অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰদ্যুত বৰা

প্ৰদ্যুত বৰা ( Prodyut Bora; জন্ম ১০ এপ্ৰিল, ১৯৭৪) এজন ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজকৰ্মী। তেওঁ ২০১৫ চনলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য আছিল।

হালনাগাদ: ৪ নৱেম্বৰ ২০২৩ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

প্ৰদ্যুত বৰা ( Prodyut Bora; জন্ম ১০ এপ্ৰিল, ১৯৭৪) এজন ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজকৰ্মী। তেওঁ ২০১৫ চনলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য আছিল।১ তেওঁ ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টীদলৰ শীৰ্ষ নেতৃত্বৰ লগতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ আনে যে দল অনুশাসন হীন ভাবে চলি আছে আৰু সেয়ে বি জে পি পদত্যাগ কৰে। সেই বছৰৰে মাৰ্চ মাহত তেওঁ “লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টী” নামেৰে এটা ৰাজনৈতিক দল গঠন কৰে।

প্ৰাৰম্ভিক জীৱন

১৯৭৪ চনৰ ১০ এপ্ৰিল তাৰিখে অসমৰ যোৰহাট জিলাত প্ৰদ্যুত বৰাৰ জন্ম হয়। তেওঁৰ মাতৃ লক্ষ্মী প্ৰভা বৰা এগৰাকী স্কুল শিক্ষয়েত্ৰী আৰু পিতৃ লক্ষ্মী কান্ত বৰা এগৰাকী চৰকাৰী হিচাপৰক্ষক আছিল।

যোৰহাটৰ কাৰ্মেল স্কুল আৰু উত্তৰ লখিমপুৰৰ চেইণ্ট মেৰীজ স্কুলৰ পৰা বৰাই প্ৰাথমিক শিক্ষা সাং কৰি ডেহৰাডুনৰ ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটেৰী কলেজ, নয়ডাৰ দিল্লী পাব্লিক স্কুল আৰু দিল্লীৰ চেইণ্ট ষ্টিফেন কলেজত অধ্যয়ন কৰিছিল। দিল্লীৰ পৰা তেওঁ ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদত যোগদান কৰে। ২০১২ চনত বৰাই লণ্ডন স্কুল অফ ইক'নমিক্সৰ পৰা চেভেনিং গুৰুকুল জলপানি ( Chevening Gurukul Scholarship) আৰু ২০১৩ চনত য়েল বিশ্ববিদ্যালয়ৰ পৰা য়েল ৱৰ্ল্ড ফেল' লাভ কৰে।

ৰাজনৈতিক জীৱন

২০০৪ চনত বৰাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি ৰাজনৈতিক জীৱনৰ পাতনি মেলে।

ৰাজ্যিক মুখ্য সম্পাদক (২০১০-২০১২)

২০১০ চনৰ জানুৱাৰী মাহত বৰাই ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাৰ ৰাজ্যিক মুখ্য সম্পাদকৰ পদ গ্ৰহণ কৰে। তেখেতে ২০১১ চনৰ অসম বিধানসভাৰ ইলেকচনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্ব্ব্বিতা আগবঢ়াই আৰু পৰাজিত হয়।

ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য(২০১৩-২০১৫)

২০১৩ চনৰ এপ্ৰিল মাহত বৰাই বি.জে.পি.ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতিৰ সদস্যত আছিল। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত বৰাই এই সদস্য পদ ত্যাগ কৰে।

উল্লেখযোগ্য বঁটা/কৃতিত্ব

তথ্যসূত্ৰ

  1. ↑ Kashyap, Samudra Gupta. (19 February 2015). BJP leader Prodyut Bora quits party, blames PM Modi for his functioning style. The Indian Express

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিকঅসমৰ সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰদ্যুত বৰা” প্ৰবন্ধৰ সংশোধন ৩৯০২১৯ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।