অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মান ধনিয়া

মান ধনিয়া বা এৰিঞ্জিয়াম ফয়েটিডাম এপিয়েচি পৰিয়ালৰ এবিধ গ্ৰীষ্মমণ্ডলীয় বহুবৰ্ষজীবী উদ্ভিদ। ইয়াক বন ধনিয়া, নগা ধনিয়া, কাটা মচলা, বঙালী মেমেধু আদি নামেৰেও জনা যায়।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

মান ধনিয়া বা এৰিঞ্জিয়াম ফয়েটিডাম এপিয়েচি পৰিয়ালৰ এবিধ গ্ৰীষ্মমণ্ডলীয় বহুবৰ্ষজীবী উদ্ভিদ। ইয়াক বন ধনিয়া, নগা ধনিয়া, কাটা মচলা, বঙালী মেমেধু আদি নামেৰেও জনা যায়।১ ইংৰাজীত ইয়াৰ সাধাৰণ নামসমূহ হৈছে কালাণ্ট্ৰ (culantro), ৰিকাও (recao), স্বেডৌ ৱেনি (shadow beni), মেক্সিকান কৰিয়েণ্ডাৰ (Mexican coriander), ভানধনিয়া (bhandhania), সং কৰিয়েণ্ডাৰ (long coriander), ছাওটুথ কৰিয়েণ্ডাৰ (sawtooth coriander), আৰু ঙ গাই (ngò gai)।২ ই মেক্সিকো, কেৰিবিয়ান, মধ্য আৰু দক্ষিণ আমেৰিকাৰ থলুৱা উদ্ভিদ, কিন্তু সমগ্ৰ বিশ্বতে ইয়াৰ খেতি কৰা হয়। শীতোষ্ণ জলবায়ুত কেতিয়াবা ইয়াক এক-বৰ্ষজীৱী হিচাপে গজা দেখা যায়। ইয়াৰ গোন্ধ ধনিয়া শাকৰ দৰে। ইয়াৰ পাত দীঘল আৰু কাঁইট থকা।১

যুক্তৰাষ্ট্ৰত, সাধাৰণ নাম culantro-ক কেতিয়াবা cilantro বুলি ভুল কৰা হয়, cilantro নামটোৱে Coriandrum sativum-ক বুজায়।৩

ব্যৱহাৰ

এজোপা মান ধনিয়া
এজোপা মান ধনিয়াছবি: Maxintaft · CC BY-SA 3.0

ৰন্ধন-প্ৰকৰণ

মান ধনিয়া পৃথিৱীৰ বহু অঞ্চলত বিশেষকৈ কেৰিবিয়ানৰ কিউবা, ডমিনিকান প্ৰজাতন্ত্ৰ, পুযাৰ্টো ৰিকো, ত্ৰিনিদাদ আৰু টোবাগো, পানামা, গিয়ানা, ছুৰিনাম আৰু ইকুয়েডৰ আৰু পেৰুৰ আমাজন অঞ্চলত খাদ্যৰ উপকৰণ ব্যৱহাৰ কৰা হয়। ই কম্বোডিয়া, থাইলেণ্ড, ভাৰত, ভিয়েটনাম, লাওচ, ম্যানমাৰ আৰু এছিয়াৰ অন্যান্য অঞ্চলত ই ন্ধন-প্ৰকৰণত পাত-শাক হিচাপে ব্যাপকভাবে ব্যবহাৰ কৰা হয়।৪ ই ভালদৰে শুকাই, শুকোৱাৰ পিছতো ইয়াৰ ৰঙ আৰু গন্ধ অটুত থাকে, সেয়ে শুকান ভেষজ উদ্যোগৰ বাবে ই অতি মূল্যবান। ই কেতিয়াবা কেতিয়াবা ধনিয়াৰ বিকল্প হিচাপে ব্যবহৃত হয় যদিও ইয়াৰ স্বাদ কিছু বেছি।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল'ৰিডা, জৰ্জিয়া, হাৱাই, পুয়েৰ্টো ৰিকো আৰু ভাৰ্জিন দ্বীপপুঞ্জত মান ধনিয়া প্ৰাকৃতিকভাবে গজে।৫

পৰম্পৰাগত ঔষধ

গ্ৰীষ্মমণ্ডলীয় অঞ্চলসমূহত মান ধনিয়া পোৰা, কানৰ বিষ, জ্বৰ, উচ্চ-তেজচাপ, কোষ্ঠকাঠিন্য, হাঁপানি, পেটৰ কৃমি, বন্ধ্যাত্বৰ জটিলতা, সাপে খোঁটা, ডাযাৰিয়া আৰু মেলৰিয়াৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।৬ মান ধনিয়াত ইৰিঙ্গিয়েল (Eryngial) নামৰ এবিধ ৰাসায়নিক যৌগ পোৱা যায়।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ বন-ধনিয়া. www.xobdo.org
  2. ↑ Culantro. WorldCrops
  3. ↑ Ramcharan, C. (1999). "Culantro: A much utilized, little understood herb". In: J. Janick (ed.), Perspectives on new crops and new uses. ASHS Press, Alexandria, Virginia; p. 506–509
  4. ↑ Singh BK, Ramakrishna Y and Ngachan SV. 2014. Spiny coriander (Eryngium foetidum L.): A commonly used, neglected spicing-culinary herb of Mizoram, India. Genetic Resources and Crop Evolution 61 (6): 1085-1090
  5. ↑ Distribution of Eryngium foetidum in the United States United States Department of Agriculture
  6. ↑ Paul J.H.A.; Seaforth C.E.; Tikasingh T. (2011). Eryngium foetidum L.: A review. Fitoterapia. পৃ. 302–308
  7. ↑ Yarnell, A. "Home Field Advantage" Chemical & Engineering News, June 7, 2004. Volume 82, Number 23, p. 33

সম্পৰ্কিত শ্ৰেণী

তৃণমছলাউদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মান ধনিয়া” প্ৰবন্ধৰ সংশোধন ৬০২৫৯৬ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।