নব কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়া ওৰফে হীৰা ডেকা (জন্ম ১ মে ১৯৬৯) এজন ভাৰতীয় ৰাজনীতিবিদ যিয়ে ২০১৪ চনৰ পৰা ২০১৯ চন লৈকে এজন স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে আৰু ২০১৯ চনৰ পৰা ২০২৪ চন লৈকে গণ সুৰক্ষা পাৰ্টীৰ সদস্য হিচাপে অসমৰ কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসমৰ নিৰ্বাচনত আৰু লোকসভা নিৰ্বাচনৰ ইতিহাসত স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে সকলোতকৈ বেছি ভোটৰ ব্যৱধানত জয় লাভ কৰিছিল। তেওঁ ২০১৯ চনৰ পৰা গণ সুৰক্ষা পাৰ্টীৰ প্ৰতিষ্ঠাতা আৰু সভাপতি। ইয়াৰ আগত শৰণীয়া আলফাৰ ৭০৯ বেটেলিয়নৰ কমাণ্ডাৰ আছিল। তেওঁক অসমৰ ভয়ঙ্কৰ উগ্ৰপন্থী হিচাপে গণ্য কৰা হৈছিল।
পাৰিবাৰিক পটভূমি
শৰণীয়াৰ চাৰি ভাই ককাই আৰু দুই ভনীৰ মাজত সকলোতকৈ ডাঙৰ। দুই ভনীৰ বয়স কুৰি। শৰণীয়াৰ পৰিয়াল ১৫ বিঘাৰ অধিকাৰী আৰু মোটামুটি স্বচ্ছল। তেওঁলোকে এটা সাধাৰণ অসম টাইপ ঘৰত বাস কৰে।
আলফা উগ্ৰপন্থীত জীৱন
অৱশৰপ্ৰাপ্ত ভাৰতীয় সেনাৰ সন্তান হোৱা স্বত্বেও, নব কুমাৰ শৰণীয়াই ১৯৮০ দশকৰ মাজভাগত আলফাত যোগদান কৰিছিল। আলফাত থকা কালত তেওঁ হীৰা শৰণীয়া নামে জনাজাত আছিল। হীৰাক ম্যানমাৰ আৰু আফগানিস্তান প্ৰশিক্ষণ দিয়া হৈছিল। শৰণীয়া আলফাৰ ৭০৯ বেটেলিয়নৰ কমাণ্ডাৰ আছিল।
ডায়েৰী
১৭ নৱেম্বৰ ২০০৫-ত ডুমুনি কোবৰ (কোম্পানী অপাৰেটিং বেছ) পৰা ১০ জন সেনখ সদস্যই নৱগঠিত বাক্সা জিলাৰ জালিগাওঁ পৰা কিছু অস্ত্ৰ, গোলাবাৰুদ, নগদ ধন আৰু নগদ চাহিদা পত্ৰ সহ শৰণীয়াৰ ডায়েৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ডায়েৰীত ভূটানৰ এক সময়ৰ গোপন বুজাবুজি আৰু ভাৰতৰ বিৰুদ্ধে আলফাৰ গভীৰ ক্ষোভ প্ৰকাশিত হৈছিল। সাংবাদিক তেৰেছা ৰহমানে দাবী কৰিছে, তেওঁ হীৰা শৰণীয়াৰ ডায়েৰী পাইছিল।
গ্ৰেপ্তাৰ
২০ আগষ্ট ২০১৩-ত গুৱাহাটী চিটি পুলিচে হীৰা শৰণীয়াক লুটপাত, অপহৰণ আৰু হত্যাৰ অভিযোগত আৰু তিনিজনৰ লগত গ্ৰেপ্তাৰ কৰিছিল। একেধৰণে তাৰ বিৰুদ্ধে ৯ অক্টোবৰ, ২০২০-ত কোকৰাঝাৰ থানাত এটা গোচৰ ৰজু কৰা হৈছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীৰা শৰণীয়া” প্ৰবন্ধৰ সংশোধন ৫৭২৫৬৯ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।