চুশ্বি (しし, 寿司, 鮨, 鮓 ) হৈছে ভিনেগাৰযুক্ত চাউলৰ (চুশ্বি-মেশ্বি) পৰা প্ৰস্তুত কৰা এবিধ জাপানী খাদ্য। সাধাৰণতে কিছু চেনি আৰু নিমখৰ সৈতে, বিভিন্ন ধৰণৰ উপাদান যেনে সাগৰীয় খাদ্য আৰু শাক-পাচলিৰ সৈতে ইয়াক প্ৰস্তুত কৰা হয়। চুশ্বিৰ শৈলী আৰু ইয়াৰ উপস্থাপন বহু পৰিমাণে ভিন্ন হ'লেও ইয়াৰ এটা মূল উপাদান হৈছে "চুশ্বি চাউল"। ইয়াক শ্বাৰি (しゃり), বা সুমেচি (酢飯) বুলিও কোৱা হয়।১
আধুনিক চুশ্বিৰ সৃষ্টিকৰ্তাগৰাকী হানায়া য়োহেই বুলি বিশ্বাস কৰা হয়। তেওঁ প্ৰায় ১৮২৪ চনত, অৰ্থাৎ এডো যুগত (১৬০৩–১৮৬৭) নিগিৰি-জুশ্বি নামৰ এক প্ৰকাৰৰ চুশ্বি উদ্ভাৱন কৰিছিল। ই আজিৰ তাৰিখত আটাইতকৈ বেছি পৰিচিত। এই চুশ্বিবিধত সাগৰীয় খাদ্য (মাছ আদি) হাতেৰে চেপি লোৱা ভিনেগাৰযুক্ত চাউলৰ ওপৰত ৰখা হয়। ইডো যুগত ই চ’নিন শ্ৰেণীৰ ফাষ্ট ফুড আছিল।২৩৪
পৰম্পৰাগতভাৱে মধ্যমীয়া দানাযুক্ত বগা চাউলৰ সৈতে চুশ্বি তৈয়াৰ কৰা হয় যদিও ইয়াক ব্ৰাউন ৰাইচ বা কম দৈৰ্ঘ্যৰ দানাযুক্ত চাউলৰ সৈতেও প্ৰস্তুত কৰিব পাৰি। ইয়াক প্ৰায়েই সাগৰীয় খাদ্য যেনে স্কুইড, ইল, য়েল্ল'টেইল, ছালমন, টুনা বা নকল কেঁকোৰাৰ মাংসৰ সৈতে প্ৰস্তুত কৰা হয়। বহু প্ৰকাৰৰ চুশ্বি নিৰামিষো হয়। ইয়াক প্ৰায়ে আচাৰীকৃত আদা, ৱাছাবি, আৰু ছয়া চচৰ সৈতে পৰিবেশন কৰা হয়। ডাইকন মূলা বা আচাৰীকৃত ডাইকন এই খাদ্যৰ বাবে এক জনপ্ৰিয় গাৰ্নিচ।
চুশ্বিক কেতিয়াবা ছাচিমিৰ সৈতে বিভ্ৰান্ত কৰা হয়। কিন্তু ছাচিমিক প্ৰকৃততে পাতলকৈ কাটি লোৱা কেঁচা মাছ বা কেতিয়াবা মাংসৰ সৈতে চুশ্বি ভাত নোহোৱাকৈ পৰিৱেশন কৰা হয়।৫
ইংৰাজীত চুশ্বি
অক্সফৰ্ড ইংৰাজী অভিধানত বৰ্ণনা কৰা মতে ইংৰাজী ভাষাত চুশ্বিৰ প্ৰথম লিখিত উল্লেখ ১৮৯৩ চনৰ এখন গ্ৰন্থ এ জাপানীজ ইণ্টেৰিয়ৰত পোৱা গৈছে। ইয়াত চুশ্বিক "মাছ, সাগৰীয় অপতৃণ বা আন কোনো সোৱাদযুক্ত শীতল চাউলৰ ৰোল" বুলি উল্লেখ কৰা হৈছে।৬৭ ১৮৭৩ চনৰ জেমছ হেপবাৰ্নৰ জাপানীজ–ইংৰাজী অভিধানত৮ আৰু ১৮৭৯ চনত নোটছ এণ্ড কুৱেৰীজ আলোচনীত জাপানী ৰন্ধন শিল্পৰ বিষয়ে লিখা এটা প্ৰবন্ধত চুশ্বিৰ বিষয়ে উল্লেখ কৰা হৈছে।৯
উপকৰণসমূহ
সকলো প্ৰকাৰৰ চুশ্বিতে বিশেষভাৱে প্ৰস্তুত কৰা চাউল থাকে। পৰম্পৰাগত জাপানী চুশ্বি ভিনেগাৰ চচ আৰু বিভিন্ন কেঁচা বা সিজোৱা উপাদানৰ সোৱাদযুক্ত চাউলৰে গঠিত।
ন'ৰি

ন'ৰি হৈছে জাপানৰ বন্দৰত পৰম্পৰাগতভাৱে খেতি কৰা এক প্ৰকাৰৰ শেলাই।১০ ন'ৰিক চুশ্বি এটা মেৰিয়াবলৈ ব্যৱহাৰ কৰা হয়।
গিউ
চুশ্বিৰ ভিতৰত ব্যৱহৃত উপাদানসমূহক গিউ বোলা হয় আৰু ই সাধাৰণতে বিভিন্ন প্ৰকাৰৰ মাছ।১১
তথ্যসূত্ৰ
- ↑ (1998-05-01). Sushi - How-To. FineCooking
- ↑ (23 May 2015). The Mysteries of Sushi - Part 2: Fast Food. Toyo Keizai
- ↑ (22 December 2020). When Sushi Became a New Fast Food in Edo. Nippon.com
- ↑ Sushi. Nihonbashi
- ↑ Sashimi vs Sushi – Difference and Comparison · Diffen. www.diffen.com
- ↑ "Sushi," Oxford English Dictionary, Second edition, 1989; online version December 2011. Accessed 23 December 2011
- ↑ Bacon. (1893). A Japanese interior. Houghton, Mifflin and Company. পৃ. 271
- ↑ James Curtis Hepburn, Japanese–English and English–Japanese dictionary, Publisher: Randolph, 1873, 536 pages ( page 262)
- ↑ W. H. Patterson, Japanese Cookery, "Notes and Queries," Publisher: Oxford University Press, 1879. (p.263 )
- ↑ Shimbo. (2000-11-08). The Japanese Kitchen: 250 Recipes in a Traditional Spirit. Harvard Common Press. পৃ. 128. ISBN 9781558321779
- ↑ Lowry, Dave. (2005). The Connoisseur's Guide to Sushi: Everything You Need to Know about Sushi Varieties and Accompaniments, Etiquette and Dining Tips, and More. Harvard Common Press. ISBN 9781558323070
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুশ্বি” প্ৰবন্ধৰ সংশোধন ৩৯০১৭৪ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।