ঙাপি ( Ngapi) ব্ৰহ্মদেশৰ বৰ্মা জাতিৰ এবিধ পৰম্পৰাগত জনপ্ৰিয় খাদ্য। ঙাপি শব্দৰ অৰ্থ “হেঁচা দি থোৱা মাছ’’।১ কেঁচা মাছ বিভিন্ন কৌশলেৰে গেলাই ঙাপি প্ৰস্তুত কৰা হয়। ই তিনিপ্ৰকাৰৰ।২ সাধাৰণতে, মাছ বা মিছামাছৰ পৰা তৈয়াৰী ই এটা তিতা পেষ্ট। ঙাপি সাধাৰণতে যিকোনো ডাঙৰ মাছ, সৰু মাছ বা মিছামাছৰ পৰা কিম্বন কৰি তৈয়াৰ কৰা হয়। ঙাপি শব্দটো থাই, লাওচ আৰু খেমৰ ভাষাৰ “কাপি’’ৰ পৰা উদ্ভূত।১ ম্যানমাৰত ঙাপিৰ ইতিহাস অতি পুৰণি, কিয়নো মহাদেশীয় দক্ষিণ-পূব এছিয়াত কিম্বন কৰা মাছৰ সামগ্ৰীৰ খাদ্য তালিকা সৰ্বাধিক। ১ "ঙাপি"ৰ ক্ষেত্ৰত উল্লেখযোগ্য আটাইতকৈ প্ৰাচীন বিদ্যমান প্ৰমাণটো হৈছে খৃষ্টীয় প্ৰথম শতিকাৰ মন ভাষাত লিখা শিলৰ শিলালিপি।৩১১০০ চনৰ পৰা ১৪০০ চনলৈ বাৰ্মিজ শিল আৰু মাৰ্বলৰ শিলালিপিসমূহত ঙাপি নিৰ্মাতাসকলকো তালিকাভুক্ত কৰা হৈছে। মনসকলে ১৪০০ চনৰ ভিতৰত ঙাপিৰ বাবে ব্যৱসায়ৰ কৌশল স্থাপন কৰিছিল। তেওঁলোকে ৰুবিৰ বিনিময়ত ঙাপি, নিমখ আৰু চাউলৰ ব্যৱসায় কৰিছিল।৩
প্ৰথম বিধ ঙাপি প্ৰস্তুত কৰোঁতে মাছবিলাক ভালকৈ ধুই ৰ’দত তিনিদিনমান শুকাই লয়। তাৰপিছত মিহিকৈ কুটি নিমখ সানি এটা পাত্ৰত হেঁচি হেঁচি ভৰাই পাত্ৰটোৰ মুখখন বন্ধ কৰি থোৱা হয়। ই আমাৰ থেকেৰাৰ দৰে যিমানে পুৰণি হয়, সিমানেই ভাল বুলি গণ্য কৰা হয়। পিছত ইয়াৰে অকণমান উলিয়াই গৰম পানীত গুলি চাকি লৈ ৰসখিনি আন আঞ্জাত পেলাই দি খোৱা হয় অথবা ইয়াৰ লগত জলকীয়া দি পিটিকা কৰিও খোৱা হয়।২
দ্বিতীয়বিধ ঙাপিক স্থানীয় ভাষাত ঙাপাইয়ে বোলা হয়। এইবিধো সাধাৰণ ঙাপিৰ দৰেই প্ৰস্তুত কৰা হয়। মাছবোৰ পৰিষ্কাৰ কৰি নিমখ সানি ডাঙৰ ডাঙৰ কলহত ভৰাই মুখ বন্ধ কৰি কেইবাদিনলৈ থৈ দিয়ে। তাৰপিছত মাছবোৰ গেলিলে এটা নলী লগোৱা পাত্ৰৰ ওপৰত বাঁহৰ খৰাহিত ঢালি দিয়ে আৰু পানী ঢালি লৰাই লৰাই ৰস সৰুৱাই থাকে। ৰসবোৰ নলীৰে গৈ আন এটা বহল পাত্ৰত জমা হয়। চহকী মানুহে এই প্ৰকাৰৰ ঙাপি ব্যৱসাৰ উদ্দেশ্যে প্ৰস্তুত কৰা দেখা যায়। এই বিধ ঙাপি টিং বা কলহত ভৰাই আন ঠাইলৈ পঠিয়ায়।২
তৃতীয়বিধ ঙাপি সাধাৰণ গাঁৱলীয়া লোকে তৈয়াৰ কৰে। মাছবোৰ নিমখ সানি কলহ বা চুঙাত ভৰাই থৈ গেলাই সেই ৰসৰ লগত চাউলৰ গুড়ি মিহলি কৰি কলহত ভৰাই থয়। তাত পোক লাগি পোকৰ পৰা মাখি হৈ উৰি যোৱালৈ ই খাদ্য হিচাপে তৈয়াৰ হৈ নুঠে। সাধাৰণ মানুহে ঘৰতে এইবিধ ঙাপি প্ৰস্তুত কৰি লয়।২
বাৰ্মাত ঙাপিৰ এক বৃহৎ ব্যৱসায় আছে। বাৰ্মা ৰে’ল কোম্পানীয়ে ঙাপি আমদানি-ৰপ্তানি কৰিবলৈ বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে। বাৰ্মাসকলৰ বাদে দেশৰ তাই জাতিৰ লোকেও ঙাপি খাদ্য হিচাপে গ্ৰহণ কৰা দেখা যায়।২
তথ্যসূত্ৰ
- ↑ Ruddle, Kenneth; Ishige, Naomichi. (2010). On the Origins, Diffusion and Cultural Context of Fermented Fish Products in Southeast Asia. Globalization, Food and Social Identities in the Asia Pacific Region. Sophia University Institute of Comparative Culture
- ↑ বঢ়াগোহাঞি, পূৰ্ণকান্ত. (২০২১). পাতকাইৰ সিপাৰে ন বছৰ. নক্সা. পৃ. ১৩১. ISBN 978-93-5457-485-6
- ↑ Steinkraus, Keith. (2004-03-26). Industrialization of Indigenous Fermented Foods, Revised and Expanded. CRC Press. ISBN 978-0-8247-4784-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঙাপি” প্ৰবন্ধৰ সংশোধন ৩৮০৭৬০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।