অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অমৰা

অমৰা (Hog Plum) এবিধ টেঙাজাতীয় ফলযুক্ত গছ। ই ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ থলুৱা উদ্ভিদ যদিও দক্ষিণ এছিয়া, মূলভূমি দক্ষিণ-পূব এছিয়া، দক্ষিণ চীন আৰু চলোমন দ্বীপপুঞ্জত বিস্তৃতভাৱে প্ৰাকৃতিকীকৰণ হৈছে। ই Anacardiaceae পৰিয়ালৰ অন্তৰ্গত।

হালনাগাদ: ২১ নৱেম্বৰ ২০২৪ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অমৰা (Hog Plum) এবিধ টেঙাজাতীয় ফলযুক্ত গছ। ই ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ থলুৱা উদ্ভিদ যদিও দক্ষিণ এছিয়া, মূলভূমি দক্ষিণ-পূব এছিয়া، দক্ষিণ চীন আৰু চলোমন দ্বীপপুঞ্জত বিস্তৃতভাৱে প্ৰাকৃতিকীকৰণ হৈছে। ই Anacardiaceae পৰিয়ালৰ অন্তৰ্গত। ই ১,২০০ মিটাৰ (৩,৯০০ ফুট) পৰ্যন্ত নিম্নভূমি আৰু পাহাৰীয়া বনাঞ্চলত পোৱা যায়।

বিৱৰণ

অমৰা এবিধ পৰ্ণপাতী উদ্ভিদ। অমৰা গছ প্ৰায় ১০–১৫ মিটাৰ (৩৩–৪৯ ফুট) ওখ হয় কেতিয়াবা ২৫ মিটাৰ (৮২ ফুট) পৰ্যন্ত ওখ হয়। ইয়াৰ কাণ্ড হালধীয়া বাদামী আৰু নোমহীন।১ পাতবোৰ ডাঙৰ, ডালত যোৰ যোৰকৈ থাকে। পাতৰ ফলকৰ ব্যাস প্ৰায় ১০০ - ১৫০ মিলিমিটাৰ।

ব্যৱহাৰ

টেঙা সোৱাদযুক্ত অমৰাৰ ফলবোৰৰ কেঁচাকৈ খাব পাৰি। ফলবোৰৰ পৰা জাম, জেলী বা ৰসো প্ৰস্তুত কৰা হয়। গাহৰিৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰি (সেয়েহে ইয়াক "হগ প্লাম" বুলিও কোৱা হয়)।২

ফিলিপাইনছত অমৰাৰ পাত আৰু ফলক বিভিন্ন থলুৱা খাদ্য যেনে চিনিগাং, চিনাংলে বা লেইঙত টেঙা হিচাপে ব্যৱহাৰ কৰা হয়।২

ভাৰতত সৰিয়হৰ তেল, নিমখ, মছলাত আদি ব্যৱহাৰ কৰি অমৰাৰ ফল আচাৰ হিচাপে সংৰক্ষণ কৰি ব্যৱহাৰ কৰা হয়। আম আৰু অন্য আচাৰৰ লগতে ভাৰতৰ বহু ঠাইত ঘৰে ঘৰে অমৰাৰ আচাৰ পোৱা যায়।

তথ্যসূত্ৰ

  1. ↑ Spondias pinnata. Flora of China. পৃ. 339
  2. ↑ Florido, Helen B.; Cortiguerra, Fe F. (2003). Lesser Known Edible Tree Species. Research Information Series on Ecosystems

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৰা” প্ৰবন্ধৰ সংশোধন ৪৪৬৮৪০ (২১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।