কঁহুৱা বন বা খাগৰী বা বনৰীয়া কুঁহিয়াৰ (কাশ, काँस, काँस, କାଶତଣ୍ଡି, நாணல்) হৈছে এবিধ তৃণ জাতীয় উদ্ভিদ। এই বনবিধৰ বৈজ্ঞানিক নাম ছ্যাচাৰাম স্পণ্টেনিয়াম (Saccharum spontaneum)। ই ছ্যাচাৰাম গণ আৰু স্পণ্টেনিয়াম প্ৰজাতিৰ অন্তৰ্ভুক্ত। অসমত কঁহুৱা নামেৰে জনাজাত এই বনবিধ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও দক্ষিণ আফ্ৰিকা আৰু হিমালয়ৰ কাষৰীয়া ঠাই নেপাল, ভূটান আদিত প্ৰচুৰ পৰিমাণে পোৱা যায়। এই বনবিধ সাধাৰণতে নদী কাষৰীয়া অঞ্চলত প্ৰচুৰ পৰিমাণে গজে।
ব্যৱহাৰ
এই বনবিধ ভাৰতৰ গঁড়ৰ প্ৰধান খাদ্য। ইয়াৰোপৰি গৰু, মহ আদিৰ খাদ্য হিচাপেও ইয়াৰ ব্যৱহাৰ হয়। গাঁও অঞ্চলত এইবিধ বন ঘৰৰ চাল চোৱা কামত প্ৰায়ে ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰোপৰি ঠাই সাৰিবলৈ ব্যৱহাৰ কৰা শোটা আদি বনাবলৈয়ো কঁহুৱা বনৰ ব্যৱহাৰ হয়। ইয়াৰোপৰি কঁহুৱা বন আয়ুৰ্বেদিক চিকিৎসাৰ বাবেও ব্যৱহাৰ হয়।১২
বিৱৰণ
কঁহুৱা এবিধ তৃণ জাতীয় উদ্ভিদ। ই একবীজপত্ৰি। ইয়াৰ শিপা গুচ্ছ মূল জাতীয়। এই বনবিধৰ জীৱনকাল দুবছৰ। ইহঁতৰ উচ্চতা তিনি মিটাৰলৈকে হয়।৩৪ নৈ পাৰৰ বালি অঁহিয়া মাটিত ইয়াৰ বিকাশ ভাল হয়। কঁহুৱা বনৰ বীজবোৰে পানীৰ মাধ্যমেৰে ভ্ৰমণ কৰে। শৰৎ ঋতুৰ সময়ছোৱাত কঁহুৱা বনবোৰে ফুলিবলৈ আৰম্ভ কৰে। ইয়াৰ ফুলবোৰ বগা বৰণৰ আৰু আকাৰত দীঘলীয়া।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কঁহুৱা বন” প্ৰবন্ধৰ সংশোধন ৪৪৩৯৩২ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।