অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

লিহিৰি কপৌ

লিহিৰি কপৌ (Aerides multiflora) দক্ষিণ-পূব এছিয়া, ক'ৰ'মেণ্ডেল উপকূল আৰু বাংলাদেশৰ স্থানীয় এবিধ অৰ্কিড প্ৰজাতি। অসমতো এইবিধ অৰ্কিড প্ৰাকৃতিকভাৱে পোৱা যায়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

লিহিৰি কপৌ (Aerides multiflora) দক্ষিণ-পূব এছিয়া, ক'ৰ'মেণ্ডেল উপকূল আৰু বাংলাদেশৰ স্থানীয় এবিধ অৰ্কিড প্ৰজাতি।১ অসমতো এইবিধ অৰ্কিড প্ৰাকৃতিকভাৱে পোৱা যায়।

প্ৰতিশব্দ আৰু বিভ্ৰান্তি

১৮২০ চনত উইলিয়াম ৰক্সবাৰ্গে Aerides multiflora ৰ বৰ্ণনা প্ৰকাশ কৰে।২ ১৮৮২ চনত জোআও বাৰ্বোছা ৰড্ৰিগেছে Epidendrum geniculatum নামেৰে এবিধ ভিন্ন উদ্ভিদৰ বৰ্ণনা প্ৰকাশ কৰে।৩ ইয়াৰ আঠ বছৰৰ পাছত ১৮৯০ চনত জোচেফ ডালটন হুকাৰে বৰ্তমান Aerides multiflora Roxb. নামেৰে স্বীকৃতি পোৱা অৰ্কিডৰ বৰ্ণনা প্ৰকাশ কৰে। তেওঁ ইয়াৰ নাম ৰাখে Epidendrum geniculatum।৪

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Encyclopedia of Bangladeshi Plants
  2. ↑ World Checklist of Selected Plant Families: Royal Botanic Gardens, Kew
  3. ↑ World Checklist of Selected Plant Families: Royal Botanic Gardens, Kew
  4. ↑ World Checklist of Selected Plant Families: Royal Botanic Gardens, Kew

সম্পৰ্কিত শ্ৰেণী

অৰ্কিডউদ্ভিদজগতঅসমত পোৱা অৰ্কিডসমূহঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিহিৰি কপৌ” প্ৰবন্ধৰ সংশোধন ৫৪০৯৬৫ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।