খিচড়ী (ইংৰাজী ভাষা: Kichadi) হৈছে কেৰালাৰ ৰন্ধনশৈলীত ব্যৱহৃত পাচড়ীৰ এবিধ টেঙা সংস্কৰণ।১২ এই টেঙা ব্যঞ্জনবিধ দৈ, বটা জীৰাৰ পেষ্ট আৰু তিয়ঁহ বা চাল কোমোৰাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। শেষত ইয়াৰ ওপৰত তেলত ভজা সৰিয়হ গুটি আৰু নৰসিংহ পাত ছটিয়াই সজোৱা হয়। খিচড়ী প্ৰায়ে সাদ্যা ভোজৰ অংশ হিচাপে পৰিৱেশন কৰা হয়।৩ ই উত্তৰ ভাৰতত পৰিৱেশন কৰা ৰাইতাৰ সৈতে কিছু পৰিমাণে একে, কিন্তু ইয়াৰ মূল পাৰ্থক্যটো হৈছে ইয়াত সৰিয়হ আৰু নৰসিংহ পাতৰ ফুট দিয়া হয়।৪
খিচড়ী কেৰালাৰ পৰম্পৰাগত ভোজ 'সদ্যা'ৰ এক অন্যতম অংগ আৰু ই ওনাম তথা বিষু উৎসৱৰ সময়ত অতি জনপ্ৰিয় খাদ্য।৫
তথ্যসূত্ৰ
- ↑ PM Modi can't live without 'khichdi' and 'poha'. PM Modi can't live without 'khichdi' and 'poha'
- ↑ Poojari, Devi. (8 April 2024). Key Differences Between Kichadi and Pachadi
- ↑ (9 September 2019). Here's looking at the delicious Onam Sadhya. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Rohatgi, Gauri. How To Make South-Indian-Style Tomato Raita. NDTV Food
- ↑ Rai, J. Curry Cookbook – Keralan Cuisine – Jay Rai's Indian Kitchen: करी व्यंजनों. Springwood Media. পৃ. pt4-5. ISBN 978-1-4761-2308-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খিচড়ী” প্ৰবন্ধৰ সংশোধন ৬২৫২৫৭ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।