ফুল
৫১ প্ৰবন্ধ
-
কঠনা ফুল
কঠনা ফুল (Pinwheel Flower, Crape Jasmine, East India Rosebay and Nero's Crown) হৈছে এবিধ চিৰসেউজীয়া উদ্ভিদ প্ৰজাতি। হাবিত গজে বাবে ইয়াক বন-তগৰ বুলিও কোৱা হয়। ইয়াৰ ফুল গন্ধহীন আৰু সুগন্ধি উভয়েই হ’ব পাৰে, পাতৰ কাষ বা ডালৰ আগত বগা ফুলৰ থুপিয়ে গছ ভৰি থাকে।
-
কৰবী ফুল
কৰবী ফুল হৈছে কাছ্কাবেলা গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই মেক্সিকো আৰু মধ্য আমেৰিকাৰ থলুৱা উদ্ভিদ। ই এবিধ বিষাক্ত উদ্ভিদ যদিও সমগ্ৰ বিশ্বতে আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়।
-
খৰিকা লতা
খৰিকা লতা হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে।
-
গধূলিগোপাল
গধূলিগোপাল (Mirabilis jalapa) বা Four O'Clock Flower বা Marvel of Peru এক প্ৰকাৰৰ গুল্ম জাতীয় আলংকাৰিক ফুল গছ। বিভিন্ন ৰঙৰ গধূলিগোপাল পোৱা যায়। লেটিন ভাষাত Mirabilis মানে "আশ্চৰ্য্যকৰ" আৰু jalapa হৈছে মধ্য আৰু উত্তৰ আমেৰিকাৰ এক ঠাইৰ নাম। ১৫৪০ চনত গধূলিগোপাল পেৰুৰ পৰা আমদানি কৰা হৈছিল।
-
চন্দ্ৰমল্লিকা ফুল
চন্দ্ৰমল্লিকা হৈছে ইৰিডেচি পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। স্পেনিছ ভাষীৰ মাজত এই উদ্ভিদজোপাক লাগ্ৰিমাছ ডে লা ভিৰজেন ("কুমাৰীৰ চকু পানী") বুলি বিখ্যাত। অন্য ইলোথেৰাইন (Eleutherine) প্ৰজাতিৰ দৰেই চন্দ্ৰমল্লিকাৰ শিপা টেমুনাযুক্ত; পাতৰ আকাৰ ডাঙৰ; আৰু সৰু, বগা সন্ধিয়া সময়ত ফুলা ফুল ফুলে।
-
চীনা গোলাপ
ৰ’জা চাইনেন্ছিছ, ইংৰাজীত সাধাৰণতে চাইনা ৰ’জ বা চাইনিজ ৰ’জ নামেৰে পৰিচিত। ই ৰ’জা বা গোলাপ গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ই দক্ষিণ পশ্চিম চীনৰ এক থলুৱা উদ্ভিদ। আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়। ই এবিধ গুল্মজাতীয় উদ্ভিদ। উচ্চতা প্ৰায় ১–২ মিটাৰ। ফুলৰ পাঁচটা পাহি থাকে।
-
জুহি ফুল
জুহি ফুল হৈছে অ’লেচিয়া পৰিয়ালৰ অন্তৰ্গত জেছ্মিনৰ এটা প্ৰজাতি। ইয়াক ভাৰত, নেপাল, শ্ৰীলংকা, ভুটান আৰু আন্দামান দ্বীপপুঞ্জত পোৱা যায়। ইয়াৰ ফুলত থকা অতি দৰকাৰী তেলৰ বাবে ভাৰত আৰু থাইলেণ্ডত ইয়াৰ ব্যৱসায়িকভাৱে কৃষি কৰা হয়। ভাৰতত ইয়াক সৌন্দৰ্য বৰ্দ্ধন আৰু উৎসৱত ব্যৱহাৰ কৰা হয়।
-
ডেণ্ড্ৰ'বিয়াম
ডেনদ্ৰবিয়াম (Dendrobium) অৰ্কিডৰ এটা বৃহৎ গণ যাক Olof Swartz নামৰ চুইদিছ উদ্ভিদ বিজ্ঞানী এজনে ১৭৯৯ খীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল আৰু আজি ইয়াৰ প্ৰায় ১২০০ প্ৰজাতি পোৱা যায়।
-
নয়নতৰা
নয়নতৰা অসমত পোৱা এক সাধাৰণ ফুল গছ। ইয়াৰ গুলপীয়া বা বগা পাঁচ পাহিৰ ফুল বোৰৰ বাবে পৰিচিত। বৈজ্ঞানিক নাম Catharanthus roseus, ই Apocynaceae (dogbane, অথবা oleander) পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
নীল কলমৌ
নীল কলমৌ ইপমিয়া মৰ্ণিং গ্লৰিৰ এটা প্ৰজাতি। ই নাতিহিতোষ্ণ অঞ্চলৰ থলুৱা উদ্ভিদ। ই প্ৰায় সমগ্ৰ বিশ্বতে বিস্তৃত হৈ থকা এটা প্ৰজাতি। ইয়াৰ অন্য সাধাৰণ নামবোৰ হৈছে, পিকটি মৰ্ণিং গ্লৰি (picotee morning glory), আইভি মৰ্ণিং গ্লৰি (ivy morning glory), আৰু জাপানীজ মৰ্ণিং গ্লৰি (Japanese morning glory)।
-
নীলকণ্ঠ ফুল
নীলকণ্ঠ হৈছে একান্থেচিয়া পৰিয়ালৰ অন্তৰ্গত এক্বলিয়ামৰ এটা প্ৰজাতি। বাংলাদেশ, ভাৰত আৰু শ্ৰীলংকাত পোৱা যায়। ইয়াক ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়।
-
নীলা ভান্দা (অৰ্কিড)
নীলা ভান্দা ( Blue Vanda, বৈজ্ঞানিক নাম: Vanda coerulea), এবিধ অৰ্কিডৰ প্ৰজাতি। ইয়াৰ বিস্তৃতি অসম আৰু দাতিকাষৰীয়া খাচী পাহাৰৰ পৰা আৰম্ভ কৰি চীনৰ য়ুন্নান প্ৰদেশলৈকে। এই ফুলক মেইতেই ভাষাত কাকলেই, মিজো ভাষাত অক্টোবৰ আৰু সংস্কৃত ভাষাত ভন্দাৰ বুলিও জনা যায়।
-
নৱমল্লিকা ফুল
নৱমল্লিকা হৈছে এবিধ সপুষ্পক উদ্ভিদ। ডালবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ নোমেৰে আবৰা। পাত বিপৰীতমুখী, সৰল, ১৮ চেমিলৈকে দীঘল আৰু ১০ চেমিলৈকে বহল। বগা ৰঙৰ ৮ বা ৯ পাহিযুক্ত ফুল ফুলে। এপ্ৰিল-মে মাহত ফুল ফুলে।
-
পানিকা ফুল
পানিকা ফুল মেক্সিকো, গোৱাটিমালা আৰু হুন্দুৰাছৰ থলুৱা চিৰসেউজীয়া সৰু গুল্মজাতীয় উদ্ভিদ।
-
লতা কৰৱী
লতা কৰৱী ক, ইংৰাজীত সাধাৰণতে গল্ডেন ট্ৰাম্পেট (golden trumpet)কমন ট্ৰামপেটভাইন (common trumpetvine), ই কেনভানাছ, পোৱেৰ্ট ৰিকৰ চৰকাৰী ফুল। বাংলা ভাষাত ইয়াক অলকানন্দা বুলি কোৱা হয়।
-
স্থলপদ্ম
স্থলপদ্ম (Land Lotus) হৈছে Malvaceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ যাৰ বৈজ্ঞানিক নাম হিবিস্কাছ মিউটাবিলিছ (Hibiscus Mutabilis)। ফুলৰ বাবে ইয়াৰ খেতি কৰা হয়। স্থলপদ্ম মূলতঃ দক্ষিণ চীনৰ থলুৱা ফুল। ই এতিয়া এণ্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে পোৱা যায়।
-
ৰক্তমল্লিকা
ৰক্তমল্লিকা, সাধাৰণ নাম গ্লব অমৰনাথ (globe amaranth), মখমলি (makhmali), আৰু বেদমালি (vadamalli), অমৰনাথেচি পৰিয়ালৰ অন্তৰ্গত এবিধ খাদ্য উপযোগী ফুল আৰু উদ্ভিদ। গোলাকাৰ ফুলপাহ মাৰ্জেণ্টা, বেঙুনীয়া, ৰঙা, কমলা, বগা, গুলপীয়া আদি ভিন্ন বৰণৰ হোৱা দেখা যায়।
-
ৰাঙল ফুল
ৰাঙল ফুল বা ইক্সৰা হৈছে ৰুবিয়েছী (Rubiaceae) পৰিয়ালৰ অন্তৰ্গত সপুষ্পক উদ্ভিৰ এটা গণ। ইক্সৰিয়া (Ixoreae) জাতিৰ ই একমাত্ৰ গণ। এই গণৰ প্ৰায় ৫৬২ টা প্ৰজাতি আছে। ই এক প্ৰকাৰৰ চিৰসেউজীয়া আৰু জোপোহা উদ্ভিদ। ইয়াক অসমীয়াত ৰাঙল বা ৰঙীয়াল ফুল বুলি কয়।
-
ৰেৱতী ফুল
ৰেৱতী ফুল হৈছে Fabaceae পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ইয়াক ইংৰাজীত ‘ৰেড কেচিয়া’ (Red cassia), ‘ৰক্সবাৰ্ঘছ কেছিয়া’ (Roxburgh's cassia), আৰু ‘চাইক্লন ছেন্না’ (Ceylon senna) বোলি কয়। ই দক্ষিণপূৱ এছিয়া আৰু ভাৰত উপমহাদেশৰ থলুৱা উদ্ভিদ। ইয়াক সমগ্ৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত পোৱা যায়।
-
পুষ্প-শস্য বিজ্ঞান
পুষ্প-শস্য বিজ্ঞান (Floriculture, floris + culture-ৰপৰা উৎপত্তিপ্ৰাপ্ত) বা ফ্লʼৰিকালচাৰ হৈছে দৃষ্টিনন্দন, বৰ্ণিল তথা ভক্ষণযোগ্য পুষ্প আৰু পত্ৰ উৎপাদনকাৰী উদ্ভিদসমূহৰ দক্ষ উৎপাদন সম্পৰ্কীয় বিজ্ঞানসন্মত অধ্যয়ন। ই সমগ্ৰ বিশ্বতে প্ৰচলিত উদ্যানবিদ্যা আৰু কৃষিকৰ্মৰ এক বাণিজ্যিকভাৱে সফল শাখা।
-
ৰেফ্লেছিয়া আৰ্ণল্ডি
ৰেফ্লেছিয়া আৰ্ণল্ডি (Rafflesia arnoldii) , মৃতদেহ ফুল বা বিশাল পদ্ম এবিধ পৰজীৱী প্ৰজাতিৰ এবিধ সপুষ্পক উদ্ভিদ। ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ একক ফুল উৎপাদনৰ বাবে বিখ্যাত। ইয়াৰ পচা মাংসৰ দৰে প্ৰবল আৰু অপ্ৰীতিকৰ গোন্ধ থাকে। ই সুমাত্ৰা আৰু বৰ্নিওৰ বৰ্ষাৰণ্যৰ থলুৱা প্ৰজাতি।