অসমৰ ব্যক্তি
৯১০ প্ৰবন্ধ
-
সমৰেন্দ্ৰ নাৰায়ণ দেৱ
সমৰেন্দ্ৰ নাৰায়ণ দেৱ (Samarendra Narayan Dev) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, টেলিফিল্ম-নিৰ্মাতা, ধাৰাবাহিকৰ পৰিচালক, নাট্যকাৰ। ১৯৭১ চনত মুক্তিপ্ৰাপ্ত আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অৰণ্য নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল৷ তেখেতে মুঠতে…
-
সান্ত্বনা বৰদলৈ
সান্ত্বনা বৰদলৈ (Santwana Bardoloi) এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। বৃত্তিত তেওঁ এগৰাকী শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক।
-
হেম সৰস্বতী
হেম সৰস্বতী এজন মধ্যযুগীয় প্ৰাক-বৈষ্ণৱ যুগৰ অসমীয়া কবি৷ কমতাধিপতি দুৰ্লভনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত তেওঁ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ দুখন কাব্য গ্ৰন্থ ৰচনা কৰে৷
-
ৰেৱতী মোহন দত্তচৌধুৰী
ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ (Rebati Mohan Dutta Choudhury) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।
-
অখিল গগৈ
অখিল গগৈ (Akhil Gogoi) অসমৰ এগৰাকী কৃষক নেতা আৰু আৰ টি আই কৰ্মী (RTI activist)। বিগত কেইবাটাও বছৰত তেওঁ ৰাজ্যখনত দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে।
-
অনিৰুদ্ধদেৱ
মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ (১৫৫৩-১৬২৩) এগৰাকী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰী গোপালদেৱৰ পৰৱৰ্তীকালৰ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক আছিল।
-
অনুপমা ভট্টাচাৰ্য
অনুপমা ভট্টাচাৰ্য (Anupama Bhattacharjya; ১৯ আগষ্ট ১৯২৮-৩০ জানুৱাৰী ২০২২) অসমৰ চলচ্চিত্ৰ আৰু মঞ্চজগতৰ এগৰাকী গুৰিধৰোঁতা অভিনেত্ৰী। অসমৰ “মীনা কুমাৰী” হিচাপে খ্যাত ভট্টাচাৰ্যই চল্লিশৰ জগতৰ পৰা আজিলৈকে মঞ্চ, অনাতাঁৰ, বোলছবি আৰু দূৰদৰ্শনত অভিনয় কৰি আহিছে।
-
অৰূপা পটংগীয়া কলিতা
অৰূপা পটংগীয়া কলিতা (Arupa Patangia Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত, জছনাৰ ঝিটাছ আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে।
-
ইমৰান শ্বাহ
ইমৰান শ্বাহ বা নৱাব ইমৰান শ্বাহ (Imran Shah, জন্ম: ১৯৩৩) অসমৰ এজন কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু অনুবাদক। "ঈশান দত্ত", "অনামিকা বৰুৱা", "কুম্ভকৰ্ণ", "অনিমেষ বৰুৱা" আদি ছদ্মনামেৰে তেখেতে লিখামেলা কৰিছিল। তেখেতে ঘাইকৈ অসমীয়া ভাষাত সাহিত্য ৰচনা কৰি আহিছে।
-
দ্বিবন বৰুৱা
দ্বিবন বৰুৱা (Dwiban Baruah) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেওঁ আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তেওঁ মুঠ ৭খন চলচ্চিত্ৰৰ পৰিচালক আছিল।
-
ধ্ৰুৱজ্যোতি বৰা
ড°ধ্ৰুৱজ্যোতি বৰা (Dhrubajyoti Borah) হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ, আলোচনী সম্পাদক আৰু পেছাগতভাৱে চিকিৎসক। তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে।
-
পুলক বেনাৰ্জী
পুলক বেনাৰ্জী (Pulak Banerjee) অসমৰ এগৰাকী কণ্ঠশিল্পী। শ্ৰব্য কেছেট 'সোঁৱৰণি'ৰ জৰিড়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। তাৰাপিছত আৰু তেখেতে পিছলৈ উভতি চোৱা নাই। যোৱা পাঁচোটা দশকজুৰি তেখেতে অংসখ্য গীতত কণ্ঠদান কৰিছে। কেইবাখনো চলচ্চিত্ৰত নেপথ্য গায়কৰূপে তেখেতে কণ্ঠদান কৰিছে।
-
পৰাগ কুমাৰ দাস
পৰাগ কুমাৰ দাস (জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৬১ - মৃত্যু: ১৭ মে, ১৯৯৬,) আছিল অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা। পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন্চ মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।
-
ব্ৰজেন বৰা
ব্ৰজেন বৰা (Brajen Borah) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, নাট্যকাৰ। তেওঁৰ জন্ম হৈছিল শিৱসাগৰত।১৯৮২ চনত সাদৰী নামে অসমীয়া চলচ্চিত্ৰখনৰ যোগেদি তেখেতে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে বৰ্তমানলৈ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা আৰু অভিনয় কৰিছে।
-
মোমাই তামুলী
মোমাই তামুলী বৰবৰুৱা বুৰঞ্জী মতে ফু-কে-লুঙ লান-ফিমা (Momai Tamuli Borbarua) আহোম ৰাজ্যৰ (মু'ঙ দুন চুণ খাম; 𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) প্ৰথমজন বৰবৰুৱা (ফুকেলু'ঙ; 𑜇𑜥 𑜀𑜦𑜧 𑜎𑜥𑜂𑜫) আছিল।
-
হৰিদেৱ
হৰিদেৱ (Harideva) আছিল অসমত মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। তেখেতে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ, গীতা, ভাগৱত আদিত উল্লেখিত ধৰণে শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা-অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল।
-
নবীনচন্দ্ৰ বৰদলৈ
নবীনচন্দ্ৰ বৰদলৈ (জন্ম:১৮৭৫ – মৃত্যু:১৯৩৬) হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা। অসমৰ প্ৰতি তেখেতৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে তেখেতক কৰ্মবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল। 'গৃহলক্ষ্মী' আৰু 'কৃষ্ণলীলা' তেওঁৰ মৌলিক নাট্য ৰচনা।
-
আজান পীৰ
আজান ফকীৰ (Ajan Fakir) এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মীৰান। ইয়াৰ বাহিৰেও তেখেতক আজান পীৰ, ছাহ মীৰান আৰু আজান ফকীৰ নামেৰেও জনা যায়। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল।
-
আনোৱাৰ হুছেইন
আনোৱাৰ হুছেইন (Anowar Hussain) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ মুঠ ছয়খন অসমীয়া ছবি পৰিচালনা কৰিছে। তেওঁ আটাইতকৈ কম বয়সতে ছবি পৰিচালনা কৰা অসমীয়া পৰিচালক। তেওঁৰ তৃতীয় ছবি তেজীমলাই শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰপতিৰ ‘চাৰ্টিফিকেট অফ মেৰিট’ লাভ কৰিছিল।
-
উপেন্দ্ৰনাথ গোস্বামী
উপেন্দ্ৰনাথ গোস্বামী (Upendra Nath Goswami, ১৯২৩-২০০০) একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi: A Dialect of Assamese.
-
কেনী দেউৰী বসুমতাৰী
কেনী দেউৰী বসুমতাৰী (Kenny Deori Basumatary) অসমৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা উদীয়মান লেখক।
-
গোলাপ বৰবৰা
গোলাপ বৰবৰা (Golap Borbora, জন্ম: ১৯২৫ – মৃত্যু: ২০০৬) অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
-
চন্দ্ৰধৰ বৰুৱা
চন্দ্ৰধৰ বৰুৱা (Chandradhar Baruah) (১৮৭৪-১৯৬১) নাট্যকাৰ, কবি আৰু গীতিকাৰ ৷ ১৮৭৪ চনৰ ১৫ অক্টোবৰত যোৰহাটত জন্ম ৷ ১৯৩০ চনত অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত যোগদান ৷ ১৯১৮ চনত অসম সাহিত্য সভাৰ সভাপতি৷ ১৯২৬ চনত 'অসম সাহিত্য সভা পত্ৰিকা'ৰ…
-
জন্ছ মহলীয়া
জন্ছ মহলীয়া (২৬ ছেপ্টেম্বৰ, ১৯৪৬ - ৫ ফেব্ৰুৱাৰী, ২০১৬) অসমৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। শোণিতপুৰ জিলাৰ চতিয়াৰ চেঙামাৰীত জন্মগ্ৰহণ কৰা মহলীয়াই পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নিৰ্দেশনাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। ১৯৭৯ চনত মুক্তি লাভ কৰা "দূৰণিৰ ৰং" তেখেতৰ প্ৰথম চলচ্চিত্ৰ।
-
পদুম বৰুৱা
পদুম বৰুৱা (Padum Barua) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু সংগীত পৰিচালক। তেখেতে পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন হৈছে গঙা চিলনীৰ পাখি। ১৯৭৬ চনত এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। ২৫ জুলাই ২০০৬ ত নিজ বাসভৱনত তেখেতৰ মৃত্যু হয়।
-
প্ৰভাত শৰ্মা
প্ৰভাত শৰ্মা ( Prabhat Sarma; ৭ জুলাই ১৯৩৫ - ২ মাৰ্চ ২০২১) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক। তেওঁ ১৯৬০ৰ দশকৰ পৰা ১৯৯০ৰ দশকৰ শেষচোৱালৈকে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট আছিল।
-
প্ৰসন্নলাল চৌধুৰী
প্ৰসন্নলাল চৌধুৰী (Prasannalal Choudhury) (১৮৯৮-১৯৮৬)বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক আছিল। তেওঁ সাপ্তাহিক কাকত প্ৰকাশৰ সম্পাদক আছিল। তেওঁ এগৰাকী চিকাৰী আৰু সু-অভিনেতাও আছিল। প্ৰধানকৈ কবি হিচাপে তেওঁ বিদ্ৰোহী কবি নামেৰেহে জনাজাত আৰু সকলোৰে মাজত জনপ্ৰিয় আছিল।
-
বেণু মিশ্ৰ
বেণু মিশ্ৰ (১৯৩৯-২০১৯) অসমৰ এগৰাকী চিত্ৰশিল্পী আৰু কলা-উপদেষ্টা। তেখেতে পশ্চিম বংগৰ শান্তিনিকেতনত প্ৰখ্যাত শিল্পী ৰামকিংকৰ বেইজৰ অধীনত কলাৰ শিক্ষা গ্ৰহণ কৰিছিল। বৰপেটাত জন্মগ্ৰহণ কৰা মিশ্ৰই পাছলৈ গুৱাহাটীত থাকিবলৈ লয়।
-
শ্বেৰ চৌধুৰী
শ্বেৰ চৌধুৰী (Sher Choudhury; ৮ আগষ্ট ১৯৪২- ৬ নৱেম্বৰ ২০১৩) অসমৰ এগৰাকী সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ। সৰুতে তেওঁ ছবি অঁকাৰ লগত জড়িত আছিল যদিও পাছলৈ সংগীত আৰু চলচ্চিত্ৰৰ লগত জড়িত হৈ পৰে। অসমৰ কেবাখনো পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰৰ সংগীত পৰিচালনা আৰু আৱহ সংগীতৰ কাম কৰে।
-
শৰৎচন্দ্ৰ গোস্বামী
শৰৎচন্দ্ৰ গোস্বামী (Sarat Chandra Goswami; ১৮৮৭ - ১৯৪৪) অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, গৱেষক আৰু সংগঠক আছিল। তেওঁৰ নেতৃত্বত যোৰহাটত যোৰহাট সাহিত্য সভা গঠন হৈছিল, যি অসম সাহিত্য সভাৰ বীজ আছিল।