মুহিৰাম শইকীয়া (জন্ম ১৫ এপ্ৰিল ১৯২৩) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমৰ নগাওঁ লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ সদস্য হিচাপে ভাৰতৰ সংসদ নিম্ন সদন লোকসভালৈ ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। এইছ ডি দেৱেগৌড়া আৰু ইন্দেৰ কুমাৰ গুজৰাল নেতৃত্বাধীন সংযুক্ত মৰ্চা চৰকাৰত শইকীয়া ভাৰতৰ শিক্ষা মন্ত্ৰালয় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল১২৩। ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে তেওঁ এজন শিক্ষাবিদ আছিল আৰু নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে ১৫ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। ১
তথ্যসূত্ৰ
- ↑ Muhi Ram Saikia Biography. Parliament of India
- ↑ Praveen K Jha. (1 May 2008). Public Provisioning for Elementary Education in India. SAGE Publications. পৃ. 260–. ISBN 978-0-7619-3666-4
- ↑ S. Samuel Ravi. A Comprehensive Study of Education. PHI Learning Pvt. Ltd. পৃ. 500–. ISBN 978-81-203-4182-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুহিৰাম শইকীয়া” প্ৰবন্ধৰ সংশোধন ৩৯০৪২৯ (৫ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।