খাদ্য
২৩৪ প্ৰবন্ধ
-
পুনুকুলু
পুনুকুলু বা পুনুগুলু(Punukulu) ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ এটা জলপান আৰু সাধাৰণ ৰাজপথৰ খাদ্য। পুনুকুলু হৈছে চাউল, উৰাদ দালি আৰু অন্যান্য মছলাৰে তৈয়াৰী ডিপ ফ্ৰাইড জলপান।
-
পুপুছা
পুপুছা হৈছে এল ছালভাডৰ আৰু হণ্ডুৰাছত তৈয়াৰ কৰা ডাঠ গ্ৰিডল কেক বা ফ্লেটব্ৰেড, যি মাকৈৰ গুড়ি বা চাউলৰ গুড়ি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। পুপুছা হ'ল এল ছালভাডৰৰ জাতীয় খাদ্য আৰু ইয়াক উদ্যাপন কৰিবলৈ বিশেষ দিন হিচাপে নৱেম্বৰ মাহত জাতীয় পুপুছা দিৱস পালন কৰা হয়।
-
পুৰনালু
বুৰেলু গুড় মিহলি দালিৰ পেষ্ট আৰু শুকান ফলৰ সৈতে ভৰোৱা পিঠাগুড়িৰে তৈয়াৰী ভাৰতীয় মিঠাই আৰু ডাম্পলিং। প্ৰায়ে ঘিউৰ লগত গৰমে গৰমে পৰিবেশন কৰা হয়। তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত ইয়াক পূৰনাম বুলি কোৱা হয়। পূৰ্নাম প্ৰস্তুত কৰাত সকলো দক্ষিণ ভাৰতীয় খাদ্যৰ সাধাৰণ পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰা হয়।
-
পোক্কালি ধান
পোক্কালি (ইংৰাজী: Pokkali) হৈছে এবিধ একক লৱণাক্ততা সহনশীল ধানৰ জাত। দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ আলাপ্পুঝা, কোট্টায়াম, ত্ৰিশূৰ আৰু এৰ্নাকুলাম জিলাৰ জলমগ্ন উপকূলীয় অঞ্চলৰ প্ৰায় ৫০০০ হেক্টৰ মাটিত এক জৈৱিক পদ্ধতিৰে ব্যাপক জলজ পালন ব্যৱহাৰ কৰি ইয়াৰ খেতি কৰা হয়।
-
ফলৰ ৰস
ফলৰ ৰস বা জুছ বুলিলে বিভিন্ন ফল-মূল আৰু পাচলিত মজুত হৈ থকা প্ৰাকৃতিক জুলীয়া পদাৰ্থ বা ৰসকে বুজা যায়। ফল বা অন্যান্য জৈৱিক উপাদান যেনে মাংস আৰু সাগৰীয় খাদ্যসামগ্ৰীৰ সোৱাদযুক্ত পানীয়কো জুছ বোলা হয়। জুছসমূহ শীতল পানীয় অথবা আন খাদ্যৰ উপকৰণ হিচাপে ব্যৱহৃত হয়।
-
ফেট ৰাস্কেল (খাদ্য)
ফেট ৰাস্কেল ঐতিহাসিক টাৰ্ফ কেকৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক প্ৰকাৰৰ কেক, ই সোৱাদ আৰু উপাদান দুয়োটা দিশতে স্কোন বা ৰক কেকৰ দৰেই। ইয়াৰ উৎপত্তি ইয়ৰ্কশ্বাৰত অন্ততঃ ১৯ শতিকাৰ আগতেই হৈছিল।
-
বগিয়া
বগিয়া (পিঠা বুলিও জনা যায়) ভাৰত আৰু নেপালৰ মৈথিলী আৰু থাৰু সম্প্ৰদায়ৰ এক সুস্বাদু খাদ্য। এই খাদ্য বিশেষভাৱে শীতকালত ৰন্ধা হয়। নেপালী ব্যঞ্জন ভিতৰত ই এটা ডাম্পলিং, য'ত চাউলৰ আটাৰ বাহিৰৰ আৱৰণ আৰু ভিতৰত মিঠা পদাৰ্থ নাইবা শাক-পাচলি অথবা কুকুৰা বা ছাগলীৰ মাংস আৰু অন্যান্য ভজা উপাদানৰ ভৰোৱা থাকে।
-
বগুৰাৰ দৈ
বগুৰাৰ দৈ বাংলাদেশৰ বগুৰাৰ এবিধ দৈ। বাংলাদেশৰ পৰম্পৰাগত মিঠাই আৰু ই সমগ্ৰ দেশতে জনপ্ৰিয়। ই মিঠা দৈৰ এটা ভিন্নতা, দৈৰ আন এটা প্ৰকাৰ।
-
বটাটা বড়া
বটাটা বড়া (बटाटा वडा) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ জনপ্ৰিয় ভাৰতীয় নিৰামিষ ফাষ্ট ফুড। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে আলুৰ বৰা। "বটাটা" নামটোৰ অৰ্থ পৰ্তুগীজ ভাষাত আলু, আৰু পৰ্তুগীজসকলে প্ৰথমে ভাৰতত আলুৰ প্ৰচলন কৰিছিল।
-
বড়া পাৱ (খাদ্য)
বড়া পাৱ, বিকল্প বানান ৱাডা পাও, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ স্থানীয় নিৰামিষ ফাষ্ট ফুড খাদ্য। ডিচটোত ডিপ ফ্ৰাইড আলুৰ ডাম্পলিং এটা ব্ৰেড বন (pav)ৰ ভিতৰত ৰখা হয় আৰু মাজৰ পৰা প্ৰায় আধা কাটি লোৱা হয়। ইয়াৰ লগত সাধাৰণতে এটা বা ততোধিক চাটনি আৰু এটা সেউজীয়া মৰিচা দিয়া হয়।
-
বণ্ডা (খাদ্য)
বণ্ডা গাঢ়কৈ ভজা দক্ষিণ ভাৰতীয় আলুৰ জলপান যাৰ বিভিন্ন অঞ্চলত বিভিন্ন মিঠা আৰু টেঙা সংস্কৰণ আছে। আটাইতকৈ সাধাৰণ হৈছে আলু বণ্ডা (আলু বণ্ডা), আৰু অন্যান্য অঞ্চল-নিৰ্দিষ্ট ভিন্নতাসমূহৰ ভিতৰত আলুৰ ঠাইত মিঠা আলু, টেপিওকা, কুটি লোৱা আনাৰস, সেউজীয়া পটল, পনীৰ বা চাউলকে ধৰি অন্যান্য উপাদানসমূহ অন্তৰ্ভুক্ত…
-
বহনি (খাদ্য)
বহনি হৈছে দেশী জনগোষ্ঠী মুছলমান সকলৰ পৰম্পৰাগত খাদ্য। অবিভক্ত গোৱালপাৰা জিলাৰ লগতে মেঘালয়ৰ গাৰোপাহাৰৰ সমতল ভূমিত বসবাস কৰা দেশী জনগোষ্ঠীৰ মুছলমান সকলৰ পৰম্পৰাগত খাদ্য। ইয়াক বকুনি বুলিও কোৱা হয়। বহনি তৈয়াৰ কৰা আৰু খোৱাৰ উপযুক্ত সময় ভাদ মাহ যদিও বেলেগ মাহতো খাব পাৰি।
-
বাংলা (মদ)
বাংলা হৈছে এটা মদ, যি শাৰ্কৰ পৰা নিৰ্মিত হয় আৰু পশ্চিমবংগত বিক্ৰী কৰা হয়। চৰকাৰ অনুমোদিত বিক্ৰয়কেন্দ্ৰসমূহত এই পানীয়টো উপলব্ধ। বাংলা এটা পাতন কৰা দেশী মদ।
-
বানবুৰী কে’ক
বানবুৰী কে’ক এবিধ মছলাযুক্ত, কণী আকৃতিৰ, কিচমিচ ভৰ্তি পেষ্ট্ৰি। ১৯ শতিকাৰ মাজভাগৰ পৰাই বানবুৰী কে’ক ক্ৰমান্বয়ে এক্লেছ কেকৰ সৈতে মিল খাইছে; কিন্তু আগৰ ৰুপবোৰ আধুনিক পেষ্ট্ৰিৰ পৰা যথেষ্ট পৃথক আছিল। কিচমিচৰ উপৰিও ভৰোৱা মিশ্ৰণত সাধাৰণতে বাকলি, ব্ৰাউন চুগাৰ, ৰাম আৰু জাইফল থাকে।
-
বাবকা
বাবকা পোলেণ্ড আৰু ইউক্ৰেইনৰ ইহুদী সম্প্ৰদায়ৰ খাদ্যাভ্যাসৰ পৰা উৎপত্তি হোৱা মিঠা ফোঁপোলা ৰুটি। ইজৰাইলত (সততে ইয়াক কেৱল চেনিৰ কেক বুলি কোৱা হয়) আৰু ইহুদী প্ৰব্ৰজনকাৰীসকলৰ মাজত ই জনপ্ৰিয়।
-
বিকানেৰী ভূজিয়া
বিকানেৰী ভূজিয়া এক প্ৰকাৰৰ বেচন আৰু ৰাজস্থানৰ চহৰ বিকানেৰৰ স্থানীয় মচলাৰে প্ৰস্তুত কৰা মচমচীয়া জলপান। ই দেখিবলৈ পাতল হালধীয়া বৰণৰ। পোনপ্ৰথমে ভূজিয়া বিকানেৰত তৈয়াৰ কৰা হৈছিল আৰু পিছলৈ গোটেই পৃথিৱীত ইয়াৰ প্ৰচলন হবলৈ ধৰিলে।
-
বুণ্ডী বা বুন্দিয়া
বুণ্ডী ভজা ডাঙৰ বুটৰ গুড়িৰে তৈয়াৰী এবিধ ভাৰতীয় জলপান। ইয়াক হয় নিমখীয়া জলপান হিচাপে খোৱা হয়, নহয় ডেজাৰ্ট হিচাপে মিঠা কৰি খোৱা হয়। সিন্ধ আৰু ৰাজস্থানত এই ব্যঞ্জনক নুক্টি (সিন্ধী: نڪتي, ধাটকী: نڪتي | নুक्तী) বোলা হয়। নেপালী আৰু ভোজপুৰী অঞ্চলত ইয়াক বুনিয়া (নিয়া) বুলি কোৱা হয়।
-
বেকড্ বীন চেণ্ডুইছ
বেকড্ বীন চেণ্ডুইছ দুখন ব্ৰেডৰ টুকুৰাৰ মাজত বেকড বীনেৰে তৈয়াৰী এক প্ৰকাৰৰ চেণ্ডুইচ, য'ত lettuceৰে গাৰ্নিচ কৰা হয় আৰু মেয়’নেজ বা বিলাহীৰ চচেৰে টপিং কৰা হ’ব পাৰে। বেকড্ বীন চেণ্ডুইচৰ ৰেচিপি ১৯০৯ চনৰ পৰাই পোৱা যায়।
-
বেকন এণ্ড কেবেজ (খাদ্য)
বেকন এণ্ড কেবেজ (আইৰিছ: bagún agus cabáiste) হৈছে আয়াৰলেণ্ডৰ সংস্কৃতিৰ সৈতে পৰম্পৰাগতভাৱে জড়িত খাদ্য। এই ব্যঞ্জনত কবি আৰু আলুৰ সৈতে সিজোৱা গাহৰিৰ পিঠিফালৰ মাংস টুকুৰা টুকুৰ কৰি দিয়া হয়। ধোঁৱাত শুকুওৱা বেকনও কেতিয়াবা ব্যৱহাৰ কৰা হয়।
-
বেন্নে ডোছা
দাৱনগেৰে বেন্নে ড’জ (Benne dose ) বা বাটাৰ ডোছা হৈছে এক প্ৰকাৰৰ ডোছা যাৰ উৎপত্তি ভাৰতৰ কৰ্ণাটকৰ দাৱনগেৰে চহৰৰ পৰাই হয়। কানাড়া ভাষাত "বেনে ড'জ" শব্দটোৰ অৰ্থ হৈছে কেৱল "বাটাৰ ডোছা।" সাধাৰণ ডোছা প্ৰস্তুত কৰাৰ সময়ত উদাৰ পৰিমাণৰ মাখন মিহলাই প্ৰস্তুত কৰা হয়, আৰু ইয়াৰ লগত নাৰিকলৰ চাটনিও দিয়া হয়।
-
বেলা পানা
বেলা পানা (ওড়িয়া: ବେଲ ପଣା) হৈছে, বেল্ ফলৰ মজ্জা পৰা তৈয়াৰী পানীয়। ইয়াক বেংগল কুইন্স, সোণালী আপেল, ঈগল মাৰ্মেলো (Aegle marmelos) আদি নামেৰেও জনা যায়। ভাৰতৰ ওড়িশাত বৈশাখ (বহাগ) মাহত পাণ সংক্ৰান্তি (ওড়িয়া নৱবৰ্ষ) উৎসৱ উপলক্ষে ইয়াক ব্যৱহাৰ কৰা হয়।
-
ভখা
ভখা পশ্চিমবংগ, সীমাঞ্চল আৰু দক্ষিণ-পূব নেপালৰ ৰাজবংশী আৰু থাৰু জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য। ই এটা ফুলা বা কোমল চাউলৰ পিঠা। ইয়াৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া অসমৰ টেকেলি পিঠাৰ দৰেই। পিহি লোৱা চাউলৰ গুড়ি পানীত লাহে লাহে তিয়াই হাতৰ তলুৱাৰে মথি ভখা প্ৰস্তুত কৰা হয়।
-
ভাত আৰু তৰকাৰী
ভাত আৰু তৰকাৰী শ্ৰীলংকাৰ লগতে ভাৰত উপমহাদেশৰ অন্যান্য অঞ্চলতো ই এক জনপ্ৰিয় আৰু প্ৰধান খাদ্য। ভাত আৰু তৰকাৰীৰ ৰাতিৰ আহাৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত কৰা হৈছে:
-
ভাতুৰা
ভাতুৰা ( bhatoora, batoora, batura, বা pathora ) ভাৰতীয় উপমহাদেশৰ খাদ্যাভ্যাসৰ পৰা উৎপত্তি হোৱা এবিধ ফুলি উঠা বেকিং মিশ্ৰিত টেঙা আটা বা ময়দাৰে কৰা ৰুটি। উত্তৰ আৰু পূব ভাৰতত ইয়াক সাধাৰণতে দুপৰীয়াৰ আহাৰ বা ব্ৰেকফাষ্টৰ খাদ্য হিচাপে পৰিৱেশন কৰা হয়।
-
মক্কি কি ৰোটি
মক্কি কি ৰোটি ( Makki ki roti) হৈছে কুঁহিয়াৰৰ গুড়ি (কুঁহিয়াৰৰ আটা)ৰ পৰা তৈয়াৰী চেপেটা খমিৰবিহীন ৰুটি। ভাৰত উপমহাদেশৰ বেছিভাগ ৰুটিৰ দৰে ইয়াক টাৱাত সেকা হয়।
-
মচৌৰা
মচৌৰা হৈছে কিম্বন কৰি সূৰ্যৰ তাপত শুকুৱাই তৈয়াৰ কৰা খাদ্যবস্তু, যি কলা দালিৰ লগত বিভিন্নধৰণৰ সেউজীয়া শাক-পাচলি মিহলাই তৈয়াৰ কৰা হয়। এই খাদ্যৰ উৎপত্তি হৈছে নেপালত আৰু বিভিন্ন দেশত থকা নেপালী সমাজে ইয়াক প্ৰস্তুত কৰে।
-
মছলা দোচা
মছলা দোচা (Masala dosa) কৰ্ণাটকৰ উডুপি চহৰৰ পৰা উৎপত্তি হোৱা দক্ষিণ ভাৰতৰ এক খাদ্য। ইখন চহৰৰ পৰা সিখন চহৰলৈ ৰেচিপিৰ মাজত পাৰ্থক্য থাকিলেও, মূল ৰেচিপিটো সাধাৰণতে সামান্য সিজোৱ চাউল, প'হা আৰু বিভিন্ন মাহজাতীয় শস্য (ক'লা চকা, পামাটি মাহ, চানা বা বুট)ৰ গুড়ি কৰি তিয়াই কৰা উপকৰণৰ পৰা আৰম্ভ হয় আৰু…
-
মন্সুন মালাবাৰ
মন্সুন মালাবাৰ, যাক মনছুন মালাবাৰ বুলিও কোৱা হয়, কফিৰ বীনত প্ৰয়োগ কৰা এক প্ৰক্ৰিয়া। চপাই অনা কফিৰ বীজবোৰ বাৰিষাৰ বৰষুণ আৰু বতাহত প্ৰায় তিনিৰপৰা চাৰি মাহৰ বাবে তিতি থাকে, যাৰ ফলত বীনবোৰ ফুলি উঠে আৰু মূল এচিডিটি হেৰুৱাই পেলায়, যাৰ ফলত কাৰ্যতঃ নিৰপেক্ষ সোৱাদৰ মাত্ৰা পি এইচ ভৰসাম্যৰ সৈতে পোৱা যায়।
-
মহাৰাষ্ট্ৰৰ খাদ্য
মহাৰাষ্ট্ৰৰ খাদ্য (Maharashtrian cuisine) বা মাৰাঠী খাদ্য ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মাৰাঠী লোকসকলৰ খাদ্য। ইয়াৰ সুকীয়া বৈশিষ্ট্য আছে, আনহাতে অন্যান্য ভাৰতীয় খাদ্যৰ সৈতে বহুখিনি মিল আছে। পৰম্পৰাগতভাৱে মহাৰাষ্ট্ৰীয়সকলে তেওঁলোকৰ খাদ্যক আনতকৈ অধিক অতি সাধাৰণ আৰু সহজ বুলি গণ্য কৰে।
-
মাছৰ পেটুৰ ব্যঞ্জন
মাছৰ পেটুৰ ব্যঞ্জন অসমীয়া লোকৰ এক জনপ্ৰিয় খাদ্য। প্ৰধানতঃ থলুৱা মাছৰ পেটু খাদ্য হিচাপে গ্ৰহণ কৰা হয়। ইয়াক ভাজি বা পাতত দি প্ৰস্তুত কৰা হয় আৰু ভাতৰ লগত পৰিবেশন কৰা হয়।