অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গাজৰৰ হালোৱা

গজৰৰ হালোৱা (Gajar Ka Halwa) হৈছে ভাৰতীয় উপমহাদেশৰ এটা গাজৰ-আধাৰিত মিঠা পুডিং। ইয়াক এক নিৰ্দিষ্ট পৰিমাণৰ পানী, গাখীৰ, চেনী, ৰুকা গাজৰ আৰু ইলাচী পাত্ৰ এটাত আৰু তাৰ পিছত নিয়মীয়াকৈ লৰাই ৰন্ধাৰ দ্বাৰা তৈয়াৰ কৰা হয়। ইয়াক প্ৰায়ে কাঠবাদাম আৰু পিস্তাৰ সজ্জাৰ সৈতে পৰিৱেশন কৰা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৭৩ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গজৰৰ হালোৱা (Gajar Ka Halwa)১২৩ হৈছে ভাৰতীয় উপমহাদেশৰ এটা গাজৰ-আধাৰিত মিঠা পুডিং। ৪ ইয়াক এক নিৰ্দিষ্ট পৰিমাণৰ পানী, গাখীৰ, চেনী, ৰুকা গাজৰ আৰু ইলাচী পাত্ৰ এটাত আৰু তাৰ পিছত নিয়মীয়াকৈ লৰাই ৰন্ধাৰ দ্বাৰা তৈয়াৰ কৰা হয়। ইয়াক প্ৰায়ে কাঠবাদাম আৰু পিস্তাৰ সজ্জাৰ সৈতে পৰিৱেশন কৰা হয়।৫ ব্যৱহৃত বাদাম আৰু অন্যান্য সামগ্ৰীবোৰ প্ৰথমে ঘিউত ভজা হয়। ঘিউ হৈছে ভাৰতীয় উপমহাদেশৰ এক প্ৰকাৰৰ মাখন। ৬ এই মিঠাই পৰম্পৰাগতভাৱে ভাৰতৰ সকলো উৎসৱৰ সময়ত খোৱা হয়, মুখ্যতঃ দেৱালী, হোলী, ঈদ-আল-ফিতৰ আৰু ৰক্ষা বন্ধন উপলক্ষে। ৭

বিৱৰণ

গাজৰৰ হালোৱা হৈছে বাদাম, গাখীৰ, চেনী, খোয়া আৰু ঘিউৰ সৈতে ৰুকা গাজৰৰ সংমিশ্ৰণ। ই হৈছে ভাৰতীয় উপমহাদেশৰ আন বহুতো সাধাৰণ মিঠাইতকৈ কম চৰ্বিৰ (নিম্নতম ১০.০৩% আৰু গড় ১২.১৯%) সৈতে এক পাতল পুষ্টিকৰ মিঠাই। ৮ গাজৰ হালোৱাৰ এটা মধ্যমীয়া চেল্ফ জীৱন আছে সেয়েহে এতিয়া কেতিয়াবা ৰপ্তানিও কৰা হয়।

উৎসৱৰ সময়ত বহুলোকে তেওঁলোকৰ থালিত নিৰামিষ ব্যঞ্জনৰ লগতে মিঠাই পছন্দ কৰে। ইয়াৰ কম চৰ্বিযুক্ত পৰিমাণ, নিৰামিষ বৈশিষ্ট, সহজ নিৰ্মাণ, মজলীয়া চেল্ফ-লাইফ আৰু সোৱাদৰ বাবে গাজৰৰ হালোৱা সমগ্ৰ ভাৰততে এক জনপ্ৰিয় মিঠাই আৰু প্ৰায়ে বেছিভাগ উৎসৱত পৰিৱেশন কৰা হয়। ব্যঞ্জনটো প্ৰাপ্তবয়স্ক সকলৰ লগতে শিশুসকলৰ মাজতো জনপ্ৰিয়। ৩০০ গ্ৰাম গাজৰ হালোৱাত ২৬৮ কেলৰি থাকে (৭৬ চৰ্বিৰ পৰা, ১৮০ কাৰ্বোহাইড্ৰেটৰ পৰা আৰু ১৬ প্ৰ'টিনৰ পৰা আহে)।৯

উৎপত্তি

গাজৰৰ হালোৱা প্ৰথমে মোগল যুগত প্ৰৱৰ্তন কৰা হৈছিল আৰু নামটো আৰবী শব্দ "হালৱা"ৰ পৰা উদ্ভৱ হৈছিল, যাৰ অৰ্থ হৈছে "মিঠা" ১০ ১১ ই পঞ্জাৱত জনপ্ৰিয় যদিও ইয়াৰ উৎপত্তি তাত হৈছিল নে নাই সেয়া স্পষ্ট নহয়। এইটো আন প্ৰকাৰৰ পাঞ্জাৱী হালৱাৰ সৈতে একে। এই পুৰণি পৰম্পৰাগত ৰেচিপিটো বহু বছৰ ধৰি পাঞ্জাৱী ৰন্ধন কিতাপত পোৱা যায়। গাখীৰ আৰু গাজৰৰ সংমিশ্ৰণ হোৱাৰ বাবে ইয়াক গাখীৰ ৰসযুক্ত পাঞ্জাৱী ভাষাত ʼগাজাৰ কা হালৱাʼ বুলি কোৱা হয়। কিন্তু আন ক্ষেত্ৰত, ক্ৰীম বা মাৱা (খোয়া) আৰু গাজৰৰ সংমিশ্ৰণ বুলি এই হালোৱা বৰ্ণনা কৰা হয়। ১২

ভিন্নতা

গাজৰ-অমিতা হালোৱাত, সমান পৰিমাণৰ গাজৰ আৰু অমিতা ব্যৱহাৰ কৰা হয়। প্ৰথমে, গাজৰ আৰু অমিতা চুৰুকি মিশ্ৰণ প্ৰস্তুত কৰা হয়। এই মিশ্ৰণটো প্ৰায় ৫ মিনিটৰ বাবে কেৰাহি বা কুকাৰত ঘিউ দি ভজা হয়। বাকী প্ৰক্ৰিয়াটো গাজৰৰ ৰন্ধন প্ৰণালীৰ দৰে একে। এই ৰেচিপিটো শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰিছে কিয়নো ইয়াত অমিতা যোগ কৰা হয় যি নিয়মীয়া গাজৰ হালোৱাৰ তুলনাত এক পৃথক সোৱাদ প্ৰদান কৰে।১৩ ৰঙা মখমল গাজৰ হালৱা হৈছে গাজৰ হালোৱাত আন এক বিখ্যাত ভিন্নতা। ইয়াক তুলনামূলকভাৱে বৃহৎ পৰিমাণৰ গাখীৰ ক্ৰীমৰ লগতে গাজৰ, চেনী, গোলাপ পানী আৰু কম জুইত কেশৰ গৰম কৰি তৈয়াৰ কৰা হয়।১৪ ৰঙা মখমল গাজৰ হালৱা ভিটামিন এ আৰু কেলচিয়ামৰ অতি ভাল উৎস।

অন্যান্য কম পৰিচিত তাৰতম্যবোৰৰ ভিতৰত আছে গাজৰ আৰু বীটৰুট হালোৱা, চীজ গাজাৰ হালোৱা, খেজুৰ গাজাৰ হালোৱা আৰু গাজৰৰ মিঠাই। এই তাৰতম্যবোৰ আঞ্চলিক/ব্যক্তিগত পছন্দৰ দ্বাৰা জনপ্ৰিয়তাৰ পৃথক হয়, পৰম্পৰাগত গাজাৰ হালোৱা আটাইতকৈ জনপ্ৰিয়। গাজৰ আৰু বীটৰুট হালোৱা, ৰুকা বীটৰুট আৰু গাজৰ মিলোৱা হয় আৰু এই মিশ্ৰণটো কম জুইত কেৰাহিত পছন্দমতে এক নিৰ্দিষ্ট পৰিমাণৰ মাৱা আৰু চেনী যোগ দিয়া হয়। ৩০ মিনিট ৰন্ধা হয় আৰু ৰন্ধাৰ পিছত, গাজৰ আৰু বীটৰুট হালোৱা পৰিৱেশন কৰিবলৈ সাজু হয়। চীজ গাজৰ হালোৱা বেঙুনীয়া গাজৰ আৰু ৰিকোটা চিজৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা হয়। এই ব্যঞ্জনটো উত্তৰ ভাৰতত জনপ্ৰিয় কিয়নো বেঙুনীয়া গাজৰ বেছিভাগ তাত খেতি কৰা হয়।১৫

তথ্যসূত্ৰ

  1. ↑ Recipe: Carrot Halwa
  2. ↑ Julie Sahni. (1985). Classic Punjabi vegetarian and Grain Cooking. HarperCollins. পৃ. 512. ISBN 0-688-04995-8
  3. ↑ Gajar Ka Gajrela. NDTV Cooks
  4. ↑ Carrot Halwa Panna Cotta. Gulfnews
  5. ↑ Leverkuhn, A. What is Carrot Halwa
  6. ↑ Leverkuhn, A. What is Carrot Halwa
  7. ↑ - Nanakfoods "Gajar Halwa on Festivals"
  8. ↑ Deepti Pathak. Chef. "how to make perfect Gajar ka halwa". Retrieved 6 December 2018
  9. ↑ Nutrition Facts. Quitehealthy
  10. ↑ Sharma, Vaishali. Gajar ka Halwa (Sweet Carrot Pudding)
  11. ↑ Rosen, Diana. Carrot Halwa
  12. ↑ The Raman family. (2012). Carrot halwa Veg. bbc.co.uk
  13. ↑ Carrot Papaya Halwa
  14. ↑ Gupta, Sonia. Red velvet gajar halwa
  15. ↑ Sahni, Chetna. A Mad Tea Party

সম্পৰ্কিত শ্ৰেণী

খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাজৰৰ হালোৱা” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৮৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।