খাদ্য
২৩৪ প্ৰবন্ধ
-
কিনেমা
কিনেমা হৈছে কিম্বন কৰা সৰিয়হৰ খাদ্য। এয়া পূব হিমালয় অঞ্চলৰ কিৰাট সম্প্ৰদায় তথা পূব নেপাল, আৰু ভাৰতৰ দাৰ্জিলিং, কালিম্পং আৰু চিকিম অঞ্চলৰ লোকে প্ৰস্তুত কৰা খাদ্য। কিনেমাক কিনামা বুলিও কোৱা হয় আৰু এয়া লিম্বু জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য।
-
কুকু
কুকু বা কুক (পাৰ্চী ভাষাত: کوکو ) কণীৰ লগত বিভিন্ন উপাদান মিহলাই তৈয়াৰ কৰা ইৰানৰ ব্যঞ্জন। এই ব্যঞ্জণ ইটালীৰ ফ্ৰিটাটা, ফৰাচী কুইচ বা মুকলি মুখৰ অমলেটৰ দৰেই, কিন্তু ইয়াত সাধাৰণতে ফ্ৰিটাটাতকৈ কম কণী থাকে আৰু কম জুইত কম সময়ৰ বাবে সিজোৱা হয়, তাৰ পিছত ওপৰৰ স্তৰটো লুটিয়াই লৈ সজাই পৰিৱেশণ কৰা হয় বা…
-
কুলচা
কুলচা পাৰ্চী ভাষাত ঘূৰণীয়া পিৰিচৰ আকৃতিৰ ফোঁপোলা ৰুটিৰ বাবে ব্যৱহাৰ কৰা এটা শব্দ। ভাৰতত এই শব্দটো সাধাৰণতে নিয়মীয়া ইংৰাজী ৰুটি (যিখন ঘূৰণীয়া প্লেট আকৃতিৰ)ৰ বাবে ব্যৱহাৰ কৰা হয়।
-
কেঁকোৰাৰ তৰকাৰী
কেঁকোৰাৰ তৰকাৰী (ইংৰাজী: Crab curry; পৰ্তুগীজ: caril de caranguejo) হৈছে এক পৰম্পৰাগত ভাৰতীয় সামুদ্ৰিক খাদ্য, যাক পিছলৈ পৰ্তুগীজসকলে নিজৰ ৰন্ধনশৈলীত অন্তৰ্ভুক্ত কৰিছিল।
-
কেটুপাত
কেটুপাত (ইণ্ডোনেছীয় আৰু মালয় ভাষাত), কূপাট (জাভানীজ আৰু ছুডানীজ ভাষাত) বা টিপাট (বালিনীজ ভাষাত) এৰিকেচিয়া বা খেজুৰ গছৰ পাতেৰে বোৱা হীৰাৰ আকৃতিৰ টোপোলাত মেৰিওৱা এবিধ জাভানীজ চাউলৰ পিঠা। কেটুপাতৰ উৎপত্তিস্থল ইণ্ডোনেছিয়া যদিও ব্ৰুনেই, মালয়েছিয়া, ছিংগাপুৰ আৰু দক্ষিণ থাইলেণ্ডতো ইয়াক পোৱা যায়।
-
কোফটা
কোফটা (kofta) মিটবল বা মিটলফ হৈছে দক্ষিণ এছিয়া, মধ্য এছিয়া, বাল্কন, মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, আৰু দক্ষিণ ককেচীয়ান অঞ্চলত সচৰাচৰ খাদ্যৰ একপ্ৰকাৰৰ ব্যঞ্জন। সৰলতম ৰূপত কোফটা হৈছে কুটি লোৱা মাংসৰ বল।
-
ক’লা নহৰু
ক’লা নহৰু (Black garlic) হৈছে এবিধ বুঢ়া নহৰু যাৰ ৰং গভীৰ বাদামী-ক’লা। ই পূব এছিয়াৰ মূলৰ। ইয়াক (এলিয়াম চেটিভাম) কেইবা সপ্তাহ উষ্ণ, আৰ্দ্ৰ, নিয়ন্ত্ৰিত পৰিৱেশত ক'লা নহৰু প্ৰস্তুত কৰা হয় – ই এক মেইলাৰ্ড প্ৰক্ৰিয়া যিয়ে ক’লা নহৰু উৎপন্ন কৰে আৰু যাৰ টেঙা সোৱাদ সাধাৰণ নহৰুৰ পৰা পৃথক।
-
খাজা
খাজা বা খাজুৰী হৈছে ভাৰতীয় তেলত ভজা পেষ্ট্ৰি, সাধাৰণতে ফল-মূলেৰে ভৰাই বা চেনিৰ চিৰাপেৰে তিয়াই থোৱা হয়।
-
খাদ্য বিজ্ঞান
খাদ্য বিজ্ঞান হৈছে খাদ্যৰ মৌলিক বিজ্ঞান আৰু প্ৰয়োগিক বিজ্ঞান-ইয়াৰ পৰিসৰ কৃষি বিজ্ঞান আৰ্দ্ৰ পুষ্টি বিজ্ঞানৰ সৈতে অতিৰিক্তভাৱে আৰম্ভ হয় আৰু খাদ্য সুৰক্ষা আৰু ফুড প্ৰচেছিংৰ বৈজ্ঞানিক দিশবোৰৰ মাজেৰে আগবাঢ়ি যায়, যি খাদ্য প্ৰযুক্তি বিকাশক অৱগত কৰে। খাদ্য বিজ্ঞানে একাধিক বৈজ্ঞানিক শাখাক একত্ৰিত কৰে।
-
খিচড়ী
খিচড়ী (ইংৰাজী: Kichadi) হৈছে কেৰালাৰ ৰন্ধনশৈলীত ব্যৱহৃত পাচড়ীৰ এবিধ টেঙা সংস্কৰণ। এই টেঙা ব্যঞ্জনবিধ দৈ, বটা জিৰাৰ পেষ্ট আৰু তিয়ঁহ বা কোমোৰাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। শেষত ইয়াৰ ওপৰত তেলত ভজা সৰিয়হ গুটি আৰু নৰসিংহ পাত ছটিয়াই সজোৱা হয়। খিচড়ী প্ৰায়ে সদ্যা ভোজৰ অংশ হিচাপে পৰিৱেশন কৰা হয়।
-
গাজৰৰ হালোৱা
গজৰৰ হালোৱা (Gajar Ka Halwa) হৈছে ভাৰতীয় উপমহাদেশৰ এটা গাজৰ-আধাৰিত মিঠা পুডিং। ইয়াক এক নিৰ্দিষ্ট পৰিমাণৰ পানী, গাখীৰ, চেনী, ৰুকা গাজৰ আৰু ইলাচী পাত্ৰ এটাত আৰু তাৰ পিছত নিয়মীয়াকৈ লৰাই ৰন্ধাৰ দ্বাৰা তৈয়াৰ কৰা হয়। ইয়াক প্ৰায়ে কাঠবাদাম আৰু পিস্তাৰ সজ্জাৰ সৈতে পৰিৱেশন কৰা হয়।
-
গাটা (খাদ্য)
গাটা এবিধ আৰ্মেনিয়ান পেষ্ট্ৰি বা মিঠা ৰুটি। আৰ্মেনিয়াত গাটাৰ বহুতো প্ৰকাৰ দেখা যায়। সাধাৰণতে, নিৰ্দিষ্ট চহৰ বা অঞ্চলৰ নিজস্ব সংস্কৰণ থাকে। ইয়াক বিভিন্ন আকৃতি, আকাৰত পোৱা যায় আৰু ইয়াক সজাই তোলা বা অলংকৃত কৰি ৰখা হ’ব পাৰে। বহু আগতে গাটা টোনিৰত বেক কৰা হৈছিল যদিও এতিয়া অভেনত বেক কৰা হয়।
-
গাহৰিৰ খুৰাৰ ৰেচিপি
গাহৰিৰ খুৰা (pig's trotter), যাক pettitoe বুলিও কোৱা হয়, গাহৰিৰ ঠেঙেৰে গঠিত খাদ্যোপযোগী অংশ, যাক বিশ্বজুৰি বিভিন্ন খাদ্যবিধত পৰ্কৰ এক কাট হিচাপে ব্যৱহাৰ কৰা হয়। ২০০০ চনৰ শেষ তিনি দশকত ইয়াৰ পুনৰ জনপ্ৰিয়তা দেখা গৈছিল।
-
গাহৰিৰ তেজৰ দৈ
গাহৰিৰ তেজৰ দৈ (চীনা: 豬紅), যাক "ব্লাড টফু" (blood tofu) বা "ব্লাড পুডিং" (blood pudding) (চীনা: 血豆腐) বুলিও জনা যায়, হৈছে চীনৰপৰা উৎপত্তি হোৱা এক জনপ্ৰিয় সুস্বাদু খাদ্য। ইয়াক সাধাৰণতে কাৰ্ব'হাইড্ৰেটযুক্ত খাদ্য যেনে নূডলছ বা জাউৰ সৈতে পৰিৱেশন কৰা হয়।
-
গুঝিয়া (পিঠা)
গুঝিয়া, যাক গুঘাৰা, পেডাকিয়া, পুৰুকীয়া, কৰণজী, কজ্জিকায়ালু, সোমাছ আৰু কাৰ্জিকায়ী বুলিও কোৱা হয়, ভাৰতীয় উপমহাদেশৰ এক জনপ্ৰিয় মিঠাই।
-
গুম্বো
গুম্বো (Gumbo) হৈছে আমেৰিকাৰ উপসাগৰীয় উপকূল সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় এক প্ৰকাৰৰ জোল। আমেৰিকাৰ ৰাজ্য লুইজিয়ানাৰ নিউ অৰলিন্স জোল হৈছে এবিধ ৰাজ্যিক আহাৰ। গুম্বো এবিধ তিব্ৰ সোৱাদযুক্ত বিলাহী, জলকীয়া, পিঁয়াজে, মাংস বা সাগৰীয় মাছ বা কেতিয়াবা দুয়োটাৰ পৰা ঘনকৈ তৈয়াৰ কৰা জোল।
-
গোৱাৰ খাদ্য
গোৱাৰ খাদ্য (Goan cuisine) হৈছে ভাৰতৰ পশ্চিম পাৰত আৰব সাগৰৰ উপকূলৰ কাষত অৱস্থিত ভাৰতীয় ৰাজ্য গোৱাৰ জনপ্ৰিয় আঞ্চলিক খাদ্য। চাউল, সাগৰীয় মাছ, নাৰিকল, শাক-পাচলি, মাংস, ৰুটি, গাহৰিৰ মাংস আৰু স্থানীয় মছলা আদি গোৱাৰ খাদ্যৰ কিছুমান মূল উপাদান। থেকেৰা টেঙা আৰু ভিনেগাৰৰ ব্যৱহাৰ আন এটা সুকীয়া বৈশিষ্ট্য।
-
গ্ৰেনলা
গ্ৰেনলা (granola) হৈছে এক প্ৰকাৰৰ খাদ্য, যি সাধাৰণতে ওটছ, বাদাম, শুকোৱাৰ ফল আৰু মধু বা আন কিছুমান মিষ্টান্ন পদাৰ্থৰ সৈতে মিশ্ৰিত কৰি প্ৰস্তুত কৰা হয়। ইয়াক সাধাৰণতে বেক কৰা হয় যাতে উপাদানবোৰ অলপ কঢ়িয়াই উঠে আৰু মচমচীয়া হয়।
-
ঙাপি
ঙাপি ( Ngapi) ব্ৰহ্মদেশৰ বৰ্মা জাতিৰ এবিধ পৰম্পৰাগত জনপ্ৰিয় খাদ্য। ঙাপি শব্দৰ অৰ্থ “হেঁচা দি থোৱা মাছ’’। কেঁচা মাছ বিভিন্ন কৌশলেৰে গেলাই ঙাপি প্ৰস্তুত কৰা হয়। ই তিনিপ্ৰকাৰৰ। সাধাৰণতে, মাছ বা মিছামাছৰ পৰা তৈয়াৰী ই এটা তিতা পেষ্ট।
-
চয়াবিন
চয়াবিন হৈছে এক প্ৰকাৰৰ মাহজাতীয় উদ্ভিদ। ই হৈছে পূব এছিয়াৰ স্থানীয় উদ্ভিদ। ই এবিধ একবাৰ্ষিক উদ্ভিদ। অতিৰিক্ত চৰ্বিহীন চয়াবিনেৰে তৈয়াৰ কৰা খাদ্য হৈছে প্ৰয়োজনীয় প্ৰ'টিনৰ প্ৰাথমিক উৎস।
-
চাঁছ
"চাঁছ হৈছে সমগ্ৰ ভাৰতীয় উপমহাদেশতে জনপ্ৰিয় এবিধ পানীয। ইয়াক দৈৰ পৰা প্ৰস্তুত কৰা হয়।মগাহিত ইয়াক মাথা বুলি কোৱা হয় ৷ ৰাজস্থানীত ইয়াক ঘোল, ওডিয়াত ঘোল/চাঁ।ছ, তামিল আৰু মালয়ালমত মৰু, মাৰাঠীত টাক,, তুলুত আলে (এ-লেই) আৰু বাংলা ভাষাত ঘোল বুলি কোৱা হয়।
-
চাউ মিন
চাউ মিন ভজা নুডল। এই নাম টাইচানিজ ভাষাৰ চাউ-মিঙৰ ইংৰাজীকৃত ৰূপ। এই খাদ্য প্ৰবাসী চীনাসকলৰ মাজত অতিকৈ জনপ্ৰিয় আৰু ই প্ৰায় চীনা ভোজনালয়সমূহৰ খাদ্য তালিকাৰ অন্তৰ্গত। ই বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, নেপাল, আৰু ভাৰতত জনপ্ৰিয়।
-
চিকেন চুপ
চিকেন চুপ ( Chicken soup) হৈছে কুকুৰাৰ পৰা তৈয়াৰী, পানীত উতলাই, সাধাৰণতে আন বিভিন্ন সামগ্ৰীৰ সৈতে তৈয়াৰী চূপ। ক্লাছিক চিকেন চুপত স্পষ্ট চিকেন ব্ৰথ থাকে, প্ৰায়ে চিকেন বা শাক-পাচলিৰ টুকুৰাৰে; সাধাৰণ সংযোজন হ'ল পাস্তা, নুডলছ, ডাম্পলিং, বা শস্য যেনে চাউল আৰু বাৰ্লি।
-
চুকৌনী
চুকৌনী বা চুকাউনী হৈছে নেপালৰ পাল্পা জিলাত উদ্ভৱ হোৱা আলুৰপৰা তৈয়াৰ কৰা আচাৰৰ এটা স্বাদিষ্ট পৰম্পৰাগত নেপালী খাদ্য। এই আচাৰটো সিজোৱা আলুত দৈ, পিঁয়াজ, ধনিয়া আৰু মচলা লগাই তৈয়াৰ কৰা হয়। সাধাৰণতে ৰুটি, চেল ৰুটি, নাইবা ভাতৰ সৈতে ইয়াক খোৱা হয়।
-
চুশ্বি
চুশ্বি (しし, 寿司, 鮨, 鮓 ) হৈছে ভিনেগাৰযুক্ত চাউলৰ (চুশ্বি-মেশ্বি) পৰা প্ৰস্তুত কৰা এবিধ জাপানী খাদ্য। সাধাৰণতে কিছু চেনি আৰু নিমখৰ সৈতে, বিভিন্ন ধৰণৰ উপাদান যেনে সাগৰীয় খাদ্য আৰু শাক-পাচলিৰ সৈতে ইয়াক প্ৰস্তুত কৰা হয়।
-
চেনপি
চেনপি, চেন পি বা চিমপি চীনা ৰন্ধনশৈলীৰ পৰম্পৰাগত মচলা আৰু পৰম্পৰাগত চিকিৎসাত ব্যৱহাৰ কৰা ৰ'দত শুকুৱাই লোৱা মেণ্ডাৰিন কমলাৰ বাকলি। বাকলিবোৰ শুকান অৱস্থাত সংৰক্ষণ কৰি ইয়াক পুৰণি কৰা হয়। ইয়াৰ সোৱাদ প্ৰথমতে অলপ মিঠা, কিন্তু পিছৰ সোৱাদ তীক্ষ্ণ আৰু তিতা। চীনা ভেষজবিদ্যা অনুসৰি ইয়াৰ প্ৰকৃতি উষ্ণ।
-
ছাকে
ছাকে (Sake) হৈছে জাপানত তৈয়াৰ হোৱা এবিধ চাউলৰ সুৰা। ই হৈছে চাউল কিণ্বন কৰি তৈয়াৰ কৰা জাপানী মূলৰ এবিধ সুৰাযুক্ত পানীয় যাক ব্ৰাণ আঁতৰাবলৈ পালিশ কৰা হয়। এই জাপানী চাউলৰ ছাকে বীয়েৰৰ দৰে এক ব্ৰিউয়িং প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰা হয়।
-
ছাগলীৰ তৰকাৰী
ছাগলীৰ তৰকাৰী (Goat curry), ছাগলীৰ মাংসৰে প্ৰস্তুত কৰা ৰন্ধা খাদ্য, ই ভাৰত উপমহাদেশৰ পৰা উৎপত্তি হৈছে। ই দক্ষিণ-পূব এছিয়াৰ খাদ্য, কেৰিবিয়ান খাদ্য, ভাৰত উপমহাদেশৰ খাদ্যৰ মূল খাদ্য।
-
ছায়ংছং
ছায়ংছং: Sayongsong, হৈছে ফিলিপাইনছৰ পৰম্পৰাগত ভাপত দিয়া মিঠা চাউলৰ কেক যিটো শঙ্কু আকৃতিৰ কলৰ পাতত সুকীয়াভাৱে পৰিবেশন কৰা হয়। ই উত্তৰ-পূব মিন্দানাওৰ চুৰিগাও ডেল নৰ্টে আৰু কাৰাগাৰ বিভিন্ন অঞ্চলৰ লগতে ব'হল আৰু পূব ভিছায়াছ (য'ত ইয়াক চাৰুংছং বা আলিছুছ' বুলি জনা যায়) আৰু বিকল অঞ্চলত (য'ত ইয়াক…
-
জংজি
জংজি (; চীনা: 粽子) হৈছে আঠাযুক্ত বৰা চাউলৰ পৰা তৈয়াৰ কৰা এবিধ পৰম্পৰাগত খাদ্য। এই খাদ্যৰ ভিতৰত বিভিন্ন মছলাৰ দৰে খাদ্য বস্তু ভৰাই বাঁহৰ পাত বা নল গছৰ পাত নাইবা অন্যান্য বহল পাতেৰে মেৰিয়াই দিয়া হয়। এই খাদ্য ভাপত বা উতলাই ৰান্ধি প্ৰস্তুত কৰা হয়।