নমুনা আহৰণ কৰা দ্বীপটোৰ নামেৰে এই প্ৰজাতিৰ নামকৰণ কৰিছিল: মালুকু দ্বীপপুঞ্জৰ উত্তৰ অংশত অৱস্থিত টাৰ্নেট দ্বীপ (Ternate Island)।৭
বিতৰণ
নয়নতৰা দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াকে ধৰি বিষুৱীয় এছিয়াৰ স্থানীয় উদ্ভিদ যদিও আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু আমেৰিকাতো পোৱা যায়।
কৃষি
নয়নতৰা কোনো ধৰণৰ গুৰুতৰ কীট-পতংগ বা ৰোগৰ আক্ৰান্ত নহয় বাবে সহজে খেতি কৰিব পাৰি।৮৯
কীট-পতংগ
পলু,৮ বগা মাখি,৮৯১০ আৰু মকৰা দ্বাৰা খুব কমেইহে এই উদ্ভিদ আক্ৰান্ত হয়।৯১০
ৰোগসমূহ
এন্থ্ৰেকন'জ আৰু বেক্টেৰিয়াৰ এই উদ্ভিদৰ পচন ৰোগ সৃষ্টি কৰে।১০ ভেঁকুৰৰ দ্বাৰা শিপাৰ পচনত খুব কমেইহে আক্ৰান্ত হয়।৯
ব্যৱহাৰ
এই ফুল প্ৰাকৃতিক আঁহৰ ৰঞ্জক হিচাপে ব্যৱহাৰ কৰা হয় আৰু এছিয়াৰ পৰম্পৰাগত সমাজে ইয়াক ব্যৱহাৰ কৰে।
বহিঃসংযোগ
- (২১ এপ্ৰিল ২০১৯). Plant of the Week—Clitoria ternatea
- (২১ এপ্ৰিল ২০১৯). Clitoria ternatea. Tropical Forages
তথ্যসূত্ৰ
- ↑ Nguyen, GK; Zhang, S; Nguyen, NT. (Jul 2011). Discovery and characterization of novel cyclotides originated from chimeric precursors consisting of albumin-1 chain a and cyclotide domains in the Fabaceae family. J Biol Chem. পৃ. 24275–87
- ↑ Terahara, Norihiko; Saito, Norio; Honda, Toshio. (1990-01-01). Acylated anthocyanins of Clitoria ternatea flowers and their acyl moieties. Phytochemistry. পৃ. 949–953
- ↑ Terahara, Norihiko; Oda, Masahiro; Matsui, Toshiro. (1996-01-01). Five New Anthocyanins, Ternatins A3, B4, B3, B2, and D2, from Clitoria ternatea Flowers. Journal of Natural Products. পৃ. 139–144
- ↑ Terahara, Norihiko; Saito, Norio; Honda, Toshio. (1990-01-01). Structure of ternatin A1, the largest ternatin in the major blue anthocyanins from clitoria ternatea flowers. Tetrahedron Letters. পৃ. 2921–2924
- ↑ Fantz, Paul R. (2000). Nomenclatural Notes on the Genus Clitoria for the Flora North American Project. Castanea. পৃ. 89–92
- ↑ Breyne, Jakób. (1678). Exoticarum aliarumque minus cognitarum plantarum centuria prima. David-Fridericus Rhetius
- ↑ Oguis, Georgianna K.; Gilding, Edward K.; Jackson, Mark A. (28 May 2019). Butterfly Pea (Clitoria ternatea), a Cyclotide-Bearing Plant with Applications in Agriculture and Medicine. Frontiers in Plant Science. পৃ. 645
- ↑ (2021-08-19). Clitoria ternatea (Pale Blue). NParks Singapore
- ↑ Blackstone, Victoria Lee. (2012-12-06). How to Make Blue Pea Vines Bloom. SF Gate
- ↑ Clitoria ternatea. Plant Finder. Missouri Botanical Garden
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপৰাজিতা” প্ৰবন্ধৰ সংশোধন ৬২৪৪৪২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।