অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চাউ মিন

চাউ মিন ভজা নুডল। এই নাম টাইচানিজ ভাষাৰ চাউ-মিঙৰ ইংৰাজীকৃত ৰূপ। এই খাদ্য প্ৰবাসী চীনাসকলৰ মাজত অতিকৈ জনপ্ৰিয় আৰু ই প্ৰায় চীনা ভোজনালয়সমূহৰ খাদ্য তালিকাৰ অন্তৰ্গত। ই বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, নেপাল, আৰু ভাৰতত জনপ্ৰিয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৫ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

চাউ মিন ভজা নুডল। এই নাম টাইচানিজ ভাষাৰ চাউ-মিঙৰ ইংৰাজীকৃত ৰূপ।১ এই খাদ্য প্ৰবাসী চীনাসকলৰ মাজত অতিকৈ জনপ্ৰিয় আৰু ই প্ৰায় চীনা ভোজনালয়সমূহৰ খাদ্য তালিকাৰ অন্তৰ্গত।২ ই বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ,৩ ব্ৰিটেইন,৪ নেপাল,৫ আৰু ভাৰতত৬ জনপ্ৰিয়।

নাম

চাউ মিনৰ অৰ্থ ভজা নুডলছ। চাউ মানে ভজা আৰু মিন মানে নুডলছ। চাউ মিন টাইছানিজ ভাষাৰ চাউ মিঙৰ অশুদ্ধ ৰূপ।

স্থানীয় ৰূপ

আমেৰিকান

চাবগাম চাউ মিন
চাবগাম চাউ মিনছবি: pelican from Tokyo, Japan · CC BY-SA 2.0
চয় চচ চাউ মিন
চয় চচ চাউ মিনছবি: Hoitintungs · CC BY-SA 3.0

আমেৰিকী চীনা খাদ্যত ই এক তেলত ভজা খাদ্য য'ত নুডলছ, মাংস (প্ৰায় মুৰ্গী, কিন্তু গাহৰী, গৰু, মিছা মাছ, ট'ফু আদিও দিয়া যায়), পিঁয়াজ আৰু আজৱাইন দিয়া হয়। নিৰামিষ আৰু ভেগান চাউ মিনো উপলব্ধ।

ব্ৰাজিলীয় জাপানী খাদ্য

চাউ মিন ব্ৰাজিললৈ আনিল জাপানীসকলে। তাত এই খাদ্যক য়াকিচবা বোলা হয়। পিচে জাপানীসকলতকৈ অধিক ইয়াক ব্ৰাজিলীয়সকলে ভক্ষণ কৰে আৰু ই আমেৰিকী সংস্কৰণৰ সৈতে বহু মিলে।

কেনেডীয় চীনা খাদ্য

কানাডাত পশ্চিমীকৃত চীনা ভোজনালয়সমূহত ৩ প্ৰকাৰৰ চাউ মিন পোৱা যায়, যি আমেৰিকান সংস্কৰণসমূহতকৈ বেলেগ। কেণ্টনিজ ষ্টাইল চাউ মিন গভীৰকৈ ভজা আৰু তাত মচমচীয়া সোণালী নুডলছ, সেউজীয়া জালুক, মতৰ, বাঁহ গাজ, মিছা মাছ, গাহৰী, মুৰ্গী, গৰু আদি দিয়া হয়। সাধাৰণ চাউ মিন পশ্চিমীয়া চাউ মিনৰ দৰেই, পিচে বীন অধিক থাকে। হংকং ষ্টাইল চাউ মিন গভীৰকৈ ভজা মচমচীয়া সোণালী কণীযুক্ত নুডল্ছৰ ওপৰত দিয়া হয়। জাপানী সকলৰ নিজা সংস্কৰণ কানাডাত পোৱা যায়।৭৮

ভাৰতীয় চীনা খাদ্য

বাংলাদেশী ধৰণৰ চাউ মিন
বাংলাদেশী ধৰণৰ চাউ মিনছবি: Ibrahim Husain Meraj · CC BY-SA 3.0

ভাৰতীয় চীনা, বাংলাদেশী চীনা আৰু পাকিস্তানী চীনা খাদ্যতো চাউ মিন জনপ্ৰিয়। ইয়াক প্ৰথম কলিকতীয়া চীনা সকলে চিনাকী কৰি দিশিল। ইয়াক প্ৰায় হাক্কা বা জুলৰ সৈতে দিয়া হয়। নিৰামিষ সকলৰ বাবে বন্ধা কবি, বাঁহ গাজ, মতৰ, জলকীয়া, গাজৰ আদি থকা সংস্কৰণ পোৱা যায়। কণীযুক্ত চাউ মিনো পোৱা যায়।৯১০ কলকাতাত নিজা বিশেষ সংস্কৰণ পোৱা যায়, যাক কালকাত্তা চাউ মিন বোলা হয়।১১

নেপালী চীনা খাদ্য

নেপালী ধৰণৰ জ্বলা মুৰ্গী চাউ মিন
নেপালী ধৰণৰ জ্বলা মুৰ্গী চাউ মিনছবি: Miansari66 · CC0

তিব্বতীয়সকলে চাউ মিন নেপাললৈ আনিল। নেৱাৰীসকলে ভাৰতীয় ম'হযুক্ত আৰু মুৰ্গীযুক্ত চাউমিন গ্ৰহণ কৰে।

পেৰুৱিয়ান চীনা খাদ্য

চাউ মিন বৰ্তমান পেৰুৰ মূলসূতিৰ পেৰুৱিয়ান সংস্কৃতিৰ অংগ হৈ পৰিছে। তাত ইয়াক তালাৰিণ চাল্টিয়েড' বোলা হয়।১২

তথ্যসূত্ৰ

  1. ↑ Hsiung, Deh-Ta; Simonds, Nina. (2005). Food of China. Murdoch Books. পৃ. 239
  2. ↑ Cho, Lily. (2010). Eating Chinese. University of Toronto Press. পৃ. 51
  3. ↑ Aggarwal, Uma. (2013). America's Favorite Recipes. iUniverse. পৃ. 199
  4. ↑ Mason, Laura. (2004). Food Culture in Great Britain. Greenwood Publishing Group. পৃ. 163
  5. ↑ Bindloss, Joseph. (2010). Nepal: Country Guide Series, Lonely Planet guidebooks. Lonely Planet. পৃ. 65. ISBN 9781742203614
  6. ↑ Ahuja, Aashna. (2015-11-27). Indian Chinese Cuisine: India's Love Affair with Chinese Food. NDTV
  7. ↑ Sakauye, Russell. (2013-05-29). The Legacy of the Cumberland Chow Mein. The Bulletin (JCCA). Japanese Canadian Citizens Association
  8. ↑ Bain, Jennifer. (2011-03-08). Japanese-Canadian chow mein: Chow mein — with seaweed and pickled ginger — never tasted so good. Toronto Star
  9. ↑ (2013-01-21). Recipe: Egg Chowmein. Zee News
  10. ↑ Shaw, Kanchan. (2010-03-17). Egg Hakka Chowmein. Gourmet India
  11. ↑ Bhattacharya, Chandrima S. (June 21, 2015). Long live chow mein: Hakka or gravy, Dacres Lane or Tangra, Chandrima S. Bhattacharya traces the journey of the ubiquitous Calcutta chowmin. Calcutta Telegraph
  12. ↑ (2012-07-06). Lunch Bunch: A Peruvian twist; Andes fare meets Mexican eatery. Times Record News

সম্পৰ্কিত শ্ৰেণী

খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাউ মিন” প্ৰবন্ধৰ সংশোধন ৫৩৫০৫১ (২৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।