অনন্ত কলিতা (Ananta Kalita) হৈছে অসম, ভাৰতৰ এগৰাকী অৰ্থনীতিবিদ, স্তম্ভ লেখক, নিবন্ধকাৰ, বাঁওপন্থী নেতা, আৰু ভাৰতীয় ষ্টেট বেংকৰ ভূতপূৰ্ব সঞ্চালক ৷ ১২৩ ডাক আৰু তাঁৰ সেৱাৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত ভাৰতীয় ষ্টেট বেংকত যোগদান কৰা অনন্ত কলিতাই অৰ্থনীতি আৰু সামাজিক বিষয়ত একাধিক নিবন্ধ লিখি অসমৰ অ-কাহিনীমূলক সাহিত্যলৈ বিশিষ্ট বৰঙণি আগবঢ়াইছে। ৰাজনৈতিক দল চিপিআই(এম)ৰ সংস্পৰ্শলৈ অহা কলিতাই অসমৰ অন্ধবিশ্বাস-বিৰোধী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠাতো আগভাগ লৈছিল। ৪
কৰ্মজীৱন
অনন্ত কলিতাই জন্ম লাভ কৰিছিল অসমৰ নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ কমাৰকুচিত ৷ আনুষ্ঠানিক শিক্ষা শেষ কৰি কলিতাই ডাক আৰু তাঁৰ সেৱাত যোগদান কৰে৷ ৪১৯৭২ চনত উক্ত পদ ত্যাগ কৰি তেখেতে ষ্টেট বেংক অৱ ইণ্ডিয়াত নতুন কৰ্মজীৱনৰ পাতনি মেলে৷ ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে তেখেত বেংকটোৰ কৰ্মচাৰী সন্থাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল৷ ১৯৮৯ চনৰ পৰা ২০০৮ চন পৰ্যন্ত তেখেতে সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰে৷ ষ্টেট বেংকৰ কৰ্মচাৰী আন্দোলনৰ লগত তেখেত এইদৰেই জড়িত হৈছিল৷ ১
ষ্টেট বেংকৰ লগত জড়িত হৈ থকাৰ সময়ছোৱাত তেখেতে ভিতৰুৱা একাধিক অঞ্চলত বেংকৰ শাখা প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ কৰ্মচাৰীৰ বাবে কো-অপাৰেটিভ ছ'ছাইটি বা সমবায় সমাজ খোলাতো কলিতাই আগভাগ লৈছিল৷ ৪
২০০১ চনত তেখেতে ভাৰতীয় ষ্টেট বেংকৰ সঞ্চালক পদ লাভ কৰে আৰু পৰৱৰ্তী আঠটা বছৰ অৰ্থাৎ ২০০৮ চনলৈকে তেখেত উক্ত পদত কৰ্মৰত হৈ থাকে৷ তেখেত ৰাজনীতিৰ প্ৰতিও আকৰ্ষিত হৈছিল আৰু ১৯৬৮ চনত তেখেতে চিপিআই(এম)ৰ লগত সংযুক্ত হয়৷ ৫১৩তেখেত চিপিআই(এম)ৰ অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন সদস্য আছিল৷ ৬
অনন্ত কলিতা ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠাৰ লগত জড়িত হৈছিল।৪৫
লেখক জীৱন
এগৰাকী লেখক হিচাপে অনন্ত কলিতাই অসমীয়া অ-কাহিনীমূলক সাহিত্যলৈ অৱদান আগবঢ়াই থৈ গৈছে ৷ ১৯৭৩ চনতে৩ তেখেতে নতুন পৃথিৱীৰ পাতত লেখক জীৱন আৰম্ভ কৰে৷ অৰ্থনীতিৰ লগত জড়িত হৈ থকা হেতুকে তেখেতে সাধাৰণ পাঠকৰ উপযোগী হোৱাকৈ অৰ্থনীতি-সম্পৰ্কীয় একাধিক প্ৰবন্ধ-নিবন্ধ লিখিছিল৷ ২০০৮ চনত চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত তেখেত অসমীয়া কাকত-আলোচনীত নিয়মীয়াকৈ অৰ্থনীতি আৰু সামাজিক বিষয়ত লেখা-মেলা আৰম্ভ কৰে৷ অনন্ত কলিতা নতুন সাহিত্য পৰিষদৰ সভাপতি হৈছিল৷ পৰিষদৰ কলগাছিয়াৰ অধিৱেশনত তেখেতে সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে৷৫ তেখেতৰ দ্বাৰা লিখিত দুখনমান গ্ৰন্থ১ হৈছে:
- সমকালীন অৰ্থনীতিঃ বিকল্পৰ অন্বেষণ (দুটা খণ্ডত),
- অসম আৰু অসমৰ জাতীয় সমস্যা,
- নব্য উদাৰ অৰ্থনীতিঃ বিকল্প অন্বেষণ,
- বিশ্বায়িত সমাজখনৰ ভিন্ন চিন্তা,
- আমি হিন্দু নে মুছলমান নে অসমীয়া?
- বিশ্বায়নৰ আলোকত অৰ্থনীতি আৰু সমাজ
- বিশ্বায়ন প্ৰভাৱিত সমাজখন
- অসমৰ অৰ্থনীতিৰ সমস্যাঃ সম্ভাৱনা
মৃত্যু
২০২৩ চনৰ ২৭ আগষ্ট তাৰিখে ৭৬ বছৰ বয়সত অনন্ত কলিতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে৷ তেখেত ৰক্তজনিত কৰ্কট ৰোগত৬৪ আক্ৰান্ত হৈ আছিল৷ গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন হয়৷৩
তথ্যসূত্ৰ
- ↑ (28th Aug 2023). Former director of State Bank of India Ananta Kalita passes away. Sentinal
- ↑ (AUGUST 27, 2023). বিশিষ্ট লেখক-অৰ্থনীতিবিদ অনন্ত কলিতাৰ দেহাৱসান. news 18
- ↑ (২৭ আগষ্ট, ২০২৩). অসংখ্য গুণমুগ্ধক কন্দুৱাই অজান পথেৰে গ'লগৈ নিবন্ধকাৰ অনন্ত কলিতা. ETV Bharat
- ↑ (২৭ আগষ্ট ২০২৩). অনন্ত কলিতাৰ বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ. প্ৰতিদিন
- ↑ (২৮ আগষ্ট ২০২৩). বিশিষ্ট নিবন্ধকাৰ-এছবিআইৰ প্ৰাক্তন সঞ্চালক অনন্ত কলিতাৰ বিয়োগ. নিয়মীয়া বাৰ্তা. পৃ. ১, ১৩
- ↑ (২৮ আগষ্ট ২০২৩). প্ৰগতিশীল লেখক, মাৰ্ক্সবাদী নেতা অনন্ত কলিতাৰ দেহাৱসান. দৈনিক জনমভূমি. পৃ. ১, ১৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনন্ত কলিতা” প্ৰবন্ধৰ সংশোধন ৪৭৭৪৬৩ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।