শ্বেৰ চৌধুৰী (Sher Choudhury; ৮ আগষ্ট ১৯৪২- ৬ নৱেম্বৰ ২০১৩) অসমৰ এগৰাকী সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ। সৰুতে তেওঁ ছবি অঁকাৰ লগত জড়িত আছিল যদিও পাছলৈ সংগীত আৰু চলচ্চিত্ৰৰ লগত জড়িত হৈ পৰে। অসমৰ কেবাখনো পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰৰ সংগীত পৰিচালনা আৰু আৱহ সংগীতৰ কাম কৰে। শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল 'ৱশ্ব'বিপো' (১৯৯০) ছবিৰ বাবে। এখেতে পৰিচালনা কৰা তথ্যচিত্ৰ 'ছাউণ্ড অৱ ডায়িং কালাৰ্ছ' (১৯৯৩)-এ 'পৰ্যটন ক্ষেত্ৰৰ বাবে উদ্গনিমূলক তথ্যচিত্ৰ' শিতানৰ (Best Promotional Documentary On Tourism) শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটালাভ কৰে।১ ২ ২০১৩ চনৰ ৬ নৱেম্বৰত কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।
শৈশৱ
শ্বেৰ চৌধুৰীৰ পিতৃৰ নাম চেৰাফুদ্দিন চৌধুৰী আৰু মাতৃ বেগম বাহাৰ। ১৯৪২ চনৰ ৮ আগষ্টত জন্মলাভ কৰা শ্বেৰ চৌধুৰীৰ শৈশৱ অতিবাহিত হৈছিল শ্বিলং চহৰত। ছিলঙৰ গৱৰ্নমেণ্ট হাইস্কুল আৰু এণ্টনিজত তেখেতে পঢ়া-শুনা কৰিছিল। শৈশৱত শ্বেৰ চৌধুৰীয়ে ছবি অঁকাত মনোনিবেশ কৰিছিল।১ পাছলৈ সংগীতৰ লগত জড়িত নিজৰ দুই বায়েকৰ অনুপ্ৰেৰণাত সংগীতৰ লগত জড়িত হয় আৰু বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাত মনোনিবেশ কৰে।১
সংগীত
শৈশৱ কালত শ্বেৰ চৌধুৰীয়ে ঘাইকৈ ঘৰৰ অনুপ্ৰেৰণাতে বিভিন্ন বাদ্যযন্ত্ৰ বজাবলৈ আৰম্ভ কৰে। তেখেতে সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাছিল। মেণ্ডোলিন বজোৱাত তেখেতে বিশেষ দক্ষতাৰ পৰিচয় দিছিল আৰু ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ লগত মঞ্চ আৰু ৰেডিঅ' অনুষ্ঠানত বাদ্যযন্ত্ৰ সংগত কৰি সংগীত জগতত প্ৰৱেশ কৰে।২
বন্ধু ধীৰু ভূঞাৰ উদ্যোগত প্ৰথম ৰাগিনী চলচ্চিত্ৰৰ কলা আৰু সংগীত পৰিচালনাৰ লগতে মুখ্য সহকাৰী পৰিচালকৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ বাবে তেখেতে ইষ্টাৰ্ণ ইণ্ডিয়া মোছন পিক্ছাৰ এছ'চিয়েচনৰ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। ১৯৮৯ চনত নিৰ্মিত গৌতম বৰাৰ কাৰ্বি জনগোষ্ঠী ভাষাৰ ছবি 'ৱশ্ব'বিপো'ত দিয়া সংগীতৰ বাবে শ্বেৰ চৌধুৰীয়ে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।৩
ইয়াৰ পাছত শ্বেৰ চোধুৰীয়ে ক্ৰমে 'হলধৰ' (১৯৯২), 'মীমাংসা' (১৯৯৫), 'আই কিল্ড হিম ছাৰ', 'ৰাগ-বিৰাগ', 'অদাহ্য (চলচ্চিত্ৰ)', 'চক্ৰবেহু', 'অহিৰ ভৈৰৱ' আদি অসমীয়া কথাছবিৰ সংগীত পৰিচালনা কৰে। কাৰ্বি ভাষাৰ কাহিনী ছবি 'ৰংবিন'ৰ লগতে শ্বেৰ চৌধুৰীয়ে তথ্যচিত্ৰৰ সংগীত-পৰিচালক হিচাপেও কাম কৰিছে। গৌতম বৰা নিৰ্দেশিত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত তথ্যচিত্ৰ Sons of Abotani: The Misings (১৯৯১)-ত সংগীত পৰিচালক আছিল শ্বেৰ চৌধুৰী।২
শ্বেৰ চৌধুৰীয়ে কেবাখনো টেলিফিল্ম, দূৰদৰ্শনৰ ধাৰবাহিকতো সংগীত পৰিচালনা কৰিছে।
তথ্যচিত্ৰ
১৯৯৩ চনত শ্বেৰ চৌধুৰীয়ে পৰিচালনা কৰে 'Sound of the Dying Colours' নামৰ এখন তথ্যচিত্ৰ। এই তথ্যচিত্ৰৰ চিত্ৰ-নাট্য আৰু সংগীত পৰিচালনা আছিল শ্বেৰ চৌধুৰীৰ নিজা।১ উত্তৰ-’পূৰ্বাঞ্চলৰ সাতোটা জনজাতিৰ পাৰম্পৰিক কলাৰ লগত আধুনিক সংস্কৃতিৰ সংঘাটক উপজীৱ্য কৰি নিৰ্মাণ কৰা এই তথ্যচিত্ৰখনিত কথাৰ সলনি ছাবটাইটেল আৰু সংগীত ব্যৱহাৰ কৰা হৈছিল।২ 'Sound of Dying Colours'-য়ে 'পৰ্যটন ক্ষেত্ৰৰ বাবে উদ্গনিমূলক তথ্যচিত্ৰ' শিতানৰ (Best Promotional Documentary On Tourism) শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।২
দূৰদৰ্শনৰ বাবে শ্বেৰ চৌধুৰীয়ে অৰুণাচলৰ 'মেথোন'ৰ ওপৰত The Impact of Methun নামে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে। দূৰদৰ্শনৰ বাবেই য়েছে দৰজি থংছেৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰে সাতোটা খণ্ডৰ এখন ধাৰাবাহিক 'লিংখিক'।২
মৃত্যু
২০১৩ চনৰ ৬ নৱেম্বৰ তাৰিখে পুৱা ৪:২৫ বজাত গুৱাহাটীৰ বি. বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাতে শ্বেৰ চৌধুৰীৰ মৃত্যু হয়। প্ৰায় এবছৰ ধৰি চিৰকুমাৰ শ্বেৰ চৌধুৰী কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।৪
কৰ্মৰাজি
সংগীত পৰিচালনা
- প্ৰথম ৰাগিনী (পৰি: ধীৰু ভুঞা)
- ৱশ্ব'বিপো (কাৰ্বি ভাষাৰ ছবি) (পৰি: গৌতম বৰা)
- হলধৰ (পৰি: সঞ্জীৱ হাজৰিকা)
- মীমাংসা (পৰি: সঞ্জীৱ হাজৰিকা)
- আই কিল্ড হিম ছাৰ (পৰি: প্ৰদীপ গগৈ)
- দৰ্পণ (হিন্দী টেলিফিল্ম) (পৰি: সমৰেন্দ্ৰ নাৰায়ণ দেৱ)
- ৰাগ-বিৰাগ (পৰি: বিদ্যুৎ চক্ৰৱৰ্তী)
- অদাহ্য (পৰি: সান্ত্বনা বৰদলৈ)
- সংস্কাৰ (পৰি: ৰঞ্জিত দাস)
- ৰংবিন (কাৰ্বি ভাষাৰ ছবি)
- চক্ৰবেহু (চলচ্চিত্ৰ) (পৰি: প্ৰাঞ্জল হাজৰিকা)
- অহিৰ ভৈৰৱ (পৰি: শিৱপ্ৰসাদ ঠাকুৰ)
- দুৱাৰ (পৰি: বিদ্যুৎ চক্ৰৱৰ্তী)
তথ্যচিত্ৰ
- Weavers of the golden thread (1988)
- The Sound of Dying Colours, 1993 (পৰিচালনা)
- The Impact of Methun (পৰিচালনা)
- The Sons of Abotani: The Missings, ১৯৯১ (সংগীত)
- Three girls and the golden cocoon (২০০৪)
- Spirit of graceful lineage (২০০৭)
- Children of the river - A documentary on river dolphins of Assam (২০০৭)
- Distant rambles- A film on Nagaland war wreckage (২০০৭)
- জাক হেৰুওৱা পখী (২০০৮)
- The horizon of Rongmilir hahi (২০১০)
- ডাৱৰ (২০১৩)
চুটি ছবি
- Red to Black, ২০১০ (পৰিচালক: কৃপাল কলিতা) (সংগীত)৫
ধাৰাবাহিক
- লিংখিক (পৰিচালনা)
অন্যান্য
- সখা
- হেঙুলী আকাশ
- দেৱী পীঠৰ তেজ
সন্মান
- 'প্ৰথম ৰাগিণী' ছবিৰ বাবে ইষ্টাৰ্ণ ইণ্ডিয়া ম'শ্বন পিকচাৰ্ছ এছ'চিয়েশ্বনৰ শ্ৰেষ্ঠ সংগীত পৰিচালক, ১৯৮৮ ১
- 'ৱশ্ব'বিপো' ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা, ১৯৮৯৩
- 'ৰাগ-বিৰাগ' কথাছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাজ্যিক বঁটা, ১৯৯৬ ১
- 'অদাহ্য' কথাছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাজ্যিক বঁটা, ১৯৯৭ ১
- 'ছাউণ্ড অৱ দা ডায়িং কালাৰ্ছ' তথ্যচিত্ৰৰ বাবে 'পৰ্যটন ক্ষেত্ৰৰ বাবে উদ্গনিমূলক তথ্যচিত্ৰ' শিতানৰ (Best Promotional Documentary On Tourism) শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা, ১৯৯৩ ২
তথ্যসূত্ৰ
- ↑ প্ৰমোদ শৰ্মা, মাণিক ৰায়; নি:সংগতা, অলপ মনোবেদনা আৰু সংগীত পৰিচালক শ্বেৰ চৌধুৰী; বহুমুখ, 'আমাৰ অসম' কাকতৰ বুধবৰীয়া বিশেষ প্ৰকাশ, ২৩ মে', ২০১২
- ↑ Maitreyee Boruah, Man of many hues personality, The Telegraph, ২৮-১২-২০০৪; আহৰণৰ তাৰিখ: 2৬-০৫-২০১২
- ↑ 37th National Film Awards. Directorate of Film Festivals
- ↑ 'National award winning music director passes away', PTI News, আহৰণ কৰা তাৰিখঃ ০৬-১১-২০১৩
- ↑ Prantik Deka, Sight and Sound, The Sentinel ০৬-০৪-২০১০; আহৰণ কৰা তাৰিখ:২৫-০৫-২০১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেৰ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬১৩০৭৫ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।