অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰভাত শৰ্মা

প্ৰভাত শৰ্মা ( Prabhat Sarma; ৭ জুলাই ১৯৩৫ - ২ মাৰ্চ ২০২১) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক। তেওঁ ১৯৬০ৰ দশকৰ পৰা ১৯৯০ৰ দশকৰ শেষচোৱালৈকে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট আছিল।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৪ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প্ৰভাত শৰ্মা ( Prabhat Sarma; ৭ জুলাই ১৯৩৫ - ২ মাৰ্চ ২০২১) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক। তেওঁ ১৯৬০ৰ দশকৰ পৰা ১৯৯০ৰ দশকৰ শেষচোৱালৈকে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট আছিল। ১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি ১৯৯৮ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

তেওঁ অসমৰ থলুৱা বাদ্যযন্ত্ৰীক লৈ 'পাঞ্চজন্য শংখধ্বনি' নামৰ এটি সুৰসমলয় দল গঠন কৰিছিল। পিছলৈ ইয়াক 'দেৱগান্ধাৰ' নামেৰে নামকৰণ কৰা হয়। 'ব্লেকমানী', 'সন্তান', 'সন্ধ্যাৰাগ (চলচ্চিত্ৰ)', 'সাৰথি', 'আপোনজন', 'মোহমুক্তি', 'অনল', 'কদমতলে কৃষ্ণ নাচে', 'শ্ৰীমন্ত শঙ্কৰদেৱ' ইত্যাদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালক ৰূপে কাম কৰাৰ উপৰিও দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত প্ৰচাৰিত ধাৰাবাহিক 'পথৰুঘাটে ৰিঙিয়ায়' আৰু 'বৃকোদৰ বৰুৱাৰ বিয়া' ত তেওঁ সংগীত পৰিচালনা কৰিছিল।

২০০১ চনত তেওঁক অসম চৰকাৰে 'শিল্পী দিৱস বঁটা' প্ৰদান কৰে। অসমীয়া লোকসংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।১ ২০২১ চনৰ ২ মাৰ্চত তেওঁৰ মৃত্যু হয়।

শিক্ষা

বাঁহী বজাই থকা অৱস্থাত প্ৰভাত শৰ্মা
বাঁহী বজাই থকা অৱস্থাত প্ৰভাত শৰ্মাছবি: Samsul Huda Patgiri · CC BY-SA 4.0

প্ৰভাত শৰ্মাই বৰপেটা চহৰৰ বিদ্যাপীঠত দশম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত তেওঁ সুন্দৰীদিয়া সত্ৰৰ গংগাধৰ দেৱ মিশ্ৰ আৰু সত্য কৃষ্ণ দেৱ মিশ্ৰৰ পৰা সত্ৰীয় সংগীতকে ধৰি বৰগীতৰ শিক্ষা গ্ৰহণ কৰে। সৰুৰ পৰা সংগীতৰ প্ৰতি ৰাপ থকা শৰ্মাই ভাৰতৰ শাস্ত্ৰীয় সংগীত আৰু অসমৰ লোক সংগীতৰ প্ৰাথমিক জ্ঞান আহৰণ কৰে বৰপেটাৰ জয়কৃষ্ণ সংগীত বিদ্যাপীঠৰ মতিলাল দাস আৰু গিৰিশ চন্দ্ৰ দাসৰ পৰা। পিছলৈ তেওঁ বৰপেটা স্থিত বৰগীত গায়ক নৰহৰি বুঢ়া ভকত, যাদৱ চন্দ্ৰ পাঠক আৰু দয়াল চন্দ্ৰ সূত্ৰধাৰৰ পৰা সত্ৰীয়া সংগীতৰ পুংখানুপুংখ জ্ঞান আহৰণ কৰে। অনাঁতাৰ শিল্পী আব্দুল ৰেহমানৰ পৰাও তেওঁ বাঁহীৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা লয়। তাৰ উপৰিও প্ৰভাত শৰ্মাই কলকাতাস্থিত বাঁহীবাদক গৌৰ গোস্বামীৰ পৰাও বাঁহীৰ প্ৰশিক্ষণ অৰ্জন কৰে।২

তথ্যসূত্ৰ

  1. ↑ বিস্ময়, জুন সংখ্যা, ২০১৬, মহীৰূহ প্ৰভাত শৰ্মা ৭ জুলাই জন্মিদন উপলক্ষে
  2. ↑ (march, 2020). বাঁহীৰ সুৰেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা শিল্পী "প্ৰভাত শৰ্মা". Rupaliparda

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিবাদ্যযন্ত্ৰীঅসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালকসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভাত শৰ্মা” প্ৰবন্ধৰ সংশোধন ৪৪৮০২১ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।