অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

আহোম বগৰী

আহোম বগৰী (peach, বৈজ্ঞানিক নাম: Prunus persica) এবিধ পৰ্ণপাতী উদ্ভিদ। পূব চীনৰ ঝেজিয়াং প্ৰদেশত পোনপ্ৰথমবাৰৰ বাবে এইবিধ গছৰ ঘৰচীয়াকৰণ কৰা এই ফলৰ প্ৰজাতিৰ সঁচ অসমলৈ চ্যু-কা-ফা আৰু টাই-আহোম গোটে চীনৰ পৰা প্ৰবজন কৰি আহোঁতে লৈ আনিছিল। আহোম বগৰীৰ ফলসমূহ খাদ্য হিচাপে গ্ৰহণ কৰা হয়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আহোম বগৰী (peach, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Prunus persica) এবিধ পৰ্ণপাতী উদ্ভিদ। পূব চীনৰ ঝেজিয়াং প্ৰদেশত পোনপ্ৰথমবাৰৰ বাবে এইবিধ গছৰ ঘৰচীয়াকৰণ কৰা এই ফলৰ প্ৰজাতিৰ সঁচ অসমলৈ চ্যু-কা-ফা আৰু টাই-আহোম জনগোষ্ঠী গোটে চীনৰ পৰা প্ৰবজন কৰি আহোঁতে লৈ আনিছিল।১ ২আহোম বগৰীৰ ফলসমূহ খাদ্য হিচাপে গ্ৰহণ কৰা হয়। একেই প্ৰুনাছ (Prunus) গণৰ নৰা বগৰী নামৰ এবিধ ফলো অসমত পোৱা যায়।

persica নামটোৱে পাৰ্ছিয়া অৰ্থাৎ বৰ্তমানৰ ইৰাণত ফলবিধৰ ব্যপক পৰিসৰৰ খেতিক সূচায়। সেই ঠাইৰপৰা ইয়াক ইউৰোপলৈ নিয়া হৈছিল। ই Rosaceae পৰিয়ালৰ Prunus গণৰ অন্তৰ্গত য'ত চেৰীফল, এপ্ৰিকোট, আলমণ্ড আৰু প্লাম অন্তৰ্ভুক্ত।৩ আলমণ্ডৰ সৈতে আহোম বগৰীৰ শাহটোৰ সোৱাদৰ সাদৃশ্য আছে।৪

আহোম বগৰীৰ 'নেকট্ৰাইন' (বগা আহোম বগৰী) বোলা এটা ভিন্ন প্ৰকাৰো পোৱা যায়। বাণিজ্যিকভাৱে দুয়োবিধ ভিন্ন ফল হ'লেও ইহঁ‌ত একেই প্ৰজাতিৰ। ইহঁ‌তৰ মূল পাৰ্থক্যটো হৈছে যে আহোম বগৰীৰ গাত সৰু সৰু শুং থাকে। আনহাতে নেকট্ৰাইন নিমজ। MYB25 নামৰ জিনৰ উৎপৰিৱৰ্তন বা মিউটেচনৰ বাবে এই পাৰ্থক্য দেখা যায়।৫৬

২০১৮ চনত চীনদেশে অকলেই বিশ্বৰ আহোম বগৰী আৰু বগা আহোম বগৰীৰ মুঠ ৬২% উৎপাদন কৰিছিল।৭

বিৱৰণ

নেকট্ৰাইন বা বগা আহোম বগৰী
নেকট্ৰাইন বা বগা আহোম বগৰীছবি: Fir0002 · GFDL 1.2

আহোম বগৰীৰ গছ ৫–১০ মিটাৰ পৰ্যন্ত ওখ হয়। ইয়াৰ পাতবোৰ দীঘলীয়া আৰু খাঁ‌জকটা। এইসমূহ ৭–১৫ চে.মি. দীঘল (৩–৬ ইঞ্চি), ২–৩ চে.মি. বহল হয়। পাত ওলোৱাৰ আগতে বসন্তৰ আৰম্ভণিতে ফুল ফুলে। ফুলবোৰ একক বা থোপাকৈ ফুলে আৰু ই ২.৫–৩ চে.মি. ব্যাসৰ। ফুলৰ ৰঙ গোলাপী আৰু ইয়াত পাঁচোটাকৈ পাহি থাকে। ফলৰ শাহ হালধীয়া বা বগা ৰঙৰ আৰু সুগন্ধি। আহোম বগৰীৰ ফল শুংযুক্ত আৰু আহোম বগৰীৰ ফল মসৃণ। কিছুমান জাতৰ শাহ অতি কোমল। কিন্তু কিছুমান জাতৰ বিশেষকৈ সেউজীয়া ৰঙৰ হ’লে ই মোটামুটি দৃঢ় হয়। এই গশহৰ ফল এগুটীয়া। বীজটো ৰঙা-বাদামী ৰঙৰ, ডিম্বাকৃতিৰ, প্ৰায় ১.৩–২ চে.মি. দীঘল আৰু ইয়াৰ চাৰিওফালে কাঠৰ দৰে খোলা থাকে।

উৎপাদন

আহোম বগৰী আৰু আহোম বগৰীৰ উৎপাদন, ২০২০
দেশউৎপাদন (লাখ টন)
১৫.০০
১.৩১
১.০২
০.৮৯
০.৮৯
০.৬৬
০.৫৬
০.৩৪
০.৩১
০.২৭
বিশ্ব২৪.৫৭
Source: United Nations, FAOSTAT৭

তথ্যসূত্ৰ

  1. ↑ Yang, Xiaoyan; Zheng, Yunfei; Crawford, Gary W. (2014). Archaeological Evidence for Peach (Prunus persica) Cultivation and Domestication in China. PLOS ONE. পৃ. e106595
  2. ↑ টাই আহোমসকলৰ কৃষি পদ্ধতি:
  3. ↑ (2016-07-27). Almond Tree - Learn About Nature
  4. ↑ Haase, Ilka; Brüning, Philipp; Matissek, Reinhard. (2013-04-10). Real-time PCR assays for the quantitation of rDNA from apricot and other plant species in marzipan. Journal of Agricultural and Food Chemistry. পৃ. 3414–3418
  5. ↑ Frequently Asked Questions. Oregon State University
  6. ↑ Vendramin, Elisa; Pea, Giorgio; Dondini, Luca. (2014-03-03). A Unique Mutation in a MYB Gene Cosegregates with the Nectarine Phenotype in Peach. PLOS ONE. পৃ. e90574
  7. ↑ (2019). Production of peaches and nectarines in 2018; Crops/Regions/World/Production Quantity (from pick lists). United Nations, Food and Agricultural Organization, Statistics Division (FAOSTAT)

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঔষধি উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহোম বগৰী” প্ৰবন্ধৰ সংশোধন ৫৪০৯৪১ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।