অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গাখীৰতী বন

গাখীৰতী বন (বৈজ্ঞানিক নাম: Euphorbia hirta) আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ পৰা উৎপত্তি হোৱা এবিধ ক্ৰান্তীয় অপতৃণ। এই উদ্ভিদক কেতিয়াবা এষ্ঠমা-প্লাণ্ট (asthma-plant; হাঁপানি-উদ্ভিদ) বুলিও কোৱা হয়। ই মুকলি ঘাঁহনি, পথৰ কাষত গজা এবিধ নোমযুক্ত বনৌষধি।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

গাখীৰতী বন (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Euphorbia hirta) আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ পৰা উৎপত্তি হোৱা এবিধ ক্ৰান্তীয় অপতৃণ।১ এই উদ্ভিদক কেতিয়াবা এষ্ঠমা-প্লাণ্ট (asthma-plant; হাঁপানি-উদ্ভিদ) বুলিও কোৱা হয়। ই মুকলি ঘাঁহনি, পথৰ কাষত গজা এবিধ নোমযুক্ত বনৌষধি। এই উদ্ভিদক বিশ্বৰ বহু সংস্কৃতিৰ পৰম্পৰাগত বনৌষধি চিকিৎসাত হাঁপানি, ছালৰ ৰোগ আৰু উচ্চ ৰক্তচাপ আদিৰ ঔষধ হিচাপে বহুলভাৱে ব্যৱহাৰ কৰা হয়।২ ফিলিপাইনত (টাৱা-টাৱা বুলি জনা যায়), বিশেষকৈ ডেংগি জ্বৰ আৰু মেলেৰিয়াৰ বাবে ইয়াক বনৌষধি চাহৰ ৰূপত লোকঔষধ হিচাপেও সেৱন কৰা হয়।৩৪

বিৱৰণ

গাখীৰতীৰ ফুল
গাখীৰতীৰ ফুলছবি: Edurafi2 · CC BY-SA 4.0

গাখীৰতী এবিধ একবৰ্ষী উদ্ভিদ। এই বনৌষধিবিধ প্ৰায় ৬০ চে.মি. ওখ হয়। ইয়াৰ কাণ্ড কঠিন আৰু কাণ্ড আৰু পাতত সৰু সৰু নোম থাকে। পাতৰ তল ফালে শিৰাবোৰ স্পষ্ট ৰূপত দেখা যায়। কাণ্ডৰ পৰা বিপৰীত দিশলৈ মূৰ কৰি যোৰকৈ পাত ওলায়। ফুলবোৰ একলিংগী আৰু প্ৰতিটো পাতৰ গুৰিত উদ্ভৱ হয়, সাধাৰণতে কাণ্ডৰ ওচৰত থুপা আকৃতিত ফুল আৰু ফলৰ গুচ্ছ দেখা পোৱা যায়। ফুলবোৰত সৰু সৰু বগা/গোলাপী পাহিৰ দৰে উপসৰ্গ থাকে। ইয়াৰ পাত আৰু কাণ্ড চিঙিলে এবিধ বগা তৰুক্ষীৰ ওলায়।৫

ব্যৱহাৰ

পৃথিৱীৰ বিভিন্ন প্ৰান্তত গাখীৰতী বনক বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়।২ হাঁপানি, উচ্চ ৰক্তচাপ, মহিলাৰ ৰোগ, শিশুৰ কৃমি ৰোগ, গ্ৰহণী, জণ্ডিছ, গনৰিয়া ইত্যাদি বিভিন্ন ৰোগত ইয়াক পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। অসমীয়া লোকসকলে ব'হাগ বিহুৰ সময়ত পালন কৰা এশ এবিধ শাক খোৱাৰ এক পৰম্পৰা সাতশাকীৰ অন্তৰ্গত ই এবিধ অন্যতম শাক।৬

তথ্যসূত্ৰ

  1. ↑ The Royal Botanic Garden Sydney PlantNET Database Entry. Royal Botanical Gardens Sydney
  2. ↑ (2010). 'Euphorbia hirta: Its chemistry, traditional and medicinal uses, and pharmacological activities. Pharmacognosy Reviews''. পৃ. 58–61
  3. ↑ Yam, Hilton Y.; Montaño, Marco Nemesio E.; Sia, Isidro C. (2018). Ethnomedicinal Uses of tawatawa (Euphorbia hirta Linn.) in Selected Communities in the Philippines: a Non-invasive Ethnographic Survey Using Pictures for Plant Identification. Acta Medica Philippina
  4. ↑ (8 October 2019). 'Tawa-tawa': Herbal supplement that can help fight dengue. PhilStar Global
  5. ↑ (2007-07-21). Open Source for Weed Assessment in Lowland Paddy Fields (OSWALD). Asia IT&C Programme of the European Union
  6. ↑ (19 April 2022). সাত বিহুৰ পৰম্পৰা ১০১ এবিধ শাক: পৰম্পৰাৰ আঁৰতো আছে বহু কাৰণ…. অসমীয়া প্ৰতিদিন

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাখীৰতী বন” প্ৰবন্ধৰ সংশোধন ৫৪০৪২১ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।