অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গোলাপ বৰবৰা

গোলাপ বৰবৰা (Golap Borbora, জন্ম: ১৯২৫ – মৃত্যু: ২০০৬) অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

হালনাগাদ: ২৯ আগষ্ট ২০২৫ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

গোলাপ বৰবৰা (Golap Borbora, জন্ম: ১৯২৫ – মৃত্যু: ২০০৬) অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৭৮ চনত তেওঁৰ নেতৃত্বত গঠিত হোৱা চৰকাৰখনেই প্ৰথমখন কংগ্ৰেছ বিৰোধী চৰকাৰ।১২

জন্ম আৰু বংশ পৰিচয়

১৯২৫ চনৰ ২৯ আগষ্টত গোলাঘাটত গোলাপ বৰবৰাই জন্ম গ্ৰহণ কৰে।১ তেওঁৰ পিতৃৰ নাম আছিল কমল বৰবৰা। তেওঁ ডিগবৈৰ অসম অইল কোম্পানীৰ কৰ্মচাৰী আছিল। গোলাপ বৰবৰা পিতৃ-মাতৃৰ প্ৰথম সন্তান আছিল।৩

শিক্ষা

গোলাপ বৰবৰাই সৰু কালৰ শিক্ষা তিনিচুকীয়াৰ পৰা লাভ কৰিছিল।২ ১৯৪৪ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আই. এছ. ছি. পৰীক্ষা পাছ কৰে।৩ কলিকতাত থকা সময়ছোৱাত তেওঁ সমাজবাদী আন্দোলনৰ পৰা আকৃষ্ট কলেজীয়া জীৱন সিমানতে সামৰণি মাৰে আৰু ১৯৪৭ চনত অসমলৈ ঘূৰি আহে।১

ৰাজনৈতিক জীৱন

সেই সময়ত অসমত কংগ্ৰেছ দলৰ মাজত কংগ্ৰেছ ছচিয়েলিষ্ট নামৰ গোট আছিল। কলিকতাৰ পৰা ঘূৰি আহি তেওঁ সেই দলৰ সদস্য হিচাপে অন্তৰ্ভূক্ত হয়।৩ দেশ স্বাধীন হোৱাৰ পিছত কংগ্ৰেছ ছচিয়েলিষ্ট দলে কংগ্ৰেছ ত্যাগ কৰি এটা নতুন দল গঠন কৰে। এই দলটোৱে গণতন্ত্ৰ তথা সমাজবাদৰ ভেটিত কংগ্ৰেছৰ জাতীয় বিকল্প গঢ়িবলৈ চেষ্টা কৰে। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত গোলাপ বৰবৰা ছচিয়েলিষ্ট পাৰ্টীৰ, ডিব্ৰুগড় জিলা শাখাৰ সম্পাদক হয়। ১৯৬৫ চনত এবছৰৰ বাবে তেওঁ দলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আছিল।৩

১৯৬৮ চনত গোলাপ বৰবৰা ৰাজ্যসভালৈ বিৰোধী দলৰ সদস্য হিচাপে প্ৰথম নিৰ্বাচিত হৈছিল। ১৯৭৪ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।১ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ শ্ৰমিক ইউনিয়নৰ তেওঁ কেইবাবছৰ ধৰি বিষয়ববীয়া আছিল।১৩

১৯৭৪ চনৰ শেষৰফালে লোকনায়ক জয়প্ৰকাশৰ নেতৃত্বত দেশজুৰি আন্দোলন আৰম্ভ হৈছিল। গোলাপ বৰবৰাই এই আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। ১৯৭৫ চনৰ ২৫ জুনত জৰুৰী অৱস্থা ঘোষণা কৰি জয়প্ৰকাশ, মোৰাৰজী দেশাইৰ লগতে তেওঁকো গ্ৰেপ্তাৰ কৰি বহুদিন জেলত ৰখা হ’ল।২

জেলৰ পৰা ওলাই গোলাপ বৰবৰাক নৱগঠিত জনতা দলৰ সভাপতি পদ গ্ৰহণ কৰে।২ ১৯৭৮ চনৰ অসম বিধানসভা নিৰ্বাচনত এই দলটোৱে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে।৩

মুখ্যমন্ত্ৰী পদত

১৯৭৮ চনৰ মাৰ্চত অসম বিধানসভাৰ নিৰ্বাচনত জনতা পাৰ্টিয়ে ৫৩ খন আসন লাভ কৰে। এইদৰে তেওঁৰ দলটো বিধান সভাৰ বৃহত্তম দল হিচাপে গণ্য হয়।৩ ১৯৭৮ চনৰ ১২ মাৰ্চত গোলাপ বৰবৰাই মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।১ সেই বাৰেই প্ৰথমবাৰৰ বাবে কংগ্ৰেছ বিৰোধী দল এটাই চৰকাৰ গঠন কৰে।

জনহিতকৰ কাম

মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰি গোলাপ বৰবৰাই ভালেমান জনহিতকৰ কাম কৰে। যেনে-খেতিয়কৰ দহ বিঘালৈকে মাটিৰ খাজনা মাফ কৰি দিয়া, দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ মাচুল মাফ, ব্ৰহ্মপুত্ৰ নদৰ ওপৰত দ্বিতীয়খন দলঙৰ আধাৰশিলা স্থাপন, জাগীৰোড আৰু কাছাৰ জিলাত কাগজ কল প্ৰতিষ্ঠা, বনস্পতি কাৰখানা, বিজুলী জনসিঞ্চনৰ বাবে কেইবাটাও নতুন আঁচনি উল্লেখযোগ্য।৩

মৃত্যু

২০০৬ চনৰ ১৯ মাৰ্চত গুৱাহাটীত ৮৩ বছৰ বয়সত গোলাপ বৰবৰাৰ মৃত্যু হয়।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (North East News Agency). Former Assam CM Golap Borbora is no more. nenanews.com. North East News Agency
  2. ↑ ABOUT GOLAP BORBORA. in.com. In.com India
  3. ↑ সমীন কলিতা. (ছেপ্টেম্বৰ, ২০০৭). অসমৰ মুখ্যমন্ত্ৰীসকল, পঞ্চম প্ৰকাশ. ৰাজেন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰ প্ৰকাশ পাণবজাৰ. পৃ. ৮১, ৮২, ৮৩
  4. ↑ (Monday, March 20, 2006). Golap Borbora passes away. The Telegraph

সম্পৰ্কিত শ্ৰেণী

অসমৰ মুখ্যমন্ত্ৰীঅসমৰ ৰাজনীতিকঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাপ বৰবৰা” প্ৰবন্ধৰ সংশোধন ৫৩৫৬৬৭ (২৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।