খাদ্য
২৩৪ প্ৰবন্ধ
-
সিদল ভৰ্তা
সিদল ভৰ্তা হ'ল বাংলাদেশৰ উত্তৰাঞ্চলৰ গাইবান্ধা, ৰংপুৰ, কুড়িগ্ৰাম, লালমনিৰহাট, নীলফামাৰী, দিনাজপুৰ, ঠাকুৰগাঁও আৰু পঞ্চগড় জিলাত প্ৰচলিত এটা জনপ্ৰিয় মুখৰোচক খাদ্য। ই ভাৰতৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰো প্ৰিয় খাদ্য।
-
হৰলিক্স
হৰলিক্স (Horlicks) এবিধ জনপ্ৰিয় মল্টেড শক্তিবৰ্ধক উষ্ম পানীয়৷ এই শক্তিবৰ্ধক পানীয়বিধ গ্লাক্সোস্মিথক্লিন নামৰ এটি কোম্পানীয়ে যুক্তৰাষ্ট্ৰ, ভাৰত, পাকিস্তান, বাংলাদেশ, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু জামাইকাত উৎপাদন কৰে তথা ফিলিপাইনচ আৰু মালেয়াচিয়াত অনুজ্ঞাপ্ৰাপ্ত৷
-
ৰাইতা
ৰাইতা বা ৰাইটা হৈছে ভাৰতীয় খাদ্যত দহি বা দৈৰ সৈতে কেঁচা বা সিজোৱা শাক-পাচলি, ফল-মূল, বা বুণ্ডী ৰাইতাৰ ক্ষেত্ৰত, বেচনৰ পৰা তৈয়াৰী ঘোলৰ ভজা টোপালৰ সৈতে তৈয়াৰী এবিধ পাৰ্শ্ব খাদ্য। পশ্চিমীয়া খাদ্যৰ আটাইতকৈ ওচৰৰ আনুমানিক ৰূপটো হ'ল চাইড ডিচ বা পাৰ্শ্ব খাদ্য, বা ৰন্ধা চালাড।
-
ৰেনডাং
ৰেনডাং ইণ্ডোনেছিয়াৰ পশ্চিম সুমাত্ৰাৰ মিনাংকাবাওত উৎপত্তি হোৱা এবিধ ব্যঞ্জন। ইণ্ডোনেছিয়াৰ ৰন্ধনশৈলীৰ লগতে ই চুবুৰীয়া দক্ষিণ-পূব এছীয় দেশ যেনে মালয়েছিয়া, ছিংগাপুৰ, ব্ৰুনেই আৰু ফিলিপাইনছৰ ৰন্ধনশৈলীলৈকে বিয়পি আছে।
-
ৱাজৱান
ৱাজৱান (কাশ্মীৰী উচ্চাৰণ: [Aːzɨʋaːn]) হৈছে কাশ্মীৰী খাদ্যসংস্কৃতিৰ এক বহুপদীয়া ভোজ, ইয়াৰ উৎপত্তি কাশ্মীৰত। প্ৰায় সকলো খাদ্যই মাংসৰ আধাৰত তৈয়াৰী হয়, য’ত ভেৰা, গৰু মাংস বা খাখুৰা, আৰু লগতে কিছুমান নিৰামিষ আহাৰও পৰিবেশন কৰা হয়। এইটো বৃহত্তৰ কাশ্মীৰ অঞ্চলজুৰি জনপ্ৰিয়।
-
অন্ধ্ৰপ্ৰদেশৰ খাদ্য
অন্ধ্ৰপ্ৰদেশৰ খাদ্য (Andhra cuisine), সাংস্কৃতিকভাৱে তেলেগু খাদ্য বুলি জনাজাত ভাৰতৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ স্থানীয় খাদ্য আৰু তেলেগু জনগোষ্ঠীৰ ৰন্ধন শৈলী। সাধাৰণতে ই টেঙা,জলা আৰু মছলাযুক্ত সোৱাদৰ বাবে জনাজাত।
-
অপ্পম
অপ্পম (Appam) বা হপাৰ্ছ (Hoppers) হৈছে দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ এক প্ৰকাৰৰ পাতল পেনকেক। ই সাধাৰণতে চাউলৰ গুড়ি কৰা মিশ্ৰণ আৰু নাৰিকল দুগ্ধৰ সৈতে প্ৰস্তুত কৰা হয়। অপ্পম পৰম্পৰাগতভাৱে আপ্পাচট্টি নামেৰ গভীৰ পেনত ৰন্ধা হয়, যিয়ে আকাৰত ৱকৰ দৰে।
-
আনফু হেম
আনফু হেম হৈছে চীনৰ জিয়াংক্সি প্ৰদেশৰ আনফু চহৰত উৎপত্তি হোৱা একপ্ৰকাৰৰ নিমখ দি শুকুৱাই সংৰক্ষিত কৰা হেম (গাহৰিৰ পিছফালৰ মঙহ)। ইয়াৰ ৰং হালধীয়া আভাযুক্ত ৰঙা হয়। এই হেমৰ চালখন পাতল, কিন্তু ইয়াৰ মঙহখিনি ডাঠ। মঙহখিনিত নিমখ দি আৰু ধোঁৱাত শুকুৱাই ইয়াৰ বিশেষ সোৱাদ তৈয়াৰ কৰা হয়।
-
আনাৰ্ছা
আনাৰ্ছা বা হিলছা নেপাল আৰু ভাৰতৰ বিহাৰ আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ চাউলৰ পৰা তৈয়াৰ কৰা এবিধ বিস্কুট। ইয়াক সাধাৰণতে নেপাল, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ হিন্দু উৎসৱ দীপাৱলী (তিহাৰ)ৰ লগতে অন্যান্য বিশেষ অনুষ্ঠানৰ সৈতে জড়িত। ইয়াৰ উপাদানসমূহৰ ভিতৰত গুড়, চাউল, বগা তিল আৰু ঘিঁউ বা মাখন আদি উল্লেখযোগ্য।
-
আপেল ব্ৰেড
আপেল ব্ৰেড (Apple bread) টাইৱানৰ এবিধ জনপ্ৰিয় নিৰামিষ খাদ্য, সাধাৰণতে ব্ৰেকফাষ্টৰ বস্তু হিচাপে বা লঘু জলপান হিচাপে ইয়াক খোৱা হয়। লিউ ঝেজিয়ে উদ্ভাৱন কৰা এই ৰেচিপিটো সমগ্ৰ টাইৱানৰ স্কুলৰ কেণ্টিন, স্থানীয় গেলামালৰ দোকান, সুবিধাজনক দোকান, চুপাৰ মাৰ্কেটত বহুলভাৱে উপলব্ধ।
-
আমৰ আচাৰ
আমৰ আচাৰ হৈছে সাধাৰণতে কেঁচা আম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ আচাৰ ৷দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ই অতিকে জনপ্ৰিয় ৷ এই টেঙা, মিঠা বা জ্বলা আৰু মচলা দিয়া আচাৰ ঘৰত খাবলৈ প্ৰস্তুত কৰাৰ লগতে ব্যৱসায়িকভাৱেঅনলাইন বা দোকানতো পোৱা যায়।
-
আমৰ সৈতে আঠাজাতীয় চাউল
আমৰ সৈতে আঠাজাতীয় চাউল (Mango sticky rice) হৈছে দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ এবিধ পৰম্পৰাগত মিঠা খাদ্য। এই মিঠা খাদ্যবিধ বৰা চাউল, আম আৰু নাৰিকলৰ গাখীৰেৰে ৰন্ধা হয়। ইয়াক চামুচ বা হাতেৰে খোৱা হয়।
-
আলু পৰঠা
আলু পৰঠা (শব্দগত অৰ্থ: 'আলু পৰাঠা') হৈছে ভাৰতীয় উপমহাদেশৰ এক পৰম্পৰাগত খাদ্য, যিটো আলু ভৰাই চেপেতা কৰি ঘূৰণীয়াকৈ বেলি লৈ তৈয়াৰ কৰা হয়।পৰম্পৰাগতভাৱে ইয়াক পুৱাবেলাৰ আহাৰ হিচাপে খোৱা হয়। ইয়াত ময়দা বা আটাগুৰি লোৱা হয়।
-
আলু ভৰ্তা
আলু ভৰ্তা, হ'ল সিজোৱা কোমল আলু গুড়ি কৰি কটা জলকীয়া, পিঁয়াজ, নিমখ আৰু সৰিয়হৰ তেল মিহলাই তৈয়াৰ কৰা খাদ্য। ইয়াক অন্যতম চাইড ডিচ হিচাপে পৰিবেশন কৰা হয়। এইবিধ খাদ্য ভাৰতৰ পশ্চিমবংগ, অসম, বিহাৰ আদি ৰাজ্যৰ লগতে বাংলাদেশত জনপ্ৰিয়।
-
আলুৰ দম
আলুৰ দম বা দম আলু ( दम आलू ) আলুৰ পৰা তৈয়াৰী এবিধ ব্যঞ্জন। ই ভাৰতৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ কাশ্মীৰ উপত্যকাৰ পৰম্পৰাগত কাশ্মীৰী পণ্ডিত সকলৰ খাদ্যৰ অংশ । সাধাৰণতে সৰু আলুবোৰ প্ৰথমে ডিপ ফ্ৰাই কৰা হয়, তাৰ পিছত মছলাৰ সৈতে জোল কৰি অলপ সিজোৱা হয়।
-
ইউক্ৰেইনৰ খাদ্য
ইউক্ৰেইনৰ খাদ্য হৈছে ইউৰোপৰ অন্যতম বৃহৎ আৰু জনবহুল দেশ ইউক্ৰেইনৰ জনসাধাৰণৰ বিভিন্ন পৰম্পৰাৰ ৰন্ধনশৈলী। ইউক্ৰেইনৰ ক'লা ৰঙৰ সৰুৱা মাটি (চ'ৰন'জেম)ত উপাদান সংখ্য়া অধিক।
-
ইদিয়াপ্পাম
ইদিয়াপ্পাম ( Idiyappam), যাক ইণ্ডিয়াপ্পা, নুলাপ্পাম, নুলপুট্টু, সন্থাগাই বা অট্টু শ্বেভিগে বুলিও কোৱা হয়, দক্ষিণ ভাৰতৰ পৰা উৎপত্তি হোৱা এটা ষ্ট্ৰিং হপাৰ খাদ্য। ই চাউলৰ গুৰিৰ পৰা তৈয়াৰী নুডলছৰ দৰেই। সাধাৰণতে ভাপত দি ভাজি লোৱা হয়। দক্ষিণ-পূব এছিয়াতো এই খাদ্য জনপ্ৰিয়।
-
উডুপি (খাদ্য)
উডুপি খাদ্য (উদিপি বুলিও জনা যায়) দক্ষিণ ভাৰতত প্ৰচলিত খাদ্য। ই দক্ষিণ ভাৰতৰ টুলুসকলৰ তুলুভা খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঠিত আৰু কৰ্ণাটক ৰাজ্যৰ তুলুনাদ অঞ্চলৰ ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ এখন চহৰ উডুপিৰপৰাই ইয়াৰ নাম লোৱা হৈছে। উডুপি ৰন্ধনশৈলীৰ বেছিভাগ খাদ্যই কঠোৰভাৱে নিৰামিষ।
-
এণ্ডুৰী পিঠা
এণ্ডুৰী পিঠা হৈছে ভাৰতৰ প্ৰধানকৈ ওড়িশা অঞ্চলত তৈয়াৰ কৰা এক প্ৰকাৰৰ পিঠা, অৱশ্যে ই উত্তৰ আৰু মধ্য অঞ্চলতো ই জনপ্ৰিয়। এই পিঠাৰ উপাদান হ'ল হালধিৰ পাত, ক'লা জিৰা, চাউলৰ গুড়ি, নাৰিকল, ঘিঁউ, আৰু মাটিমাহৰ দালি। এণ্ডুৰী মূলতঃ প্ৰথমাষ্টমীৰ সময়ত তৈয়াৰ কৰা হয়।
-
এন্দুৰৰ মাংস
এন্দূৰৰ মাংস বা নিগনিৰ মাংস হৈছে মজলীয়া আকাৰৰ, দীঘল নেজযুক্ত কূটি খোৱা প্ৰাণী এন্দুৰৰ বিভিন্ন প্ৰজাতিৰ মাংস। এই খাদ্যবিধ কিছুমান সংস্কৃতিত নিষিদ্ধ হ'লেও আন কিছুমান সংস্কৃতিত ইয়াক এক প্ৰধান বা প্ৰচলিত খাদ্য হিচাপে গণ্য কৰা হয়।
-
কংগো দেশৰ ৰন্ধনশৈলী
কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ ৰন্ধনশৈলীৰ পৰা এই দেশৰ আদিবাসীসকল কোনটো গোটৰ সেইটো আভাশ ল’ব পাৰি। এই দেশৰ সৰ্বসাধাৰণ আহাৰ কাচাভা, ফুফু, ভাত, প্লেনটেন (ডাঙৰ কাচকল) আৰু আলু এওঁলোকৰ প্ৰধান খাদ্য আৰু এইবিলাক অন্য পদাৰ্থৰ লগতো খোৱা হয়।
-
কণী ভূৰ্জী
কণী ভূৰ্জী, যাক আণ্ডা ভূৰ্জী বা আণ্ডে কা খগিনা বুলিও কোৱা হয়, ই হৈছে ৰাজপথৰ খাদ্য আৰু ব্ৰেকফাষ্ট, দুপৰীয়া বা ৰাতিৰ আহাৰ গ্ৰহণৰ জনপ্ৰিয় ৰেচিপি। ভাৰত উপমহাদেশৰ পৰা উৎপত্তি হোৱা এই খাদ্যক কেতিয়াবা পাৰ্চী খাদ্য আকুৰিৰ সৈতে তুলনা কৰা হয়।
-
কবছা
কাবছা (আৰবী: كبسة kabsah) বা makbūs/machbūs (مكبوس/مچبوس উপসাগৰীয় pron.: [mɑtʃˈbuːs]) হৈছে য়েমেনৰ পৰা উৎপত্তি হোৱা আৰব মিশ্ৰিত চাউলৰ খাদ্য। ইয়াক সাধাৰণতে আৰব উপদ্বীপৰ সকলো দেশতে জাতীয় খাদ্য হিচাপে গণ্য কৰা হয়। ইয়াক দক্ষিণ ইৰাণ আৰু পেলেষ্টাইনৰ গাজাৰ দৰে অঞ্চলতো পোৱা যায়।
-
কলকাতা বিৰিয়ানী
কলকাতা বিৰিয়ানী হৈছে এক মছলাদাৰ ভাতৰ পৰিসৰ। এই খাদ্যৰ নাম পশ্চিমবঙ্গৰ মহানগৰ কলকাতাৰ পৰা আহিছে। ইয়াত ভাতক মুখ্য উপাদান হিচাপে ব্যৱহাৰ কৰা হয় আৰু মাংস, কণী, আলু আৰু মছলা যোগ কৰা হয়। ই আলুৰ ব্যৱহাৰৰ বাবে অধিক পৰিচিত আৰু মছলা কম পৰিমাণে ব্যৱহৃত হোৱা বাবে বিখ্যাত।
-
কলকেনন (খাদ্য)
কলকেনন (আইৰিছ: cál ceannann, অৰ্থাৎ 'বগা মূৰৰ কবি') কবিৰ সৈতে আলু পিটিকাৰ এটা পৰম্পৰাগত আইৰিছ খাদ্য। চেণ্ট পেট্ৰিক দিৱস আৰু চেণ্ট ব্ৰিজিডৰ উৎসৱৰ দিনা ই এক জনপ্ৰিয় খাদ্য।
-
কলৰ ৰুটি
কলৰ ৰুটি পিটিকি মিহি কৰা কলৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ মিঠা ৰুটি বা কেক। ই প্ৰায়ে আৰ্দ্ৰ আৰু মিঠা দ্ৰুত ৰুটি যদিও কিছুমান ৰেচিপিত ইষ্ট সংযোগ কৰা হয়।
-
কাংগিনা
কাংগিনা বা কংগিনা বোকামাটি আৰু খেৰেৰে নিৰ্মিত বায়ুপ্ৰতিৰোধী বাচনত ৰখা সতেজ ফল, বিশেষকৈ আঙুৰ সংৰক্ষণ কৰাৰ পৰম্পৰাগত আফগান কৌশল। শতিকা পুৰণি এই কৌশল আফগানিস্তানৰ গ্ৰাম্য কেন্দ্ৰ আৰু উত্তৰৰ থলুৱা, য’ত সতেজ ফল আমদানি কৰিব নোৱাৰা দূৰৱৰ্তী ঠাইৰ লোক-সম্প্ৰদায়ে গোটেই শীতকালত কাংগিনাত সংৰক্ষিত সতেজ আঙুৰ…
-
কাকিনাড়া কাজা
কাকিনাড়া কাজা(Kakinada Kaja) হৈছে ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়াৰ পৰা অহা পৰম্পৰাগত মিঠাই, যিটো ইয়াৰ অনন্য সোৱাদ আৰু প্ৰস্তুতিৰ বাবে জনাজাত। ই প্ৰধানকৈ দুটা প্ৰকাৰৰ পোৱা যায়: ফুটা, নলাকাৰ গত্তম কাজা আৰু স্তৰযুক্ত মদাথা কাজা, প্ৰত্যেকেই সুকীয়া গাঁথনি আৰু সোৱাদ প্ৰদান কৰে।
-
কাটলেট
কাটলেট হৈছে মাংস বা শাক-পাচলিৰে তৈয়াৰ কৰা একপ্ৰকাৰৰ খাদ্য, যাক কণীত ডুবাই, তাৰপাছত ব্ৰেডক্ৰাম্ব বা বিস্কুটৰ গুড়িৰ সৈতে মিহলাই তেলত ডুবাই ভজা হয়। উপমহাদেশীয় ধৰণৰ আলু বা মাংসৰ কাটলেট সাধাৰণতে কম তেলত ভজা হয়। ই ভাৰত উপমহাদেশত, বিশেষকৈ পশ্চিমবংগত একপ্ৰকাৰৰ জনপ্ৰিয় জলপান।
-
কালা ভুনা
কালা ভুনা (Kala bhuna; হালা ভুনো) হ’ল গৰু বা ছাগলীৰ মাংসৰে প্ৰস্তুত কৰা বাংলাদেশৰ চট্টগ্ৰামৰ ৰন্ধনশৈলীৰ এক ঐতিহ্যবাহী মাংসৰ আঞ্জা। ই বাংলাদেশৰ বিখ্যাত আৰু জনপ্ৰিয় খাদ্য সম্ভাৰ।