কদম (বৈজ্ঞানিক নাম: Neonauclea cadamba ) ভাৰতৰ ঘাইকৈ অসম, পশ্চিমবংগ, আন্দামান দ্বীপপুঞ্জ,আৰু বাংলাদেশৰ এক সাধাৰণ গছ। নীপ, বৃত্তপুষ্প, মেঘাগমপ্ৰিয়, কৰ্ণপূৰক, ভৃঙ্গবল্লভ, মঞ্জুকেশিনী, পুলকি, সৰ্ষপ, প্ৰাবৃষ্য, ললনাপ্ৰিয়, সুৰভি, সিন্ধুপুষ্প ইত্যাদি বিভিন্ন নামেৰে কদম জনাজাত।১
বৰ্ণনা

কদম দীৰ্ঘাকৃতি, বহুশাখাবিশিষ্ট বিশাল বৃক্ষ বিশেষ। সৌন্দৰ্য্যবৰ্ধক বৃক্ষৰ ভিতৰত কদম অন্যতম। কদমৰ কাণ্ড সৰল, উন্নত, ধূসৰৰ পৰা প্ৰায় ক'লা বৰণৰ। শাখা অজস্ৰ আৰু ভূমিৰ সমান্তৰালত প্ৰসাৰিত। পাতবোৰ বিশাল, ডিম্বাকৃতি, উজ্বল-সেউজীয়া, তেলেতীয়া। উপপত্ৰক অত্যন্ত ক্ষণস্থায়ী। নিবিড় পত্ৰবিন্যাসৰ বাবে কদম ছাঁ অতি ঘন। শীতকালত কদমৰ পাত সৰে আৰু বসন্ত কালত কুঁহি পাত উলায়। সাধাৰণতে পৈণত পাতৰ অপেক্ষাত কুঁহি পাতবোৰ বৰ সৰু। কদমৰ এক সম্পূৰ্ণ মঞ্জৰীক সাধাৰণতৰে ফুল বুলিয়ে কোৱা হয়। তাতে বলৰ নিচিনা গোলাকাৰ, পুষ্পবিন্যাসত অজস্ৰ সৰু সৰু ফুলৰ বিকীৰ্ণ বিন্যাস। পূৰ্ণ প্ৰস্ফুটিত মঞ্জৰীৰ ৰং বগা-হালধিয়া। প্ৰতিটো ফুল খুবই সৰু, বৃতি বগা, দল হালধীয়া, পৰাগচক্ৰ বগা আৰু বহিৰ্মুখী, গৰ্ভদণ্ড দীঘল। ফুলৰ উগ্ৰ গোন্ধ আছে। পৰাগযোগ ঘাইকৈ বাদুলিৰ দ্বাৰা হয়। ফলবোৰ মঙহাল, আৰু টেঙা।২


ব্যৱহাৰ
কদম গছৰ বৃদ্ধি অত্যন্ত দ্ৰুত। ইয়াৰ কাঠ জ্বলনশীল হোৱাৰ বাবে খৰি হিচাপে ব্যৱহাৰ কৰিবলৈ ইয়াক ৰোপন কৰা হয়। কাঠ বগা আৰু অতি নৰম। নৰম কাঠ বাকচ আদি সাজিবলৈ আৰু জুইশলা শিল্পত ব্যৱহাৰ কৰা হয়। ফুলৰ পৰা সুগন্ধি দ্ৰব্য নিষ্কাষন কৰা হয়। ছাল জ্বৰৰ ঔষধ হিচাপেও উপকাৰী।২ ভগৱান শ্ৰী কৃষ্ণৰ লগত কদম গছৰ সম্পৰ্ক আছে।
তথ্যসূত্ৰ
- ↑ এল বৰ্ষাৰ দূত ,আশীষ-উৰ-ৰহমান, দৈনিক প্ৰথম আলো। ঢাকাৰ পৰা প্ৰকাশিত তাৰিখ: ০৮-০৬-২০১৩ খ্ৰিষ্টাব্দ।
- ↑ শ্যামলী নিসৰ্গ, দ্বিজেন শৰ্মা, বাংলা একাডেমী, ঢাকা।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কদম” প্ৰবন্ধৰ সংশোধন ৫৪০৫৬৮ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।