চুকৌনী বা চুকাউনী হৈছে নেপালৰ পাল্পা জিলাত উদ্ভৱ হোৱা আলুৰপৰা তৈয়াৰ কৰা আচাৰৰ এটা স্বাদিষ্ট পৰম্পৰাগত নেপালী খাদ্য।১ এই আচাৰটো সিজোৱা আলুত দৈ, পিঁয়াজ, ধনিয়া আৰু মচলা লগাই তৈয়াৰ কৰা হয়। সাধাৰণতে ৰুটি, চেল ৰুটি, নাইবা ভাতৰ সৈতে ইয়াক খোৱা হয়।২৩
পৰিচয়
এই আচাৰটো গৰম বা ঠাণ্ডা দুয়ো ধৰণে খোৱা যায়। ই সহজ উপকৰণেৰে বনাব পৰা এটা জনপ্ৰিয় আচাৰ।৪৫ ই মূলতঃ আলু আৰু দৈৰ আচাৰ। নেপালৰ পশ্চিমাঞ্চলত বিশেষকৈ পাল্পা জিলাত ইয়াৰ উৎপত্তি হৈছিল আৰু এতিয়া ৰূপন্দেহী, চ্যাংজা, নৱলপাৰাসি, অৰ্ঘাখাঁচি আদি জিলাতো বহুলভাৱে প্ৰচলিত। কাঠমাণ্ডু চহৰতো এই আচাৰ ৰেষ্টুৰেণ্ট আৰু মানুহৰ ঘৰত জনপ্ৰিয়।
প্ৰধান উপকৰণ
চুকৌনী বনোৱাৰ পদ্ধতি
- ৫০০ গ্ৰাম আলু সিজাই তাৰ পিছত টুকুৰা কৰিব।
- ৪০-৫০ গ্ৰাম পিঁয়াজ কুচি কৰি, নিমখ স্বাদ অনুসৰি যোগ কৰিব।
- ২ চামুচ তোৰী বা সূৰ্যমুখীৰ তেল গৰম কৰি, তাত মেথি আৰু জলকীয়া দি ভাজি ল’ব।
- তাৰ পিছত অলপ পৰিমাণে হালধি গুঁৰি তাত দি, সেই তেল আলুত ঢালি মিহলাই ল’ব।
- তাৰ পিছত আধা লিটাৰ দৈ যোগ কৰি ভালদৰে মিহলাই, ওপৰত ধনিয়া পাত ছটিয়াই দি পৰিৱেশন কৰিব।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ পোখৰেল, লক্ষ্মণ. পৰ্যটক তানে পাল্পাৰ চুকৌনী. Sampurna Weekly
- ↑ Chukauni from Palpa district – Boss Nepal
- ↑ ৰৈথানে স্বাদঃ এইদৰে বনোৱা হয় পাল্পালী চুকাউনী. Online Khabar
- ↑ The culture, history and recipe of batuk. Kathmandu Post
- ↑ Recipe of Chukauni. My Republica
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুকৌনী” প্ৰবন্ধৰ সংশোধন ৫৪৯৭৪৪ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।