অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শৰৎ বৰকটকী

শৰৎ বৰকটকী (Sarat Barkotoky; ১ মাৰ্চ ১৯৩৫- ৩০ অক্টোবৰ ২০২৩) অসম ৰাজ্যৰ এজন ভাৰতীয় ৰাজনীতিবিদ। যোৰহাট জিলাৰ সোণাৰি অসম বিধানসভা সমষ্টিৰ তেওঁ প্ৰাক্তন বিধায়ক তথা অসমৰ এগৰাকী শিক্ষামন্ত্ৰী আছিল। হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।

হালনাগাদ: ১৫ জুলাই ২০২৪ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শৰৎ বৰকটকী (Sarat Barkotoky; ১ মাৰ্চ ১৯৩৫- ৩০ অক্টোবৰ ২০২৩)১ অসম ৰাজ্যৰ এজন ভাৰতীয় ৰাজনীতিবিদ। যোৰহাট জিলাৰ সোণাৰি অসম বিধানসভা সমষ্টিৰ তেওঁ প্ৰাক্তন বিধায়ক তথা অসমৰ এগৰাকী শিক্ষামন্ত্ৰী আছিল। হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।২

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৩৫ চনৰ ১ মাৰ্চত সোণাৰিৰ মথুৰাপুৰত প্ৰয়াত হেম চন্দ্ৰ বৰকটকী আৰু প্ৰয়াত চন্দ্ৰ প্ৰভা বৰকটকীৰ ঘৰত শৰৎ বৰকটকীয়ে জন্মগ্ৰহণ কৰিছিল।১ তেওঁ ১৯৭০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি.টি. পৰীক্ষাত উৰ্ত্তীণ হয়।৩ইয়াৰোপৰি তেওঁ কলা শাখাৰ স্নাতক আছিল।১

ৰাজনৈতিক কেৰিয়াৰ

১৯৯১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত সোণাৰি সমষ্টিৰ বাবে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী আছিল। মুঠ ভোটৰ ৫৭.৯৬%, ৩৮৮৭৭টা ভোট লাভ কৰি তেখেত সোণাৰিৰ নতুন বিধায়ক হয়। এই নিৰ্বাচনত তেওঁ তেওঁৰ প্ৰতিদ্বন্দ্বীক ২৩৪৯১টা ভোটত পৰাস্ত কৰে।৪ হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত তেওঁক ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।২

১৯৯৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত বৰকটকীয়ে পুনৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বীতা আগবঢ়াই ৫২০৫২টা ভোট লাভ কৰে, মুঠ ভোটৰ ৬১.৮% আৰু নিকটতম প্ৰতিদ্বন্দ্বীক ৩১৪৬৪টা ভোটত পৰাস্ত কৰে।৪

২০০১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত তেওঁ ৫৯৫৫৪টা ভোট লাভ কৰে অৰ্থাৎ ৬৭.২৫%। তেওঁ নিজৰ প্ৰতিদ্বন্দ্বীক ৩৪৯৪১টা ভোটত পৰাস্ত কৰে।৪ ২০০১ চনৰ তৰুণ গগৈৰ মন্ত্ৰীসভাত তেওঁক লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। পি ডব্লিউ ডি মন্ত্ৰী হিচাপে বৰকোটকিয়ে অসমৰ পথ আৰু নিষ্কাশনৰ উন্নয়নৰ বাবে মেগা প্ৰকল্প ৰূপায়ণ কৰি ৫০ কোটি অৰ্থ ব্যয় কৰিছিল।৫

২০০৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত বৰকটকীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক ৩৪৯৯০টা ভোটত পৰাস্ত কৰি ৫৬২০৬টা ভোট লাভ কৰে।৪২

২০১১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত তেওঁ সোণাৰিত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। তেওঁ ৫৬৬৫৫টা ভোট লাভ কৰে, এয়া মুঠ ভোটৰ ৫৩.৩৮%। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বীক ২৮৯০৪টা ভোটত পৰাস্ত কৰে।৪ তৰুণ গগৈ মন্ত্ৰালয়ৰ কেবিনেট সালসলনিৰ পিছত ২০১৫ চনৰ ২৩ জানুৱাৰীত বৰকটকীক অসমৰ শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।৬ বিশ্ববিদ্যালয়ৰ ৰাজ্যিক অনুদানৰ বাবে তেওঁ স্মৃতি ইৰাণীক অনুৰোধ জনাইছিল।৭

২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত বৰকটকীয়ে সোণাৰিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াই ৪৯২১০টা ভোট (৩৭.৪৭%) লাভ কৰি বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হাতত ২৪১১৭ ভোটত পৰাস্ত হয়।৮

ব্যক্তিগত জীৱন

১৯৬৫ চনৰ ৫ জুনত তেওঁ বিনা বৰকটকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ ৩টা সন্তান, দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান জন্ম হয়। তেওঁ টেবুল টেনিছ, বেডমিণ্টন, কেৰম আদি খেলৰ প্ৰতি আগ্ৰহী আছিল। বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক সংগঠনৰ লগত জড়িত আছিল। ২০০৬ চনৰ পৰা তেওঁ ৰাজ্যিক পৰিকল্পনা ব'ৰ্ডৰ উপ-সভাপতি আৰু ২০১০ চনৰ পৰা এ এল এৰ অনুমান সমিতিৰ অধ্যক্ষও আছিল।১

মৃত্যু

শৰৎ বৰকটকীৰ ৮৬ বছৰ বয়সত মৃত্যু হয়। ২০২৪ চনৰ ১৬ অক্টোবৰৰ পৰা জি এম চি এইচত তেওঁ চিকিৎসাধীন হৈ আছিল। ৩০ অক্টোবৰৰ নিশা ১.৩৬ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।৯

তথ্যসূত্ৰ

  1. ↑ (2016-08-01). Who's Who
  2. ↑ Sarat Barkotoky Ministership. shodhganga.inflibnet.ac.in/
  3. ↑ Sarat Borkotoky(Indian National Congress(INC)):Constituency- SONARI(CHARAIDEO) - Affidavit Information of Candidate:. myneta.info
  4. ↑ Sonari Assembly Constituency Election Result - Legislative Assembly Constituency. resultuniversity.com
  5. ↑ (2002-05-02). Mega project for development of road and drainage of Assam. Zee News
  6. ↑ Portfolios allocated to new Assam ministers. The Economic Times
  7. ↑ Assam Education Minister seeks grants from MHRD. CFO India
  8. ↑ 10 Gogoi cabinet ministers bite the dust. www.telegraphindia.com
  9. ↑ (30 October 2023). Assam: Former minister, retired teacher Sarat Barkotoky passes away. India Today NE

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰৎ বৰকটকী” প্ৰবন্ধৰ সংশোধন ৪২৫৯৩০ (১৫ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।