জংজি (; চীনা: 粽子) হৈছে আঠাযুক্ত বৰা চাউলৰ পৰা তৈয়াৰ কৰা এবিধ পৰম্পৰাগত খাদ্য। এই খাদ্যৰ ভিতৰত বিভিন্ন মছলাৰ দৰে খাদ্য বস্তু ভৰাই বাঁহৰ পাত বা নল গছৰ পাত নাইবা অন্যান্য বহল পাতেৰে মেৰিয়াই দিয়া হয়। এই খাদ্য ভাপত বা উতলাই ৰান্ধি প্ৰস্তুত কৰা হয়।১ পূবৰ বিশ্বৰ পূৱ প্ৰান্তৰ লোকসকলে এই খাদ্যক প্ৰায়ে ইংৰাজীত “ৰাইচ ডাম্পলিংছ” (rice dumplings) বা “ষ্টিকি ৰাইচ ডাম্পলিংছ” (sticky rice dumplings) বুলি অনুবাদ কৰে যদিও চীন চৰকাৰে বিশ্বব্যাপী ব্যৱহাৰত “জংজি” নামটো আনুষ্ঠানিক নাম হিচাপে পঞ্জীয়ন কৰিছে।২
নাম
বহু শতিকাৰ জুৰি এছিয়াৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰাৰ লগে লগে জংজি বিভিন্ন ভাষা আৰু সংস্কৃতিত বিভিন্ন নামেৰে জনাজাত হৈ পৰে।৩ ম্যানমাৰৰ দৰে বাৰ্মিজ ভাষী অঞ্চলত ফেট টকে (phet htoke, ဖက်ထုပ်), কম্বোডিয়াত নম চাং (nom chang), ফিলিপাইনত মাচাং (machang), ইণ্ডোনেছিয়াত বাকাং (bacang), লাউচত খানাম চাং (khanom chang), আৰু থাইলেণ্ডত বা-চাং (ba-chang) বুলি কোৱা হয়।
ভিয়েটনামৰ খাদ্যাভাসত “বান উ ট্ৰ” (bánh ú tro) বা “বান ট্ৰ” (bánh tro) বুলি জনাজাত এই খাদ্যৰ প্ৰকাৰভেদ পোৱা যায়।৪
মালয়েছিয়া, ইণ্ডোনেছিয়া, ছিংগাপুৰ আৰু টাইৱানত বাস কৰা হকিয়ান চীনা লোকসকলে জংজিক ‘বাককাং’ (bakcang), ‘বাকাং’ (bacang), বা ‘জাং’ (zang) বুলি কয়। সেইদৰে ফিলিপাইনৰ চীনা ফিলিপাইন লোকসকলৰ মাজত জংজি ‘মাচাং’ (machang) নামেৰে অধিক জনপ্ৰিয়।
জাপানী খাদ্যতো পাতেৰে মেৰিয়াই থোৱা বৰা চাউল পৰা ‘চিমাকি’ (chimaki) নামৰ এবিধ খাদ্য পৰিৱেশন কৰা হয়। চিমাকিৰ আকৃতি চতুৰ্ভুজ, বৰ্গক্ষেত্ৰ, আয়তাকাৰ বা দীঘল সংকীৰ্ণ শংকুৰ দৰে হয়।
আমেৰিকাৰ কিছুমান অঞ্চলত, বিশেষকৈ কেলিফৰ্ণিয়া আৰু টেক্সাছত, জংজিক প্ৰায়ে “চাইনীজ টামালে” (Chinese tamales) বুলি জনা যায়।৫৬
জংজি মৰিছাছত বাস কৰা চীন-মৰিচাছ আৰু বহিঃৰাজ্যৰ চীনা সম্প্ৰদায়ো পৰম্পৰাগত খাদ্য। এই অঞ্চলত ইয়াক সাধাৰণতে ‘জং’ (zong) বুলি কোৱা হয়। ইয়াত কুই য়ানৰ স্মৃতিত অনুষ্ঠিত কৰা ড্ৰেগন নাও উৎসৱত এই খাদ্য বিশেষভাবে পৰিবেশন কৰা হয়।৭
জংজি উৎপত্তি সম্পৰ্কীয় চীনাসকলৰ মাজত এটা জনপ্ৰিয় শ্ৰুতিকথা প্ৰচলিত হৈ আছে। যুদ্ধৰত ৰাজ্যৰ যুগত চীনৰ চু ৰাজ্যত বাস কৰা বিখ্যাত কবি কুই য়ানৰ মৃত্যুৰ স্মৃতিত পৰিবেশন কৰা খাদ্যৰ প্ৰসাদ হিচাপে জংজি পৰিবেশন কৰা হৈছিল।৮ দেশপ্ৰেমী কুই য়ানে ৰজাক পৰামৰ্শ দিবলৈ চেষ্টা কৰিছিল যদিও কোনো লাভ নোহোৱা বাবে খ্ৰীষ্টপূৰ্ব ২৭৮ চনত মিল’ নদীত নিজকে বিসৰ্জন দিছিল।৯১০ চীনৰ জনসাধাৰণে কুই য়ানৰ প্ৰতিভা আৰু দেশৰ প্ৰতি থকা আনুগত্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰতি বছৰে কুই য়ানে নদীত বিসৰ্জন দিয়া দিনটোত তেওঁলোকে চাউলৰ পৰা প্ৰস্তুত খাদ্যও মিল’ নদীত বিসৰ্জন দিছিল। তেঁওলোকে আশা কৰিছিল যে নদীৰ মাছবোৰে কুই য়ানৰ শৰীৰৰ কোনো ক্ষতি নকৰাকৈ চাউলৰ খাদ্যবোৰ খাব।
বিৱৰণ
জংজি বিভিন্ন আকৃতিত প্ৰস্তুত কৰা হয়।১১ দক্ষিণ চীনত প্ৰায় চতুৰ্ভুজ আকৃতিৰ আৰু উত্তৰ চীনত দীঘলীয়া শঙ্কু আকৃতিত জংজি প্ৰস্তুত কৰা হয়। টাইপেইৰ “চিয়াং কাই-শ্বেক মেম'ৰিয়েল হল”ত প্লাষ্টিকৰ পৰা প্ৰস্তুত কৰা আয়তাকৃতিৰ জেংজিৰ প্ৰদৰ্শিনৰ বাবে থোৱা হৈছে। জংজি পৰিপাটিকৈ মেৰিয়াই লোৱা বিশেষ দক্ষতা বংশানুক্ৰমিকভাবে পৰিবাহিত হৈ আহিছে। সকলোৰে সহযোগত জংজি প্ৰস্তুত কৰাটো এটা পৰিয়ালকেন্দ্ৰিক পৰম্পৰা।
জংজি পৰম্পৰাগতভাবে বাঁহৰ পাতত মেৰিয়াই থোৱা হয়১২ যদিও কেতিয়াবা পদুম,১৩ নল,১৪ গোমধান, কল,১৫ কানা, অন্য উদ্ভিদৰ পাতো ব্যৱহাৰ কৰা হয়। প্ৰতেকবিধ পাতে জংজিক নিজস্ব সুগন্ধি আৰু সোৱাদ প্ৰদান কৰে।
জংজি সাধাৰণতে সকলো অঞ্চলতে বৰা চাউলৰ পৰাই প্ৰস্তুত কৰা হয় যদিও ভিতৰত ভৰোৱা মছলা অঞ্চলভেদে ভিন্ন হয়। অঞ্চলভেদে চাউলখিনি লৰাই পাতলকৈ ভাজি লোৱা হয় নাইবা পানীত তিয়াই লোৱা হয়। উত্তৰ অংশত মছলা হিচাপে প্ৰায়েই ৰঙা বীনৰ পেষ্ট আৰু টেপিওকা বা টাৰো ব্যৱহাৰ কৰা হয় আৰু এই মছলাৰ সোৱাদ প্ৰায়ে মিঠা হয়।১৬ চীনৰ উত্তৰ অঞ্চলত বগৰীৰে ভৰা জংজি জনপ্ৰিয়।১৭
দক্ষিণ অংশৰ জংজি টেঙা বা নিমখীয়া হয়।১৬ চীনৰ দক্ষিণ অঞ্চলত জংজিৰ মছলাত হাম,১৭ হাঁহৰ কণী, গাহৰিৰ মাংস বা কুকুৰাৰ মাংস, কাঠফুলা আদি ব্যৱহাৰ কৰা হয়।১৮ বৰ্তমান পৰম্পৰাগত বজাৰত মিঠা, টেঙা, নিমখীয়া আদি সকলো ধৰণৰ জংজি পোৱা যায়।
তথ্যসূত্ৰ
- ↑ Roufs, T.G.; Roufs, K.S. (2014). Sweet Treats around the World: An Encyclopedia of Food and Culture. ABC-CLIO. পৃ. 81. ISBN 978-1-61069-221-2
- ↑ (2020-06-25). 還在叫「rice dumpling」? 陸推動「國際統一標準」粽子英文. ETtoday
- ↑ (2018-06-18). Sweet and savory: Zongzi beyond your expectation. China Daily
- ↑ Avieli, Nir. (2012). Rice Talks: Food and Community in a Vietnamese Town. Indiana University Press. পৃ. 223. ISBN 978-0-253-35707-6
- ↑ (October 14, 2013). 'Chinese tamales' tastily fete culture
- ↑ Grandma Hsiang's Chinese Tamales - LUCKYRICE. luckyrice.com
- ↑ (2014-06-08). LE DRAGON BOAT FESTIVAL: Une fête qui réunit toutes les communautés, selon Mike Wong. Le Mauricien
- ↑ Hawkes 1985, পৃ. 64–66
- ↑ Zhang, Hanmo. (2018). Authorship and Text-making in Early China. e Gruyter. পৃ. 245. ISBN 9781501505195
- ↑ After composing the Jiu Zhang ("Nine Declarations") part of the Chu ci; this according to Wang Yi, the ancient (Han dynasty period) commentator to Qu Yuan as a poet. (More specifically, penning Lament for Ying portion of the Nine Declarations when the Qin general Bai Qi captured Yingtu, then the capital of Chu, in 278 BC
- ↑ Schmidt, A.; Fieldhouse, P. (2007). The World Religions Cookbook. Greenwood Press. পৃ. 27–28. ISBN 978-0-313-33504-4
- ↑ Thurman, Jim. (June 9, 2016). Where to Find Chinese Zongzi, the Sweet Pork-Filled Tamales Wrapped in Bamboo. L.A. Weekly
- ↑ Liao, Y. (2014). Food and Festivals of China. China: The Emerging Superpower. Mason Crest. পৃ. pt68. ISBN 978-1-4222-9448-2
- ↑ Jing, J. (2000). Feeding China's Little Emperors: Food, Children, and Social Change. Stanford University Press. পৃ. 105. ISBN 978-0-8047-3134-8
- ↑ Mayhew, B.; Miller, K.; English, A. (2002). South-West China. LONELY PLANET SOUTH-WEST CHINA. Lonely Planet Publications. পৃ. 121. ISBN 978-1-86450-370-8
- ↑ Gong, W. (2007). Lifestyle in China. Journey into China. China Intercontinental Press. পৃ. 12–13. ISBN 978-7-5085-1102-3
- ↑ Wei, Liming. (2011). Chinese festivals. Cambridge University Press. পৃ. 38–39. ISBN 978-0-521-18659-9
- ↑ Stepanchuk, Carol. (1991). Mooncakes and hungry ghosts: festivals of China. China Books & Periodicals. পৃ. 47. ISBN 0-8351-2481-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জংজি” প্ৰবন্ধৰ সংশোধন ৬৩১২৬৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।