অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মধুসোলেং

মধুসোলেং বা মধুসোলেঙ হৈছে পলিগ’নেছি পৰিয়ালৰ অন্তৰ্গত এক দ্বিবীজপত্ৰীয় উদ্ভিদ প্ৰজাতি। এচিয়া মহাদেশৰ বিভিন্ন দেশ যেনে চীন, জাপান, ভাৰত, ইণ্ডোনেছিয়া আৰু ভিয়েটনামত মধুসোলেঙৰ বিস্তৃতি দেখিবলৈ পোৱা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মধুসোলেং বা মধুসোলেঙ হৈছে পলিগ’নেছি পৰিয়ালৰ অন্তৰ্গত এক দ্বিবীজপত্ৰীয় উদ্ভিদ প্ৰজাতি। এচিয়া মহাদেশৰ বিভিন্ন দেশ যেনে চীন, জাপান, ভাৰত, ইণ্ডোনেছিয়া আৰু ভিয়েটনামত মধুসোলেঙৰ বিস্তৃতি দেখিবলৈ পোৱা যায়।১ মালয়েচিয়া আৰু ভিয়েটনামত বহুল পৰিমাণে দেখা পোৱা এইবিধ উদ্ভিদক সেই ঠাইৰ লোকে ডিচেণ্ট্ৰি, পেটৰ জ্বলা-পোৰা, চৰ্দিজনিত ডিঙিৰ বিষ আদি ৰোগৰ ঔষধি হিচাপে ব্যৱহাৰ কৰে।২ নিউ ছাউথ ৱেলছ আৰু কুইন্সলেণ্ডৰ খেতি-পথাৰত মধুসোলেঙক অপতৃণ হিচাপে দেখা পোৱা যায়।৩

মধুসোলেঙ মূলতঃ এবিধ বহুবৰ্ষী লতাজাতীয় সপুষ্পক উদ্ভিদ আৰু ই ২-৩ মিটাৰ উচ্চতালৈকে বৃদ্ধি হয়। ইয়াৰ গা-গছডাল নিমজ আৰু দীঘলীয়া আঁচৰে সৈতে ৰঙচুৱা-মুগা বৰণৰ। ইয়াৰ পাতসমূহ দীঘলে ৪–৮ চেমি আৰু বহলে ৩–৫ চেমি হোৱাৰ লগতে পাতৰ আগ অংশ জোঙা আৰু গুৰি অংশ গোলাকাৰ বা মোটামুটি ডিম্বাকৃতিৰ হয়। মধুসোলেঙৰ ফুলৰ ঠালসমূহ উদ্ভিদজোপাৰ আগ অংশৰ পৰা ওলায় আৰু ই ৫-৭ চেমি দীঘল হয়। ইয়াৰ ফুলসমূহ বগা বা গুলপীয়া বৰণৰ।২

অসমত খাদ্য হিচাপে ব্যৱহৃত বনশাকসমূহৰ ভিতৰত মধুসোলেং অন্যতম আৰু ইয়াক ব'হাগ বিহুৰ এশ এবিধ শাকৰ লগত সামৰি লোৱা হয়।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Flora of China, Polygonum chinense Linnaeus, 1753. 火炭母 huo tan mu
  2. ↑ Tanaka, Yoshitaka; Van Ke, Nguyen. (2007). Edible Wild Plants of Vietnam: The Bountiful Garden. Thailand: Orchid Press. পৃ. 121. ISBN 9745240893
  3. ↑ Wilson, KL. New South Wales Flora Online: Persicaria chinensis
  4. ↑ এশ এবিধ শাক-পাচলি আৰু ইয়াৰ ঔষধি গুণ

সম্পৰ্কিত শ্ৰেণী

ঔষধি উদ্ভিদশাকউদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুসোলেং” প্ৰবন্ধৰ সংশোধন ৬৩২২১২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।