ৰমেন্দ্ৰ নাৰায়ণ কলিতা অসমৰ অসম গণ পৰিষদৰ এজন ৰাজনীতিবিদ তথা এজন বিধায়ক। পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা তেওঁ ১৯৮৫ চনৰ পৰা ১৯৯৬ চনলৈ, ২০০৬, ২০১৬ আৰু ২০২১ চনত অসম বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হৈছে।১২৩৪
প্ৰাৰম্ভিক জীৱন
ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ জন্ম হয় ১৯৫৮ চনৰ ১৬ এপ্ৰিলত। তেওঁ মহেন্দ্ৰ নাথ কলিতাৰ পুত্ৰ। পেছাত ৰমেন্দ্ৰ নাৰায়ণ কলিতা এগৰাকী উকীল আছিল।৫ অধ্যাপক অজন্তা চক্ৰৱৰ্তীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।৬
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমেন্দ্ৰ নাৰায়ণ কলিতা” প্ৰবন্ধৰ সংশোধন ৩৯০৪৫০ (৫ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।