ৰমেন ডেকা (জন্ম ১ মাৰ্চ ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। ডেকা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সাংসদ। তেওঁ অসমৰ মঙলদৈ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। ডেকা ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।১
জীৱন
ৰমেন ডেকাৰ জন্ম হৈছিল কামৰূপ (গ্ৰাম্য) জিলাৰ শুৱালকুছিত। তেওঁৰ পিতৃ সুৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃ চম্পাৱতী ডেকা।১ ডেকাই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৭৭ চনত ডেকা জনতা পাৰ্টীৰ অসম শাখাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যৰত আছিল। ১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টীৰ গঠনৰ সময়ত ৰমেন ডেকা এগৰাকী সদস্য আছিল। ইয়াৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ, ৰাজ্যিক সাধাৰণ সম্পাদক, ৰাজ্যিক উপ-সভাপতি, আৰু ২০০৫ চনৰ পৰা ২০০৯ চনলৈ দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিল। ডেকাই সংসদৰ গৃহ আৰু ৰাজহুৱা হিচাপ পৰীক্ষণ স্থায়ী কমিটিৰ (standing committee) ৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।১
১৯৭৯ চনত অসম সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক হিচাপে ৰমেন ডেকা নিৰ্বাচিত হৈছিল।১
তথ্যসূত্ৰ
- ↑ Profile of Members. Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমেন ডেকা” প্ৰবন্ধৰ সংশোধন ৩৯০৪৪৯ (৫ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।