খাদ্য
২৩৪ প্ৰবন্ধ
-
ঘেৱৰ
ঘেৱৰ ( Ghevar) বা ঘেৱাৰ হৈছে ডিস্ক আকৃতিৰ ৰাজস্থানী মিঠাই। যাৰ টেক্সচাৰ মৌচাকৰ দৰে, ঘিঁউ, ময়দা আৰু চেনিৰ চিৰাপৰ পৰা তৈয়াৰ কৰা হয়। পৰম্পৰাগতভাৱে ইয়াক শাওন মাহ আৰু তীজ আৰু ৰক্ষা বন্ধন উৎসৱৰ সৈতে জড়িত কৰা হয়।
-
চমচম
চমচম (Chomchom) হ’ল বাংলাদেশৰ টাঙ্গাইলৰ পোড়াবাড়ী নামৰ ঠাইত উৎপন্ন একটি বিখ্যাত মিঠাই যিটো কেৱল বাংলাদেশ, ভাৰত, পাকিস্তানতেই নহয় সমগ্ৰ ভাৰতীয় উপমহাদেশতে বিখ্যাত। চমচমকে বাংলাদেশেৰসকল মিষ্টিৰ ৰাজা বলা হয়। বাংলাদেশত চমচমক সকলো মিঠাইৰ ৰজা বুলি কোৱা হয়।
-
চাপাটি
চাপাটি বা ৰোটি, ৰুটি, ৰোটলি, ৰোটা, সফাতি, ফুলকা (মাৰাঠী), চাপো (পূব আফ্ৰিকাত), সাদা ৰোটী (কেৰিবিয়ানত), পলি, আৰু ৰোছি (মালদ্বীপত), বোলা হয় আৰু ভাৰতীয় উপমহাদেশত উৎপত্তি হোৱা এই চেপেটা সমান ৰুটী ভাৰতৰ উপৰি নেপাল, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, আৰব উপদ্বীপ, পূব আফ্ৰিকাত আৰু কেৰিবিয়ান দেশৰ প্ৰধান…
-
চিকেন টিক্কা
চিকেন টিক্কা ( Chicken tikka) ভাৰত, বাংলাদেশ, পাকিস্তান আৰু যুক্তৰাজ্যত জনপ্ৰিয় কুকুৰাৰ খাদ্য। পৰম্পৰাগতভাৱে ই ভাৰতীয় মছলা আৰু দৈ ত মেৰিনেট কৰাৰ পিছত এঞ্জিথি নামৰ ব্ৰেজিয়াৰত বা কয়লাৰ ওপৰত স্কেৱাৰ ব্যৱহাৰ কৰি বেক কৰা হাড়বিহীন কুকুৰাৰ সৰু টুকুৰা—এইটো এটা সোৱাদযুক্ত আৰু কোমল, মূলতঃ তণ্ডুৰী…
-
চিকেন টিক্কা মছলা
চিকেন টিক্কা মছলা ( Chicken tikka masala) হৈছে মছলাযুক্ত চাটনি (মছলা)ত ৰোষ্ট কৰা মেৰিনেটেড কটা মুৰ্গী (চিকেন টিক্কা)ৰে গঠিত। সাধাৰণতে এই চাটনি ক্ৰীম আৰু কমলা ৰঙৰ হয়। এই খাদ্যৰ উৎপত্তিৰ বিষয়ে বিতৰ্ক চলি আছে, বহুতে বিশ্বাস কৰে যে ইয়াক ব্ৰিটেইনৰ দক্ষিণ এছিয়াৰ ৰান্ধনীসকলে সৃষ্টি কৰিছে।
-
জাপানী খাদ্য
জাপানী খাদ্যই, জাপানৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ লগত বিকশিত হৈছে আৰু এই খাদ্যই আঞ্চলিক আৰু শতিকাজুৰি চলি অহা পৰম্পৰাগত খাদ্যসমূহক সামৰি লয়।
-
ডাল-মাখানী
ডাল মাখানী ভাৰতৰ পঞ্জাৱ অঞ্চলত সততে পোৱা এক ৰন্ধা খাদ্য। পৰম্পৰাগত মচুৰ দাইলৰ ব্যঞ্জনৰ তুলনামূলকভাৱে আধুনিক ৰূপ, ইয়াক উৰাদ দালি (ক'লা বীন) আৰু অন্যান্য দালিৰে তৈয়াৰ কৰা হয় আৰু ইয়াত মাখন আৰু ক্ৰীম (মাখানী হৈছে মাখনৰ বাবে পাঞ্জাবী শব্দ) অন্তৰ্ভুক্ত কৰা হয়।
-
থালি
থালি বা ভোজনম (অৰ্থাৎ সম্পূৰ্ণ আহাৰ) হৈছে দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু কেৰিবিয়ান অঞ্চলত খাদ্য পৰিৱেশন কৰিবলৈ ব্যৱহৃত এক ঘূৰণীয়া কাঁহী। কাঁহীত পৰিৱেশন কৰা বিভিন্ন ব্যঞ্জনেৰে গঠিত ভাৰতীয় শৈলীৰ আহাৰ বুজাবলৈও থালি শব্দৰ ব্যৱহাৰ কৰা হয়।
-
দক্ষিণ এছিয়ান আচাৰ
দক্ষিণ এছিয়ান আচাৰ (অন্যান্য নামৰ ভিতৰত আচাৰ বুলিও জনাজাত) হৈছে বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূল নিমখ-পানী, ভিনেগাৰ, ভোজ্য তেল আৰু দক্ষিণ এছিয়ান মচলা ব্যৱহাৰ কৰি সংৰক্ষণ কৰা একপ্ৰকাৰৰ আচাৰ কৰা আৰু প্ৰায়ে অতি জ্বলা-মচলাযুক্ত অনুষংগিক খাদ্য।
-
দহি পুৰি
দহি পুৰি হৈছে ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ লঘু আহাৰ। ই মহাৰাষ্ট্ৰত বিশেষভাৱে জনপ্ৰিয়। এই খাদ্য এক প্ৰকাৰৰ চাট আৰু ইয়াৰ উৎপত্তি হৈছিল মহাৰাষ্ট্ৰৰ মুম্বাই চহৰত। ইয়াক পানী পুৰি অৰ্থাৎ ফুচকাৰ পুৰিৰ (গোলগপ্পা) সৈতে পৰিবেশন কৰা হয়। ইয়াক দহি ফুচকা বা দহি চেৱ পুৰি নামেৰেও জনা যায়।
-
দাইল-ভাত
দাইল-ভাত হৈছে ভাৰত তথা ভাৰতীয় উপমহাদেশৰ এক পৰম্পৰাগত আহাৰ। ইয়াত ভাপত সিজোৱা চাউলৰ লগত ৰন্ধা মচুৰ দাইল বা অন্যান্য দাইল যেনে মগু দাইল, ৰহৰ দাইল, বুটৰ দাইল, মাটি দাইল আদি পৰিৱেশন কৰা হয়। ভাৰতীয় উপমহাদেশৰ ই এক মুখ্য খাদ্য। কেইবাটাও ইন্দো-আৰ্য ভাষাত ভাত বা চাৱলৰ অৰ্থ হৈছে "সিজোৱা চাউল।"
-
পকোৰা
পকোৰা বা পকোড়া বা পকৰি ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এবিধ ফ্ৰিটাৰ বা তেলত ডুবাই ভজা মিশ্ৰণ ৷ ইয়াক সাধাৰণতে ৰাজপথৰ বিক্ৰেতাই বিক্ৰী কৰে আৰু দক্ষিণ এছিয়াৰ ৰেষ্টুৰেণ্টতো ইয়াকপৰিবেশন কৰা হয়৷ ইয়াত উপকৰণ হিচাপে প্ৰায়ে আলু আৰু পিঁয়াজৰ দৰে শাক-পাচলি, বেচনৰ ঘোলত আৱৰণ দি তেলত ডুবাই ভজা হয়।
-
পাউৰুটী
পাউৰুটী (Bread) হৈছে ময়দা আৰু পানীৰ ডাঠ মিশ্ৰণৰ পৰা সাধাৰণতে বেকিং পদ্ধতিৰে প্ৰস্তুত কৰা এক প্ৰকাৰৰ প্ৰধান খাদ্য। অতিজৰে পৰা ই পৃথিৱীৰ এক বৃহৎ অংশৰ এক বিশিষ্ট খাদ্য ৰূপে পৰিগণিত হৈ আহিছে।
-
পাপড়ি চাট
পাপড়ি চাট বা পাপৰি চাট বা পেপৰি চাট ( উচ্চাৰণ: pāpṛī cāṭ ) হৈছে ভাৰত উপমহাদেশ অৰ্থাৎ ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তানৰ কিছু অঞ্চলত জনপ্ৰিয় পৰম্পৰাগত ফাষ্ট ফুড আৰু পদপথৰ দাঁতিৰ খাদ্য বা ষ্ট্ৰিট ফুড।আমেৰিকাৰ কিছুসংখ্যক ৰেষ্টোৰাত চাটৰ পৰম্পৰাগত সংস্কৰণতো অটুট ৰাখি পৰিবেশন কৰা হয়।
-
পাৰৰ মাংস
পাৰৰ মাংস (Squab) বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰন্ধনপ্ৰণালীত গুৰুত্বপূৰ্ণ এটি খাদ্য। সাধাৰণতে ৪ সপ্তাহ বা তাতকৈ কম বয়সৰ পাৰ ভক্ষণ কৰা হয়। পাশ্চাত্যত "স্কুৱাব" শব্দৰ ব্যৱহাৰ কৰা হয় কম বয়সীয়া পাৰৰ মাংসৰ বাবে, যি সম্ভৱতঃ স্বীডিশ্ব শব্দ স্ক্ভাবৰ পৰা অহা, যাৰ অৰ্থ "ঢীলা, মেদবহুল মাংস"।
-
পুলিচেৰী
পুলিচেৰী (ইংৰাজী: Pulissery) হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ দৈ বা মাখন তোলা গাখীৰ ভিত্তিক তৰকাৰী। টেঙা দৈ বা বুটাৰমিল্কৰ সৈতে বটা নৰিকল, জিৰা, হালধি আৰু কেঁচা জলকীয়াৰ মিশ্ৰণ ৰান্ধি এই ব্যঞ্জন তৈয়াৰ কৰা হয়।
-
পেড়া
পেডা বা পেৰা ভাৰতৰ উত্তৰ প্ৰদেশৰ ম উদ্ভাৱন হোৱা এবিধ মিঠাই। অথুৰা চহৰত ইয়াৰ উৎপত্তি হৈছিল। পৰম্পৰাগতভাৱে ঘূৰণীয়া গল্ক এটা হাতৰ তলুৱা বা আঙুলিৰে হেঁচা মাৰি দিলে যি ৰূপ লয় সেই হিচাপে প্ৰস্তুত কৰা হয়। ইয়াৰ মূল উপাদানসমূহ হ’ল খোয়া, চেনি আৰু ইলাচিৰ গুটিকে ধৰি পৰম্পৰাগত সোৱাদ যেনে শুকান ফল।
-
ফালুদা
ফালুডা বা ফালুদা হৈছে চেৱৈৰে তৈয়াৰী এবিধ মোগলাই শীতল মিঠাই। ইয়াৰ উৎপত্তি পাৰ্চী খাদ্য ফালুদেহৰ পৰা হৈছে, যাৰ ভিন্নতা সমগ্ৰ পশ্চিম, মধ্য, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা যায়। পৰম্পৰাগতভাৱে ইয়াক গাখীৰৰ সৈতে গোলাপৰ ৰস, চেৱৈ আৰু মিঠা তুলসীৰ গুটি (বাচিল) মিহলাই তৈয়াৰ কৰা হয়।
-
বাচুন্দি
বাচুন্দি (গুজৰাটী: બાસુંદી, কানাড়া: ಬಾಸುಂದಿ, মাৰাঠী: baसुंदी, তামিল: பாசந்தி, তেলেগু: బాసుంది) এবিধ ভাৰতীয় মিঠাই; বেছিভাগেই মহাৰাষ্ট্ৰ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু আৰু কৰ্ণাটকত প্ৰচলিত। গাখীৰ আধা কমি যোৱালৈকে কম জুইত গাখীৰ উতলাই তৈয়াৰ কৰা মিঠা কৰা ঘনীভূত গাখীৰ।
-
বাটাৰ চিকেন
বাটাৰ চিকেন ( Butter chicken) হৈছে দিল্লীৰ উৎপত্তিস্থল ভাৰতীয় খাদ্য।
-
বাটি
বাটি ৰাজস্থানৰ বেছিভাগ অঞ্চলত, আৰু ভাৰতৰ মধ্যপ্ৰদেশ আৰু গুজৰাট ৰাজ্যৰ কিছুমান অঞ্চলত ৰন্ধা কঠিন, চেপেটা পিঠা। ইয়াৰ দীৰ্ঘকালীন সময়লৈ ভালে থাকে আৰু উচ্চ পুষ্টিকৰ পৰিমাণৰ বাবে আৰু মৰুভূমি অঞ্চলত ইয়াক প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় পানীৰ পৰিমাণ বৰ কম বাবে ইয়াক সেই অঞ্চলত মূল্যৱান বুলি গণ্য কৰা হয়।
-
ভাকৰি
ভাকৰি ( Bhakri) ভাৰতৰ মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান, আৰু কৰ্ণাটক ৰাজ্যৰ খাদ্যত প্ৰায়ে খোৱা ঘূৰণীয়া চেপেটা এবিধ ৰুটি। নিয়মীয়া ঘেঁহুৰ চাপাতিতকৈ মোটা জোৱাৰ বা বজৰা ব্যৱহাৰ কৰি ভাকৰি প্ৰস্তুত কৰা হয়। ভাকৰি কঠিনতাৰ ক্ষেত্ৰত খাখৰাৰ দৰে নহয়, টেক্সচাৰত কোমল বা কঠিন হব পাৰে।
-
ভেগানবাদ
ভেগানবাদ (Veganism) হৈছে পশুজাত সামগ্ৰীৰ ব্যৱহাৰ আৰু পশুৰ উৎসৰ খাদ্য গ্ৰহণৰ পৰা বিৰত থকাৰ প্ৰথা আৰু ইয়াৰ লগত জড়িত দৰ্শন যিয়ে জীৱ-জন্তুৰ পণ্যৰ মৰ্যাদাক নাকচ কৰে। ভেগানিজম চৰ্চা কৰা ব্যক্তিক পৰ্ণাশনী (Vegan) হিচাপে জনা যায়।
-
মালপোৱা
ভূটান, ভাৰত, নেপাল আৰু বাংলাদেশত জনপ্ৰিয় পূব ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা মিঠাই হিচাপে ৰাতিপুৱাৰ চাহৰ সৈতে বা দুপৰীয়াৰ চাহৰ সৈতে জলপান হিচাপে পৰিবেশন কৰা মিঠাযুক্ত ব্ৰেকফাষ্ট এবিধক মালপোৱা বা কেতিয়াবা পোৱা বুলি কোৱা হয় ৷
-
মিঠা দৈ
মিঠা দৈ বা বাংলা ভাষাত মিষ্টি দৈ হৈছে ভাৰতীয় উপমহাদেশৰ বংগ অঞ্চলৰপৰা উৎপত্তি হোৱা গাখীৰৰপৰা তৈয়াৰী এবিধ খাদ্য আৰু ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকা, আৰু বাংলাদেশ ৰাষ্ট্ৰত প্ৰচলিত কিম্বন কৰা মিঠা দৈ (দৈ)। ইয়াক গাখীৰ আৰু চেনি বা গুৰ দি তৈয়াৰ কৰা হয়।
-
মিঠৈ
মিঠৈ (molasses) হ’ল কুঁহিয়াৰ অথবা sugar beet ৰ পৰা চেনি প্ৰস্তুত কৰণত সৃষ্টি হোৱা এবিধ সান্দ্ৰ পদাৰ্থ। ইংৰাজী শব্দ Molassesটো পৰ্টুগীজ শব্দ melaço ৰ পৰা আহিছে, যাৰ মূল হ’ল লেটিন শব্দ mel যাৰ অৰ্থ মৌ-জোল।
-
মোচি
মোচি (ইংৰাজী: Mochi, জাপানী: 餅) হৈছে মোচিগম নামৰ এবিধ জাপ’নিকা আঠাযুক্ত চাউল আৰু কেতিয়াবা অন্যান্য উপাদান যেনে পানী, চেনি আৰু গোমধানৰ আটা মিহলাই তৈয়াৰ কৰা এবিধ পিঠা সদৃশ জাপানী খাদ্য। ভাপত দিয়া চাউলখিনি গুড়ি কৰি ঢিলা কৰা হয় আৰু বিচৰা ধৰণৰ আকৃতিত ঢালি সাঁচ দিয়া হয়।
-
মোমো
মোমো বা মম (Momo) পূব আৰু দক্ষিণ এছিয়াত প্ৰচলিত ময়দা বা তেনেজাতীয় আটাৰ পৰা প্ৰস্তুত কৰা আৰু ভিতৰত মাংস, পাচলি বা পানীৰ আদি সুমুৱাই প্ৰস্তুত কৰা একপ্ৰকাৰৰ খাদ্য।
-
মৰ্টন
মৰ্টন হৈছে এক মিঠা খাদ্য য'ত মুখ্য উপাদান হিচাপে চেনিক ব্যৱহাৰ কৰা হয়। চেনি কনফেক্সনেৰী নামৰ শ্ৰেণীত চকলেট, চুইং গাম, আৰু চেনি মৰ্টনসহ যিকোনো মিঠা কনফেক্সন অন্তৰ্ভুক্ত থাকে। চেনিৰ প্ৰলেপ দিয়া পাচলি, ফল বা বাদাম আদিকো মৰ্টন বুলিব পাৰি।
-
য়োমাৰী
য়োমাৰী (নেপালী: योमरी, নেৱাৰী: 𑐫𑑀𑐩𑐵𑐬𑐷, 𑐫𑑅𑐩𑐵𑐬𑐷 বুলিও লিখা হয়), নেৱাৰ জনগোষ্ঠীৰ এক পৰম্পৰাগত পিঠা সদৃশ মিঠাই জাতীয় খাদ্য, যিটো সাধাৰণতে শীতকালত প্ৰস্তুত কৰা হয়। য়োমাৰী সিজোৱা চাউলেৰে প্ৰস্তুত কৰা হয়। এই খাদ্যটোত অধিক কেলৰী থকা বাবে শীতৰ ঠাণ্ডা দূৰ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।