নাজনিন ফাৰুক (Naznin Faruque, (১ আগষ্ট ১৯৫৪–১৭ ছেপ্টেম্বৰ ২০২০) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমাজকৰ্মী, ৰাজনীতিবিদ আৰু ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সদস্য৷ তেওঁ অসমৰ পৰা ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হৈছিল। ১
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৫৪ চনৰ ১ আগষ্টত অসমৰ নগাঁৱত ফাৰুকে জন্মগ্ৰহণ কৰিছিল। তেওঁ মেঘালয়ৰ শ্বিলঙৰ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ অন্তৰ্গত লেডী কেন কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৩ চনৰ ১০ জানুৱাৰীত আব্দুৰ ৰহমান ফাৰুকৰ সৈতে তেওঁৰ বিবাহ হয়।১
কৰ্মজীৱন
১৯৯৪ চনৰ পৰা ১৯৯৬ চনলৈ তেওঁ অসম ৰাজ্যিক বয়ন উৎপাদন সমবায় লিমিটেডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ইয়াৰ লগতে তেওঁ ৰাসায়নিক আৰু সাৰ সংসদীয় সমিতি, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতি, মহিলা সবলীকৰণ সমিতি, সংসদৰ সদস্য স্থানীয় এলেকা উন্নয়ন আঁচনি (এমপিএলএডিএছ) সমিতি আৰু অসম বিধানসভাৰ আদালতৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২১
মৃত্যু
২০২০ চনৰ ১৭ ছেপ্টেম্বৰত ৬৬ বছৰ বয়সত নাজনীন ফাৰুকৰ মৃত্যু হয়। ২০২০ চনৰ ১৯ ছেপ্টেম্বৰত ৰাজ্যসভাৰ অধিৱেশনৰ সময়ত ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডু, বিৰোধী দলৰ নেতা গুলাম নবী আজাদ আৰু অন্যান্য সদস্যসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।৩
স্বীকৃতি
২০০৯: "ভাৰত জ্যোতি বঁটা"
তথ্যসূত্ৰ
- ↑ WebPage of Dr. T.N. Seema Member Of Parliament (RAJYA SABHA)
- ↑ Correspondent. (15 Sept 2010 5:30 AM). Ex-MP Nazneen Farooqui no more. Assam Tribune
- ↑ (19 September 2020). Rajya Sabha mourns death of former member Naznin Faruque. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাজনীন ফাৰুক” প্ৰবন্ধৰ সংশোধন ৪৭৭০১০ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।