কৌপাত বা কৌ ভাৰতকে ধৰি এচিয়াৰ কিছুসংখ্যক দেশ যেনে চীন, ম্যানমাৰ, কম্বোডিয়া, লাউচ আদিৰ মাজেৰে নিউগিনিলৈকে বিয়পি থকা একপ্ৰকাৰৰ চিৰসেউজ সপুষ্পক উদ্ভিদ। ভাৰতৰ ঘাইকৈ অসম, অৰুণাচল প্ৰদেশ আৰু পূব হিমালয়ৰ কোনো কোনো অঞ্চলত উদ্ভিদজোপাৰ বিস্তৃতি দেখা যায়। ইয়াৰে ভিতৰত অসমতেই কৌপাতৰ বিস্তৃতি সৰ্বাধিক।১
বিৱৰণ
কৌপাতৰ গছ সাধাৰণতে প্ৰায় ১ মিটাৰ পৰ্যন্ত ওখ হয়।২ ইয়াৰ কোনো ডাল নাথাকে আৰু মূল বা শিপা অংশৰ পৰা একাধিক কাণ্ড ওলাই আহি পত্ৰদণ্ডৰ ৰূপ লয়। প্ৰত্যেকডাল পত্ৰদণ্ডত এখিলাকৈ পাত থাকে। ই দীঘলে প্ৰায় ২০-৬০ ছেমি আৰু বহলে প্ৰায় ৭-২০ ছেমি।৩ এই পাতসমূহ ডিম্বাকৃতিৰ আৰু এডাল মধ্যশিৰাৰ লগতে কলপাতৰ দৰে বহুসংখ্যক শাখাশিৰা থাকে। পাতৰ দৰেই কাণ্ডৰ পৰাই মটীয়া-ৰঙা ৰংৰ পুষ্পধৰ পত্ৰৰ আৱিৰ্ভাৱ ঘটে। পুষ্পধৰ বহুকেইটা মূৰেৰে জোঙামূৰীয়া আকাৰৰ হয়। কৌপাতৰ শিপাৰ পৰাই নতুন পোখালিৰ জন্ম হয়।
ব্যৱহাৰ
এচিয়া মহাদেশৰ বিভিন্ন দেশত খাদ্যবস্তু বান্ধি ৰান্ধিবৰ বাবে কৌপাতৰ ব্যৱহাৰ কৰা হয়। অসমৰ জনগোষ্ঠীয় লোকসকলে কৌপাতত ভাত সিজাই টোপোলা ভাত প্ৰস্তুত কৰে। এই টোপোলা ভাতক জনগোষ্ঠীভেদে পুৰাং আপিন, খাও হ' আদি নামেৰে জনা যায়।
তথ্যসূত্ৰ
- ↑ Phrynium pubinerve Blume. India Biodiversity Portal
- ↑ Useful Tropical Plants - Phrynium rheedei. Tropical.theferns.info
- ↑ ড°জিণ্টু শৰ্মা. অসমৰ উদ্ভিদ পৰিচয় ১. Monikut.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৌপাত” প্ৰবন্ধৰ সংশোধন ৫৪০৪২৩ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।