দেৱব্ৰত শইকীয়া (Debabrata Saikia; জন্ম: ১৪ ডিচেম্বৰ ১৯৬৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম বিধানসভাৰ বিৰোধী দলপতি। ২০১৬ চনৰ পৰা অসম বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ ২০১১ চনৰ পৰা অসম বিধানসভাত নাজিৰা সমষ্টিক বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰি আহিছে।১ তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়াৰ পুত্ৰ।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৪ চনৰ ১৪ ডিচেম্বৰ তাৰিখে অসমৰ শিৱসাগৰ জিলাৰ নাজিৰাত দেৱব্ৰত শইকীয়ায়ে জন্মগ্ৰহণ কৰিছিল। তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়াৰ পুত্ৰ।৩তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কলা বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তেওঁ বন্দনা শইকীয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। দম্পতীহালৰ দুই সন্তান লুইত আৰু কৃষ্ণিকা।
ৰাজনৈতিক জীৱন
দেৱব্ৰত শইকীয়াই ১৯৯২–৯৩ চনত অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক আৰু ১৯৯২–৯৩ চনত অসম প্ৰদেশ যুৱ কংগ্ৰেছে গঠন কৰা স্ব-নিয়োজিত পৰ্যালোচনা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা শইকীয়াক ১৯৯৪ চনত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে বিচাৰ বিভাগৰ ৰাজ্যিক আহ্বায়ক হিচাপে নিযুক্তি দিছিল। তেওঁ ১৯৯৫–৯৬ চনত উত্তৰ-পূব কংগ্ৰেছ সেৱা দলৰ আহ্বায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
২০১১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত তেওঁ নাজিৰাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী আছিল। তেওঁ ৫২৫১০টা ভোট লাভ কৰে। সেয়া মুঠ ভোটৰ ৬৩.৪%। এই নিৰ্বাচনত তেওঁ কমিউনিষ্ট পাৰ্টিৰ বিধায়ক দ্ৰুপদ বৰগোহাঁইক ৩৩৮১০ ভোটত পৰাস্ত কৰে।
২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে সৃষ্টি কৰা পৰিবৰ্তনৰ বৃহৎ ধুমুহাৰ পাছত নাজিৰা সমষ্টিৰ বিধায়ক হিচাপে তেওঁ নিজৰ আসন অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল। তেওঁ ৫২৮৬৯টা ভোট লাভ কৰে। তেওঁ মুঠ ভোটৰ ৫৩.৭৭% লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বীক ১৪৮৫৫টা ভোটত পৰাস্ত কৰে। যদিও এই নিৰ্বাচনত বিৰোধীৰ বিপুল প্ৰতিক্ৰিয়াৰ বাবে কংগ্ৰেছ পাৰ্টি নিৰ্বাচনত পৰাস্ত হৈছিল, তথাপিও শইকীয়া ডাঙৰীয়াই নিজৰ সমষ্টিত বৃহৎ ব্যৱধানত জয়লাভ কৰি দলৰ ভিতৰত আৰু লগতে অসমৰ ৰাজনীতিতো এজন ডাঙৰ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। যিহেতু প্ৰায় সকলো জ্যেষ্ঠ নেতা নিজৰ সমষ্টিতে পৰাজিত হৈছিল (তৰুণ গগৈ, অজন্তা নেওগ আৰু ৰকিবুল হুছেইনৰ বাহিৰে) গতিকে শইকীয়া ডাঙৰীয়াই বিৰোধীৰ নেতা হোৱাৰ আটাইতকৈ সম্ভাৱ্য সুযোগ পাইছিল। সেই পৰাজয়ৰ পিছত কংগ্ৰেছ দলৰ ভিতৰৰ নেতা সলনি কৰাৰ দাবী উত্থাপন হৈছিল। দলৰ ভিতৰত ঐক্য বজাই ৰাখিবলৈ আৰু তেওঁৰ কঠোৰ পৰিশ্ৰমী আৰু নিষ্ঠাৰ সামৰ্থ্যক গুৰুত্ব দিবলৈ দলৰ হাইকমাণ্ডে তেওঁক অসম বিধানসভাৰ বিৰোধী দলপতি হিচাপে নিযুক্তি দিয়ে। তুলনামূলকভাৱে কম বয়সীয়া আছিল আৰু জয়ী হ’বলৈ সক্ষম হোৱা ২৬ গৰাকী কংগ্ৰেছ বিধায়কৰ অধিকাংশৰে তেওঁ গ্ৰহণযোগ্য ব্যক্তি আছিল। শইকীয়াৰ বিৰোধী দলপতিৰ নিযুক্তি ২০১৬ চনৰ ৩ জুন তাৰিখৰ পৰা কাৰ্যকৰী হয়।৪
ইণ্ডিয়া টুডে গ্ৰুপৰ এটা জনপ্ৰিয় ব্লগ প্লেটফৰ্ম ডেইলীঅ'ৰ মতে, দেৱব্ৰত শইকীয়া অসমৰ কংগ্ৰেছৰ বাবে আটাইতকৈ ভাল পছন্দৰ ব্যক্তি।১
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত শইকীয়াই ৫২৩৮৭টা ভোট লাভ কৰে।, মুঠ ভোটৰ ৪৭.৫৬% লাভ কৰে আৰু ৬৮৩টা ভোটেৰে সংকীৰ্ণভাৱে নিজৰ আসনখন অক্ষুণ্ণ ৰাখে।৫
২০২১ চনৰ ১ জানুৱাৰীৰ পৰা শইকীয়াই বিধানসভাত বিৰোধী দলৰ নেতাৰ পদ হেৰুৱায়। অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাই বিজেপিত যোগদান কৰাৰ লগতে আন ২জন কংগ্ৰেছ বিধায়ক - তৰুণ গগৈ আৰু প্ৰণৱ গগৈৰ মৃত্যুৰ পিছত এই পৰিৱৰ্তন ঘটে। ইয়াৰ ফলত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ২৪ জনৰ পৰা ২০লৈ হ্ৰাস পায়। সেয়া বিৰোধী দলপতিৰ পদ লাভ কৰিবলৈ প্ৰয়োজনীয় ২১ জনতকৈ এজন কম।৬৭ অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ পিছত তেওঁ পুনৰাই এই পদবী লাভ কৰে।৮৯
সামাজিক জীৱন
দেৱব্ৰত শইকীয়াই ২০০৯ চনৰ ৩০ জানুৱাৰী তাৰিখে চৰাইদেউ জিলাত শিশুসকলৰ বাবে মনোৰঞ্জনৰ জৰিয়তে শিক্ষাৰ বাবে স্বৰ্ণ জয়ন্তী শিশু উদ্যান স্থাপন কৰিছিল। ৱাই এছ ডব্লিউ (সমাজ কল্যাণৰ বাবে যুৱক-যুৱতী)ৰ সহযোগত "Bring SMILE" শীৰ্ষক মূলমন্ত্ৰৰে শইকীয়াই ইণ্টাৰপ্লাষ্ট জাৰ্মানীৰ সৈতে যৌথভাৱে বিনামূলীয়া প্লাষ্টিক চাৰ্জাৰী শিবিৰ অনুষ্ঠিত কৰিছিল।১০ এই সংস্থায়ে ১৯৯৪ চনৰ পৰা বৰ্তমানলৈকে ৫০০ৰো অধিক শিশু আৰু দৰিদ্ৰ ৰোগীৰ ওঁঠ ফটা, তালু ফটা, জুইয়ে পোৰা আদিৰ চিকিৎসা কৰি অহা হৈছে। বৰ্তমান অসম চৰকাৰে "স্মাইল প্ৰজেক্ট"ক এটা ডাঙৰ চৰকাৰী প্ৰকল্প কৰি তুলিছে। তেওঁ বহুতো সংখ্যালঘু আৰু চাহ-বাগিচা অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক প্ৰয়োজনীয় সামগ্ৰীৰ কিছুমান বিনামূলীয়া বিতৰণ কাৰ্যসূচীও পৰিচালনা কৰে।১০ ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে তেওঁ বিভিন্ন আত্মসহায়ক গোটৰ বিকাশ আৰু পৰিচালনাৰ বাবে সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। বৰ্তমান শইকীয়া ডাঙৰীয়াই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনসাধাৰণক সংযোগ কৰি তেওঁলোকৰ দৈনন্দিন সমস্যাৰ কথা শুনিবলৈ 'জাগৰণ' নামৰ এক নতুন পদক্ষেপ হাতত লৈছে। এই পদক্ষেপৰ জৰিয়তে তেওঁ বিৰোধী দলৰ নেতাৰ বিচাৰপীঠৰ পৰাও প্ৰত্যেক ঘৰৰ সমস্যাবোৰ পোনপটীয়াকৈ চৰকাৰৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছে। এই পদক্ষেপত তেওঁ ডিজিটেল মাধ্যম আৰু প্ৰচাৰৰ সমৰ্থনৰ বিষয়ে জানিব বিচৰা যুৱক-যুৱতীসকলৰ বাবেও স্থান ৰাখে।
তথ্যসূত্ৰ
- ↑ Nazira Assembly Constituency Election Result - Legislative Assembly Constituency. resultuniversity.com
- ↑ Debabrata Saikia. OneIndia
- ↑ Debabrata Legacy Karmoshri Hiteshwar Saikia. Debabrata Saikia
- ↑ Vision, Algoritmi. Debabrata Saikia - Summarized by Plex.page · Content · Summarization. Plex.page
- ↑ Why Debabrata Saikia is the smartest choice for Congress in Assam. www.dailyo.in
- ↑ Desk, Sentinel Digital. (2021-01-04). Congress leader Debabrata Saikia loses Leader of Opposition position in Assam Assembly - Sentinelassam. www.sentinelassam.com
- ↑ (2021-01-05). Congress MLA Debabrata Saikia loses status of Leader of Opposition in Assam Assembly. The Hindu
- ↑ Debabrata Saikia reinstated as leader of the opposition - INSIDE NE
- ↑ (2021-02-04). Debabrata Saikia reinstated as Assam Opposition leader. The Hindu
- ↑ Assam Legislative Assembly - Member. assamassembly.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱব্ৰত শইকীয়া” প্ৰবন্ধৰ সংশোধন ৪১৭৬১৪ (৮ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।