অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেণু মিশ্ৰ

বেণু মিশ্ৰ (১৯৩৯-২০১৯) অসমৰ এগৰাকী চিত্ৰশিল্পী আৰু কলা-উপদেষ্টা। তেখেতে পশ্চিম বংগৰ শান্তিনিকেতনত প্ৰখ্যাত শিল্পী ৰামকিংকৰ বেইজৰ অধীনত কলাৰ শিক্ষা গ্ৰহণ কৰিছিল। বৰপেটাত জন্মগ্ৰহণ কৰা মিশ্ৰ‌ই পাছলৈ গুৱাহাটীত থাকিবলৈ লয়।

হালনাগাদ: ১৮ ডিচেম্বৰ ২০২৩ ১,০৪৮ শব্দ · ৬ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বেণু মিশ্ৰ (১৯৩৯-২০১৯) অসমৰ এগৰাকী চিত্ৰশিল্পী আৰু কলা-উপদেষ্টা। তেখেতে পশ্চিমবংগৰ শান্তিনিকেতনত প্ৰখ্যাত শিল্পী ৰামকিংকৰ বেইজৰ অধীনত কলাৰ শিক্ষা গ্ৰহণ কৰিছিল।১ বৰপেটাত জন্মগ্ৰহণ কৰা মিশ্ৰ‌ই পাছলৈ গুৱাহাটীত থাকিবলৈ লয়। অসমৰ আধুনিক চিত্ৰশিল্পৰ এক সুকীয়া ধাৰা সৃষ্টি কৰা শিল্পীজনে ১৯৭৬ চনত গুৱাহাটী আৰ্টিষ্টচ্ গীল্ডৰ প্ৰতিষ্ঠা কৰে আৰু কিছুকাল ইয়াৰে প্ৰতিষ্ঠাপক সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।২ তেখেত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উপ-সঞ্চালক হিচাপেও নিযুক্ত আছিল। কিছুদিন ধৰি বিভিন্ন ৰোগত ভুগি থকা শিল্পীজনে ২০১৯ চনৰ ২৯ মে'ৰ পুৱা গুৱাহাটীৰ নিজা বাসভৱনত মৃত্যুবৰণ কৰে।

জন্ম আৰু বংশ পৰিচয়

বৰপেটা সত্ৰৰ বিখ্যাত মিশ্ৰ পৰিয়ালত ১৯৩৯চনৰ ২৭ নবেম্বৰত জন্ম হৈছিল বেণু মিশ্ৰৰ। তেখেতৰ ককাক দেৱেন্দ্ৰনাথ মিশ্ৰ আছিল বৰপেটা বিদ্যাপীঠৰ ড্ৰয়িঙৰ শিক্ষক। ককাকৰ সান্নিধ্যতে তেখেত চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু গছৰ পৰা পাৰি থোৱা কলা জামুৰ ৰসে বাচনত সৃষ্টি কৰা ৰঙে মিশ্ৰৰ শিশু মনত ক্ৰিয়া কৰিছিল। দেউতাক যোগেন্দ্ৰ নাথ মিশ্ৰও আছিল বৰপেটা বিদ্যাপীঠৰে অংক আৰু বিজ্ঞানৰ শিক্ষক। মাক ভাগ্যেশ্বৰী দেৱী।

শিক্ষা

১৯৪৬ চনৰপৰা মিশ্ৰ পৰিয়ালে গুৱাহাটীত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। শিশু মিশ্ৰই চেনিকুঠী প্ৰাইমাৰী বিদ্যালয়ত প্ৰাইমাৰী শিক্ষা লাভ কৰিছিল। তাৰপিছত ক্ৰমে কামৰূপ একাডেমী আৰু কটন কলেজিয়েটত মিশ্ৰই হাইস্কুলীয়া শিক্ষা লাভ কৰে। এদিন হাতত ১১ টকা লৈ কলিকতালৈ ৰেলত উঠি পলায়ন কৰিছিল যদিও ৰেল নিচিনি তিনিচুকীয়া পায়গৈ আৰু তাৰপৰাই খবৰ পাই দেউতাকে ঘৰলৈ ওভতাই আনে। উভতি আহি ১৯৫৭ চনত কটন কলেজিয়েটৰপৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হয়। সেই বছৰেই এটি ৮০ টকীয়া বৃত্তি লাভ কৰি কলিকতালৈ যায় আৰু কলাভৱনত নাম ভৰ্তি কৰে। বেণু মিশ্ৰ‌ই ১৯৬১ চনত শান্তিনিকেতনৰ কলাভৱনৰপৰা ফাইন আৰ্ট আৰু ক্ৰাফট বিষয়ত ৪ বছৰীয়া ডিপ্ল'মা ডিগ্ৰী লাভ কৰিছিল।৩ শান্তিনিকেতনত তেখেতে ৰামকিংকৰ বেইজ,ৰাধাৰমণ বাগচি, ধীৰেনকৃষ্ণ দেৱবৰ্মন, বিনোদবিহাৰী মুখোপাধ্যায়ৰ দৰে দেশৰ আগশাৰীৰ শিল্পীসকলক অধ্যাপক ৰূপে পাইছিল। মিশ্ৰই কৈছে; "ভাৰতীয় শিল্পকলাৰ এক ক্ৰান্তিকাৰী যুগত মই শান্তিনিকেতনৰ ছাত্ৰ আছিলোঁ। চিত্ৰকলাৰ দেশীয় ঐতিহ্য আৰু আধুনিকতাৰ দ্বন্দ্বমুখৰ সময়তে তাত ছাত্ৰজীৱন কটোৱাৰ বিৰল অভিজ্ঞতা মোৰ হৈছিল। " কেৱল ছবি অঁকাই নহয়, শান্তিনিকেতনলৈ গৈ তেখেত গান,নাটক, ষ্টেজ ডেকৰেশ্বন আদিৰ প্ৰতিও আকৰ্ষিত হৈ পৰে।

কৰ্মজীৱন

নিজৰ চিত্ৰকৰ্মৰ সৈতে মিশ্ৰ
নিজৰ চিত্ৰকৰ্মৰ সৈতে মিশ্ৰছবি: Utpal91 · CC BY-SA 4.0

শান্তিনিকেতনৰপৰা আৰ্টৰ শিক্ষা লৈ মিশ্ৰই ১৯৬৩ চনত ব'ম্বেৰ ছাৰ জেকব চেচন স্কুলত কিছুদিন শিক্ষকতা কৰিছিল। তাৰপৰা উভতি আহি ১৯৬২ চনত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত আৰ্টিষ্ট ৰূপে যোগদান কৰে। ১৯৭৩ চনত আৰ্ট আৰু ক্ৰাফটৰ চৰকাৰী বিদ্যালয়তো তেখেতে কাম কৰিছিল। বেণু মিশ্ৰই গুৱাহাটী শিলপুখুৰীৰ নিজা বাসভৱনত ১৯৭৬ চনত নৱকান্ত বৰুৱা, বীৰেন্দ্ৰনাথ দত্ত, হীৰেন ভট্টাচাৰ্য, অনন্ত লহকৰ (সন্দিকৈ কলেজৰ তেতিয়াৰ অধ্যাপক) তথা প্ৰগতিশীল লেখক আৰু শিল্পী সংঘৰ কিছু কৰ্মকৰ্তাৰে সৈতে লগলাগি গুৱাহাটী আৰ্টষ্টচ্ গীল্ডৰ জন্ম দিছিল। তেখেত মুদ্ৰণ জগতৰ সৈতে ইমান ওতপ্ৰোতভাৱে জড়িত আছিল যে প্ৰকাশন গোষ্ঠীৰসমূহৰ সৈতে তেখেতৰ আন্তৰিক সম্পৰ্ক হৈছিল। প্ৰকাশ, গৰীয়সী, প্ৰতিদিন আদি আগশাৰীৰ আলোচনীসমূহৰ প্ৰচ্ছদ অঙ্কনৰ উপৰিও তেখেতে প্ৰকাশন গোষ্ঠীসমূহৰ কিতাপৰ বাবে কাম কৰিছিল। অসমীয়া প্ৰতিদিন কাকতৰ লগ'টো বেণু মিশ্ৰই আঁকিছিল। পাছলৈ চৰকাৰী নিয়মানুযায়ী আখৰকেইটা পোন কৰিবলগীয়া হৈছিল যদিও নামটোত বেণু মিশ্ৰৰ পৰশ জিলিকি থাকিল।৪হীৰেন ভট্টাচাৰ্যদেৱৰ কবিতাৰ কিতাপসমূহত বেণু মিশ্ৰৰ ইলাচট্ৰেচন আৰু বেটুপাতে শোভা বৰ্দ্ধন কৰিছিল। হীৰেন ভট্টাচাৰ্যৰ কথা আৰু বেণু মিশ্ৰৰ ছবিৰে প্ৰকাশ পোৱা 'ল'ৰা-ধেমালি'; বীৰেন্দ্ৰনাথ দত্তৰ চয়ন-সংকলন আৰু বেণু মিশ্ৰৰ ছবিৰে প্ৰকাশিত 'অমাতৰ মাত' আছিল মিশ্ৰৰ জীৱনৰ অক্ষয় কীৰ্তি।৫ তেখেতৰ দ্বাৰা অংকিত কেইবাখনো গ্ৰন্থ সৰ্বভাৰতীয় মুদ্ৰণ শিল্পৰ প্ৰেক্ষাপটত পুৰস্কৃত হৈছে।

কেৱল বেটুপাততে ব্যস্ত নাথাকি তেখেতে অসম প্ৰকাশন পৰিষদৰ প্ৰতীকপট নিৰ্মাণ, নামফলকৰ অক্ষৰবিন্যাস, বাণিজ্যমেলাৰ বাবে বুৰঞ্জীপ্ৰসিদ্ধ মহাবীৰসকলৰ প্ৰতিকৃতি অংকন আদিৰ কামো আগ্ৰহেৰে কৰিছিল। তবলাবাদক ৰূপেও তেখেতৰ বিশেষ নাম আছিল। ভূপেন হাজৰিকা আৰু পাৰবিন চুলতানাৰ লগতো তেওঁ তবলা সংগত কৰিছিল।৬তেখেতে নিজে নাটক লিখি সংগীতৰ কাম আৰু পৰিচালনাও কৰিছিল। বেণু মিশ্ৰই নিৰ্মাণ কৰা ভাস্কৰ্য সমূহৰ ভিতৰত গহপুৰত স্থাপিত ছহিদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ পূৰ্ণ প্ৰতিমূৰ্তি, গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ প্ৰতিকৃতি, নুমলীগড়ৰ আধুনিক ভাস্কৰ্য আদি উল্লেখযোগ্য। তেখেতৰ তত্ত্বাৱধানত প্ৰকাশ হোৱা গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ বছৰেকীয়া আলোচনী 'চিহ্ন'ক শিল্পী সমীৰণ বৰুৱাই অসমৰ প্ৰথমখন "ললিত কলা বিষয়ক আলোচনী" বুলি কৈছে। তেখেতৰ চিত্ৰকলাত বলিষ্ঠ ৰেখাৰ সাৱলীল গতি, ফৰ্মৰ সংবেদনা আৰু বৰ্ণ-বৈভৱৰ সুষমা পৰিস্ফূট হয়।৭ তেখেতৰ উল্লেখযোগ্য চিত্ৰ সমূহৰ ভিতৰত 'লেডি উইথ পামকিন','ড্যা ডেথ','ড্যা ভিলেজ বেণ্ড','ফাদাৰ এণ্ড চন','ফেমিলি','ড্যা মিডনাইট কাফে','ড্যা লাষ্ট চাপাৰ' আদি ৰসোত্তীৰ্ণ। ইয়াৰে ডে'থ ছবিখনৰ ৰচনাৰ সময় আৰু পটভূমি অসম আন্দোলন। ড্যা লাষ্ট চাপাৰ ছবিখন ব্যংগাত্মক। কবি-সমালোচক নীলমণি ফুকনৰ ভাষাত; " শিল্পীয়ে সমাজৰ একশ্ৰেণী মদগৰ্বী, ভেশছনধাৰী ভণ্ড মানুহৰ প্ৰতি থকা ক্ষোভ-ক্ৰোধ প্ৰকাশ কৰিবলৈ ব্যংগৰ আশ্ৰয় লৈছে। "৮ শিল্পী মিশ্ৰৰ প্ৰথমখন চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল নেপালৰ কাঠমাণ্ডুত,১৯৬৪ চনত৯। ইয়াৰোপৰি দিল্লী, ব'ম্বে, কলিকতা, গুৱাহাটী, শ্বিলং আদিত তেখেতৰ সমূহীয়া চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। ১৯৭৩ চনত তেখেতে বাৰ্লিনত অনুষ্ঠিত যুৱ মহোৎসৱত চিত্ৰশিল্পী ৰূপে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

মৃত্যু

কিছুদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি থকা বেণু মিশ্ৰক ২৯ মে'ৰ ৰাতিপুৱা সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, কিন্তু বাটতে তেখেতে মৃত্যুবৰণ কৰে। চিকিৎসালয়ৰ পৰা তেখেতৰ নশ্বৰদেহ কাহিলীপাৰাৰ বাসগৃহলৈ অনা হয়।১০ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮০ বছৰ।১১

বঁটা আৰু সন্মান

  1. ২০০৩ চনত প্ৰণৱ বৰুৱা বঁটা।১২
  2. ২০০৬ চনত অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা।
  3. ২০১৭ চনত 'সাদিন-প্ৰতিদিন'গোষ্ঠীৰ এচিভাৰ্ছ এৱাৰ্ডত জীৱনজোৰা সাধনা বঁটা।
  4. ২০১০ চনত শিল্পী তৰুণ দুৱৰা সোঁৱৰণী অইল ইণ্ডিয়া বঁটা। গুৱাহাটী আৰ্টিষ্টচ্ গীল্ডৰ সৌজন্যত এই বঁটা প্ৰদান কৰা হয়।
  5. ২০১৫ চনত তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান ' চাতক'ৰ দ্বাৰা 'চাতক সন্মান' প্ৰদান।১৩
  6. বৰপেটা জিলা প্ৰশাসনৰ তৰফৰ পৰা ২০১৮ চনৰ গণৰাজ্য দিৱসত বিশেষ সম্বৰ্ধনা।
  7. ২০১৮ চনত অসম চাৰু-কাৰু কলা পৰিষদৰ সম্বৰ্ধনা।

সংক্ষিপ্ত জীৱনপঞ্জী

  • ১৯৩৯: নবেম্বৰ মাহৰ ২৭ তাৰিখে গুৰুনানকৰ জন্মৰ দিনা বৰপেটাৰ বিখ্যাত মিশ্ৰ পৰিয়ালত জন্ম। পিতৃঃ যোগেন্দ্ৰনাথ মিশ্ৰ আৰু মাতৃ: ভাগ্যেশ্বৰী দেৱী। ককাক দেবেন্দ্ৰনাথ মিশ্ৰ বৰপেটা বিদ্যাপীঠৰ ড্ৰয়িঙৰ শিক্ষক আছিল। এই একেখন স্কুলতেই দেউতাক যোগেন্দ্ৰনাথ মিশ্ৰই অংক, বিজ্ঞান আৰু ইংৰাজী শিকাইছিল। ককাক দেবেন্দ্ৰনাথ মিশ্ৰদ্বাৰাই চিত্ৰকৰ্মত 'হাতে-খড়ি'।
  • ১৯৪৬: পিতৃৰ চাকৰিসূত্ৰে সপৰিয়ালে গুৱাহাটীলৈ স্থানান্তৰ আৰু স্থায়ীভাৱে বসবাস। প্ৰথমে গুৱাহাটীৰ চেনিকুঠী প্ৰাথমিক বিদ্যালয়ত আৰু তাৰপাছত কামৰূপ একাডেমি আৰু কটন কলেজিয়েট স্কুলতস্কুলীয়া শিক্ষা লাভ। সমান্তৰালভাৱে গুৱাহাটী আৰ্ট স্কুলত ছবিৰ শিক্ষা লাভ।
  • ১৯৫৭: কটন কলেজিয়েট স্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ। এইটো বছৰতে অসম চৰকাৰৰ আশীটকীয়া বৃত্তি এটা লাভ কৰি কলিকতাৰ শান্তিনিকেতনৰ কলাভৱনত নামভৰ্তি।
  • ১৯৬১: শান্তিনিকেতনৰ কলাভৱনৰপৰা ফাইন আৰ্ট আৰু ক্ৰাফ্‌ট বিষয়ত চাৰি বছৰীয়া ডিপ্লমা অৰ্জন।
  • ১৯৬২: অসম চৰকাৰৰ জনসংযোগ বিভাগত 'Artist' হিচাপে যোগদান কৰি চৰকাৰী চাকৰিৰ পাতনি।
  • ১৯৬৩: বম্বেৰ Sir Jacob Sasoon Schoolত আৰ্টৰ শিক্ষক হিচাপে কিছুদিন শিক্ষকতা।
  • ১৯৬৪: নেপালৰ কাঠমাণ্ডুত জীৱনৰ প্ৰথমখন একক চিত্ৰপ্ৰদৰ্শনী অনুষ্ঠিত।
  • ১৯৭৩: আৰ্ট আৰু ক্ৰাটৰ চৰকাৰী বিদ্যালয়ত যোগদান। পূব-জাৰ্মানীত অনুষ্ঠিত হোৱা দশম বিশ্ব যুৱ-মহোসৱত যোগদান কৰি বাৰ্লিন, ডেছডেন, লিপঝিগ আদি ঠাই ভ্ৰমণ। ৰাজলক্ষ্মী মিশ্ৰৰ সৈতে বিবাহ।
  • ১৯৭৬: গুৱাহাটী আৰ্টিষ্ট গীল্ড প্ৰতিষ্ঠা আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে ৰাজ্যখনত চিত্ৰশিল্প-চৰ্চাক আগুৱাই নিয়া কামত আত্মনিয়োগ।
  • ১৯৮৯: গুৱাহাটী আৰ্টিষ্টচ্‌ গীল্ড'ৰ সভাপতিৰ দায়িত্বৰপৰা অব্যাহতি॥ চিত্ৰশিল্পীজীৱনৰ উল্লেখযোগ্য কৃতি অইল পেইণ্টিং ‘ডেথ’ ছবিখনৰ অংকন সম্পূৰ্ণ।
  • ১৯৯৩: দ্বিতীয়খন একক চিত্ৰপ্ৰদৰ্শনী গুৱাহাটীত অনুষ্ঠিত। নেশ্যনেল বুক ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেইণ্টিং আৰু ইলাষ্ট্ৰেশ্যনৰ কৰ্মশালা পৰিচালনা।
  • ১৯৮৮: দুগৰাকী ঘনিষ্ঠ সহযোগী হীৰেন ভট্টাচাৰ্য আৰু অতুলানন্দ গোস্বামীৰ সৈতে সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী 'অধিনায়ক' প্ৰকাশৰ সৈতে জড়িত।
  • ১৯৯৪: দ্বিভাষিক কবিতাবিষয়ক আলোচনী 'কবিতা'ৰ কলা সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ।
  • ১৯৯৮: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিতকলা উপদেষ্টা সমিতিৰ সদস্য মনোনীত।
  • ২০০০: জ্যেষ্ঠ প্ৰদৰ্শনী বিষয়া হিচাপে জনসংযোগ বিভাগৰ চাকৰিৰপৰা অৱসৰ গ্ৰহণ।
  • ২০০৪: কথা গুৱাহাটী নামৰ মাহেকীয়া আলোচনীৰ কলা সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ।
  • ২০০৬: অসম চৰকাৰৰপৰা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ।১৪

তথ্যসূত্ৰ

  1. ↑ (29 May 2019). Eminent Artist Benu Mishra, 80, Dies In Guwahati. NDTV
  2. ↑ (29 May 2019). Noted artist Benu Mishra passes away at 80 years. NE NOW
  3. ↑ হক, আমিনুল. (নৱেম্বৰ, ২0১৮). অন্তৰ্দৃষ্টি অনন্যসৃষ্টি শিল্পী বেণু মিশ্ৰ. প্ৰকাশ
  4. ↑ ভূঞা, অজিত কুমাৰ; কেনভাছ উকা, আমাৰ অসম,৩০ মে' ২০১৯
  5. ↑ দৈনিক অসম, ৩০ মে',২০১৯
  6. ↑ সেনাপতি, লাবু; ড্ৰয়িঙত দখল আছিল অতুলনীয়,দৈনিক অসম,৩০ মে',২০১৯
  7. ↑ কন্দলী,ড॰ মৌচুমী ''মৃত্য-মুখৰ প্ৰতিকৃতিকাৰ: বেণু মিশ্ৰ, প্ৰকাশ, নৱেম্বৰ২0১৮
  8. ↑ ফুকন, নীলমণি। বেণু মিশ্ৰ, কিছু স্মৃতিকথা, কিছু ছবিৰ কথা (গ্ৰন্থ- শিল্পকলাৰ উপলব্ধি আৰু আনন্দ; প্ৰকাশক: অন্বেষা)
  9. ↑ ৰাজকোঁৱৰ, মনজিৎ; 'বেণু মিশ্ৰৰ সৈতে এটি কথোপকথন'
  10. ↑ আমাৰ অসম, ৩০ মে',২০১৯
  11. ↑ (29 May 2019). Eminent artist Benu Mishra dies. Business Standard
  12. ↑ আমাৰ অসম- ৩০ মে',২০১৯
  13. ↑ দৈনিক অসম,৩০ মে' ২০১৯
  14. ↑ দৈনিক জনমভূমি, ৩০ মে', ২০১৯. প্ৰথিতযশা চিত্ৰশিল্পী বেণু মিশ্ৰ আৰু নাই

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেণু মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৩৯৮০৬১ (১৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।