গোৱাৰ খাদ্য (Goan cuisine) হৈছে ভাৰতৰ পশ্চিম পাৰত আৰৱ সাগৰৰ উপকূলৰ কাষত অৱস্থিত ভাৰতীয় ৰাজ্য গোৱাৰ জনপ্ৰিয় আঞ্চলিক খাদ্য। চাউল, সাগৰীয় মাছ, নাৰিকল, শাক-পাচলি, মাংস, ৰুটি, গাহৰিৰ মাংস আৰু স্থানীয় মছলা আদি গোৱাৰ খাদ্যৰ কিছুমান মূল উপাদান। থেকেৰা টেঙা আৰু ভিনেগাৰৰ ব্যৱহাৰ আন এটা সুকীয়া বৈশিষ্ট্য। গোৱাৰ খাদ্য মাছৰ অবিহনে অসম্পূৰ্ণ বুলি গণ্য কৰা হয়।
গোৱাৰ খাদ্যৰ উৎপত্তি ইয়াৰ কোংকনী জনগোষ্ঠীৰ পৰাই হৈছিল, আৰু ইয়াৰ প্ৰভাৱ আছিল ৪৫১ বছৰীয়া পৰ্তুগীজ শাসন আৰু পৰ্তুগীজৰ পূৰ্বে হোৱা চুলতানীয় শাসন।১ বহুতো খাদ্যৰ নামকৰণ বা উপাদানৰ ব্যৱহাৰ দুয়োটা কেথলিক পৰ্তুগীজ সকলৰ সৈতে মিল আছে।
সাগৰীয় খাদ্য

গোৱাৰ খাদ্যৰ বেছিভাগেই সাগৰীয় খাদ্যভিত্তিক; প্ৰধান খাদ্য হ’ল চাউল আৰু মাছ। কিংফিছ (ভিছৱন' বা ইছৱন) হৈছে আটাইতকৈ বেছিকৈ খোৱা মাছৰ প্ৰজাতি। আন আন মাছৰ প্ৰজাতিসমূহ হ'ল পমফ্ৰেট, শ্বাৰ্ক, টুনা, চাৰ্ডিন, আৰু মেকেৰেল। সাগৰীয় বাকলীযুক্ত প্ৰাণী সমূহৰ ভিতৰত কেঁকোৰা, মিছামাছ, বাঘ মিছামাছ , লবষ্টাৰ, স্কুইড, আৰু মাছল আদি। গোৱান কেথলিকসকলৰ খাদ্যাভ্যাস পৰ্তুগীজ খাদ্যৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত। উদাহৰণস্বৰূপে ভিনেগাৰৰ ব্যৱহাৰ অতি প্ৰধান, বিশেষকৈ নাৰিকলৰ তাড়ি, যিটো নাৰিকলৰ ঠাৰিৰ ৰসৰ পৰা তৈয়াৰ কৰা হয়, আৰু তাৰ পিছত চাৰিৰ পৰা ছমাহলৈকে ভেকুৰিবলৈ দি টেঙা হ’বলৈ দিয়া হয়।২
নতুন খাদ্যৰ প্ৰৱৰ্তন

পৰ্তুগীজ ভাষাৰ শাসক সকলে কাজু (এতিয়া বহুলভাৱে আৰু জনপ্ৰিয়ভাৱে গোৱা কাজু নামেৰে খেতি কৰা হয়), আনাৰস, মধুৰিআম, আলু, আৰু বিলাহী ইত্য়াদি দক্ষিণ আমেৰিকাৰ পৰা গোৱালৈ আমদানি কৰে। ৰঙা জলকীয়া গোৱাৰ খাদ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। পৰ্তুগীজসকলে ইয়াক ভাৰতলৈ আনিছিল। ভাৰতীয় খাদ্যৰ বাবে ই এক অতি গুৰুত্বপূৰ্ণ মছলা হিচাপে জনপ্ৰিয় হৈ পৰিল। গোৱাৰ অন্যতম প্ৰিয় খাদ্যৰ নাম হৈছেসাৰাপাটেল, যিটো গাহৰিৰ মাংসৰ পৰা তৈয়াৰ কৰা হয়।৩
গোৱাৰ হিন্দুসকলৰ খাদ্য
গোৱাৰ হিন্দুসকলৰ খাদ্য প্ৰধানকৈ নিৰামিষভোজী আৰু লেক্টো নিৰামিষভোজী আৰু সাৰস্বত ৰন্ধনপ্ৰণালীৰ সৈতে বহুত মিল আছে, য'ৰ পৰা ইয়াৰ উৎপত্তি হৈছে। গোৱাৰ হিন্দুসকলৰ খাদ্য সৰল আৰু টেঙা কৰিবলৈ তেতেঁলী আৰু থেকেৰা, আৰু মিঠা কৰিবলৈ গুড় ব্যৱহাৰ কৰা হয়। ইয়াত হিং, মেথি, তেজপাত, সৰিয়হ, আৰু উৰিদ দাল আদি মছলা ব্যৱহাৰ কৰা হয়। পিঁয়াজ আৰু হালধিও ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও শাক-পাচলি, যেনে মচুৰ দাইল, শুকান নাৰিকল, লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), খৰিচা, আৰু শিপা আদি অন্তৰ্ভুক্ত। ৰন্ধা মাধ্যমটো হ’ল নাৰিকলৰ তেল।৪
তথ্যসূত্ৰ
- ↑ "Goa and its cuisine". The Times Of India. 3 April 2008
- ↑ Ihsan, Aqeel. "‘“I’m Goan Because I Eat Goan Food”: A Critical Look at the History of Goan Canadians.’" The Graduate History Review 10, no. 1 (20 September 2021): 51
- ↑ "Goa and its cuisine". The Times Of India. 3 April 2008
- ↑ "Goa and its cuisine". The Times Of India. 3 April 2008
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোৱাৰ খাদ্য” প্ৰবন্ধৰ সংশোধন ৫৭০৯৮৬ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।