অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গাহৰিৰ তেজৰ দৈ

গাহৰিৰ তেজৰ দৈ (চীনা: 豬紅), যাক "ব্লাড টফু" (blood tofu) বা "ব্লাড পুডিং" (blood pudding) (চীনা: 血豆腐) বুলিও জনা যায়, হৈছে চীনৰপৰা উৎপত্তি হোৱা এক জনপ্ৰিয় সুস্বাদু খাদ্য। ইয়াক সাধাৰণতে কাৰ্ব'হাইড্ৰেটযুক্ত খাদ্য যেনে নূডলছ বা জাউৰ সৈতে পৰিৱেশন কৰা হয়।

হালনাগাদ: ২২ ছেপ্তেম্বৰ ২০২৬ ৪৪৬ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

গাহৰিৰ তেজৰ দৈ (চীনা ভাষা: 豬紅), যাক "ব্লাড টফু" (blood tofu) বা "ব্লাড পুডিং" (blood pudding) (চীনা: 血豆腐) বুলিও জনা যায়, হৈছে চীনৰপৰা উৎপত্তি হোৱা এক জনপ্ৰিয় সুস্বাদু খাদ্য। ইয়াক সাধাৰণতে শৰ্কৰাযুক্ত খাদ্য যেনে নূডলছ বা জাউৰ সৈতে পৰিৱেশন কৰা হয়।

পটভূমি

গাহৰিৰ তেজৰ দৈৰ উৎপত্তি দক্ষিণ চীনৰ ব্লাড ৰাইচ পুডিং (米血糕)ৰপৰা হৈছে। ব্লাড ৰাইচ পুডিং হৈছে তেজ আৰু চাউলৰ দানাৰে প্ৰস্তুত কৰা একপ্ৰকাৰৰ পিঠা বা খাদ্য। চাউল হৈছে দক্ষিণ চীনৰ খাদ্যৰ প্ৰধান উপাদান; চাউল ৰন্ধাৰ দুটা সাধাৰণ পদ্ধতি হ’ল ভাপত দিয়া আৰু সিজোৱা। হাঁহৰ মাংসক এক পুষ্টিকৰ পৰিপূৰক হিচাপে গণ্য কৰা হয়, কিন্তু অতীতৰ দুৰ্বল জীৱন-ধাৰণৰ বাবে চীনা উৎসৱবোৰত কেৱল বলিদান হিচাপেহে পোহনীয়া চৰাই আগবঢ়োৱা হৈছিল। হাঁহৰপৰা পুষ্টি লাভ কৰিবলৈ খেতিয়কসকলে ইয়াৰ তেজ সংৰক্ষণ কৰি চাউলৰ সৈতে ভাপত দি ছচ বা আঞ্জাৰ সৈতে খাইছিল। পিছলৈ এই ব্লাড ৰাইচ পুডিং ওচৰ-পাজৰৰ চহৰ আৰু গাঁওবোৰলৈ বিয়পি পৰে আৰু মানুহে ইয়াৰ নাম হাঁহৰ তেজৰ পিঠা বা ডাক ব্লাড পুডিং (鴨血糕) ৰাখে। কিন্তু হাঁহৰ মূল্য বৃদ্ধি পোৱাৰ বাবে আৰু কুকুৰাৰ তেজে পিঠাৰ দৰে গোট মাৰিব নোৱাৰাৰ বাবে হাঁহৰ তেজৰ ঠাইত গাহৰিৰ তেজ ব্যৱহাৰ কৰা আৰম্ভ হয়, যাৰ ফলত গাহৰিৰ তেজৰ দৈ জন্ম হয়।১২

প্ৰস্তুত প্ৰণালী

গাহৰিৰ তেজৰ দৈ হৈছে গোট মৰা গাহৰিৰ তেজ। উৎপাদকসকলে কেঁচা সতেজ তেজ এটা পৰিষ্কাৰ পাত্ৰত প্ৰায় ১০ মিনিট পৰ্যন্ত ৰাখি গোট মাৰিবলৈ দিয়ে। তেজৰ গোট মৰা ডাঙৰ টুকুৰাটো সৰু সৰু টুকুৰা কৰি কাটি তাৰ পিছত পানীৰ সৈতে মজলীয়া জুইত এটা পাত্ৰত গৰম কৰা হয়। গৰম কৰাৰ প্ৰক্ৰিয়াত তেজৰ টুকুৰাবোৰ টান বা কঠিন কৰিবলৈ নিমখ যোগ কৰা হয়।৩

বৈশিষ্ট্য আৰু প্ৰকাৰ ভেদ

Pig blood jelly.jpg
ছবি: Alpha · CC BY-SA 2.0

গাহৰিৰ তেজৰ দৈ কোমল, মিহি আৰু অলপ চোবাই খাব পৰা বিধৰ হয়। ইয়াক এনেও খাব পাৰি, বা সিজোৱা চুপ, হট পটত দি, বা আনকি কাঠৰ কাঠি এডালত গুঁজি লঘু আহাৰ হিচাপেও প্ৰস্তুত কৰিব পাৰি।৪

গাহৰিৰ তেজেৰে বিভিন্ন ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰিব পৰা যায়: চীনত "গাহৰিৰ তেজৰ জাউ" (豬血粥)ৰ দৰে ৰেচিপি আছে, যিটো হৈছে জাউ বা মণ্ডৰ ভিতৰত গাহৰিৰ তেজৰ টুকুৰা দি প্ৰস্তুত কৰা একপ্ৰকাৰ খাদ্য। আনহাতে "মাওছুৱেৱাং" (毛血旺) হৈছে একপ্ৰকাৰৰ চিচুয়ান খাদ্য, য’ত গাহৰিৰ তেজৰ দৈ, গৰুৰ পাকস্থলীৰ অংশ, লাঞ্চন মিট, বামী মাছ, কোনো ধৰণৰ অন্ত্ৰ আৰু বুটমাহৰ গজালি আদি চিচুয়ান শৈলীৰ খুব জলা চুপত পৰিৱেশন কৰা হয়।৫ টাইৱানত গাহৰিৰ তেজক "গাহৰিৰ তেজৰ পিঠা" (豬血糕) নামৰ এটা ৰাজপথৰ খাদ্য হিচাপে তৈয়াৰ কৰা হয়, যিটো হৈছে গাহৰিৰ তেজ, ভজা বা ভাপত দিয়া বৰা চাউল আৰু বাদামৰ গুড়িৰ মিশ্ৰণ যাক এডাল কাঠৰ কাঠিত পৰিৱেশন কৰা হয়।৬

গাহৰিৰ তেজ বহু পশ্চিমীয়া দেশতো খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, ব্ৰিটেইনত ব্লেক পুডিং (বা tezxor cosez) গাহৰিৰ তেজ আৰু উচ্চ মাত্ৰাৰ ওটমলৰে প্ৰস্তুত কৰা হয়।৭

পুষ্টিগুণ

গাহৰিৰ তেজৰ দৈ মাংসসাৰৰে চহকী, যিয়ে মানুহৰ শৰীৰত পোৱা বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় এমিন’ এচিডৰ যোগান ধৰে। ই সহজে হজম আৰু শোষণ কৰিব পৰা এক পুষ্টিকৰ খাদ্য। এই পুষ্টিঘন খাদ্যবিধত লেচিথিন আৰু লোৰ দৰে উপকাৰী যৌগও থাকে, যিবোৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ।৮

লগতে চাওক

  • তেজৰ চচেজ (Blood sausage)
  • খাদ্য হিচাপে তেজ (Blood as food)

তথ্যসূত্ৰ

  1. ↑ Wilson J. Warren Meat Makes People Powerful: A Global History of the Modern Era University of Iowa Press, 2018
  2. ↑ Taiwan food culture-Zhuxie Gao. Taiwan Food Culture
  3. ↑ (2005-03-14). 致癌凝膠製假豬红. Apple Daily
  4. ↑ Blood tofu: bloody delicious? Travel, China.org.cn. March 12, 2010. Retrieved (23.03.2014)
  5. ↑ 毛血旺的做法. 美食杰
  6. ↑ Street Food From Taiwan: Pig's Blood Cake Nicholas Chen, Seriouseats. Retrieved (23.03.2014)
  7. ↑ Bule, Guise. Traditional Black Pudding. The English Breakfast Society
  8. ↑ (2011-12-08). Health benefits from pig blood. Hànộimới Newspaper

সম্পৰ্কিত শ্ৰেণী

চীনা ৰন্ধনপ্ৰণালীগাহৰিৰ মাংসৰ ব্যঞ্জনখাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাহৰিৰ তেজৰ দৈ” প্ৰবন্ধৰ সংশোধন ৬৩৬৬১০ (২২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।