অসমৰ ব্যক্তি
৯১০ প্ৰবন্ধ
-
আইমী বৰুৱা
আইমী বৰুৱা (Aimee Baruah) এগৰাকী অসমীয়া অভিনেত্ৰী। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ লগতে বহুতো ভিচিডি তথা এলবামত অভিনয় কৰিছে।
-
আনন্দ চন্দ্ৰ বৰুৱা
আনন্দ চন্দ্ৰ বৰুৱা (Ananda Chandra Barua; ১৯০৭- ১৯৮৩) এগৰাকী অসমীয়া সাহিত্যিক। তেওঁক বকুল বনৰ কবি নামেৰে জনা যায়। কলেজীয়া দিনৰেপৰা কবিতা লিখিবলৈ আৰম্ভ কৰা বৰুৱাৰ প্ৰথম কবিতা লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত 'বাঁহী'ত প্ৰকাশ পায়।
-
কমলাকান্ত ভট্টাচাৰ্য্য
কমলাকান্ত ভট্টাচাৰ্য্য (Kamalakanta Bhattacharya; ১৮৫৩-১৯৩৬) অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ অন্যতম এগৰাকী কবি অৰু প্ৰবন্ধকাৰ। ১৮৫৩ চনৰ ডিচেম্বৰত শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ওচৰৰ গড়েহাগি গাঁৱত তেখেতে জন্মলাভ কৰিছিল। তেখেতক 'অগ্নিকবি' বুলি অভিহিত কৰা হয়।
-
ত্ৰৈলোক্য নাথ গোস্বামী
ত্ৰৈলোক্য নাথ গোস্বামী (Trailokya Nath Goswami; জন্ম: ১৯০৬ - মৃত্যু: ১৯৮৮) একাধাৰে এজন অসমীয়া সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ। ১৯৬৫ চনত ৰচিত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীয়ে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
নীলমণি ফুকন (জ্যেষ্ঠ)
নীলমণি ফুকন (Nilmoni Phukan; ২২ জুন, ১৮৮০-২০ জানুৱাৰী, ১৯৭৮) হৈছে অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল।
-
পুৰুষোত্তম দাস
পুৰুষোত্তম দাস (Purushottam Das) অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক। হিন্দী আৰু বঙালী গীতৰ আধিপত্যৰ কালছোৱাতে তেখেতে অসমীয়া গীত কিয় গাব নোৱাৰি বুলি ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতেই অসমীয়া গীত লিখি সুৰ কৰি গাইছিল।
-
পূৰবী শৰ্মা
পূৰবী শৰ্মা (Purabi Sarma, ১৯৬১-২০২৬) অসম, ভাৰতৰ এগৰাকী অভিনেত্ৰী আছিল। তেওঁ মূলতঃ অসমীয়া ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। ইয়াৰ লগতে তেওঁ অনাতাৰ নাট, ভ্ৰাম্যমাণ আৰু দূৰদৰ্শনৰ একাধিক অভিনয়-কৰ্মৰ লগত জড়িত হৈ আছিল।
-
মহেন্দ্ৰ মোহন চৌধুৰী
মহেন্দ্ৰ মোহন চৌধুৰীৰ (Mahendra Mohan Choudhury) জন্ম ১৯০৯ চনত অসমৰ বৰ্তমান বৰপেটা জিলাৰ অৰ্ন্তগত নগাঁও নামৰ গাঁৱত। এল এল বি পাচ কৰি তেওঁ মহাত্মা গান্ধীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনৰ আগৰণুৱা হৈ পৰে।
-
অচ্যুত লহকৰ
অচ্যুত লহকৰ (৯ জুলাই, ১৯৩১ - ১২ জুন, ২০১৬)-ক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কোৱা হয়। পৰিভ্ৰমী নাট্যদল যেনে, যাত্ৰা, অপেৰা আদিৰপৰা পৃথক এই ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদিয়াৰ উপৰিও তেখেতে দীপাৱলী নামে এখন আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰি উলিয়াইছিল।
-
অনন্ত কন্দলি
অনন্ত কন্দলি ষোড়শ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি। তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে। সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ হাজোত। দেউতাকৰ নাম ৰত্ন পাঠক। জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ।
-
অপূৰ্ব শৰ্মা
অপূৰ্ব শৰ্মা (Apurba Sharma) অসমৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ, চলচ্চিত্ৰ সমালোচক, সাংবাদিক, সম্পাদক, আৰু শিক্ষাবিদ। তেওঁ হৈছে সৌৰভ কুমাৰ চলিহাই প্ৰৱৰ্তন কৰা অসমীয়া গল্প-সাহিত্যৰ আধুনিকতাবাদী ধাৰাটোৰ অন্যতম গল্পকাৰ।
-
ইন্দিৰা মিৰি
ইন্দিৰা মিৰি (Indira Miri) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এ'ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰীয়া মণ্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল।
-
কমল নাৰায়ণ চৌধুৰী
কমল নাৰায়ণ চৌধুৰী অসমৰ এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক হিচাবে জনাজাত। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয়ো কৰিছিল। অসমৰ চলচ্চিত্ৰ জগতত প্ৰথমখন অসমীয়া ৰঙীন কথাছবি ‘ভাইটি’ৰ নিৰ্মাতা হিচাবে তেখেত চিৰস্মৰণীয়।
-
গোপালদেৱ
গোপালদেৱ (১৫৪০-১৬১১) বৈষ্ণৱ যুগৰ এগৰাকী কবি, নাট্যকাৰ আৰু উজনি অসমত ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা আছিল। তেওঁক মাধৱদেৱৰ উত্তৰসুৰী হিচাপে গণ্য কৰা হয়। ভৱানীপুৰৰ হোৱা বাবে তেওঁক ভৱানীপুৰীয়া গোপালদেৱ বোলা হয়। এওঁ মহাপুৰুষীয়া ধৰ্মৰ অন্যতম শাখা ‘কাল-সংহতি’ৰ প্ৰৱৰ্তক৷
-
জ্ঞানদাভিৰাম বৰুৱা
জ্ঞানদাভিৰাম বৰুৱা (Gyandabhiram Baruah) অসমৰ এজন লেখক, শিক্ষাবিদ আৰু অভিনেতা। ভেনিচৰ সাউদ, পঞ্চৰত্ন, দদাইৰ পঁজা আদি বিভিন্ন গ্ৰন্থেৰে তেখেতে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। ১৯১৪ চনত গুৱাহাটীত আইন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত তেখেতে তাৰ অধ্যক্ষ নিযুক্ত হৈছিল।
-
নলিনীধৰ ভট্টাচাৰ্য
নলিনীধৰ ভট্টাচাৰ্য (Nalinidhar Bhattacharya; ১৯২১-২০১৬) অসমৰ এগৰাকী আগশাৰীৰ কবি, প্ৰবন্ধকাৰ, সমালোচক তথা অনুবাদক। জ্ঞানপীঠ বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভাতৃ নলিনীধৰ ভট্টাচাৰ্যই ৰামধেনুৰ পাতত অনুবাদক হিচাপে নিজৰ সাহিত্য জীৱন আৰম্ভ কৰে।
-
পাৰৱীন চুলতানা
বেগম পাৰৱীন চুলতানা (Begum Parween Sultana; জন্ম: ১০ জুলাই, ১৯৫০) ভাৰতবৰ্ষৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতশিল্পী। পাটিয়ালা ঘৰানাৰ সংগীত শৈলীত প্ৰশিক্ষিত পাৰবীন চুলতানাক অসম চৰকাৰৰ তৰফৰ পৰা সংগীত সম্ৰাজ্ঞী উপাধি প্ৰদান কৰা হয়।
-
বেণুধৰ ৰাজখোৱা
বেণুধৰ ৰাজখোৱা (Benudhar Rajkhowa) (১৮৭২-১৯৫৫) অসমৰ এগৰাকী সাহিত্যিক আৰু ভাষা-গৱেষক। বেণুধৰ ৰাজখোৱাই ইংৰাজ চৰকাৰৰ পৰা ৰায়চাহাব খিতাপ লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৮৮৯ চনৰ পৰা নাটক ৰচনাৰ কাম আৰম্ভ কৰে আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ লগলাগি বিজুলী নামৰ আলোচনীখন প্ৰকাশত বিশেষ অৰিহণা যোগাইছিল।
-
যোগেশ দাস
যোগেশ দাস (Jogesh Das) অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত। তেখেতে ১৯৮০ চনত 'পৃথিৱীৰ অসুখ' গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।
-
শোভা ব্ৰহ্ম
শোভা ব্ৰহ্ম (Sobha Brahma; ১৪ অক্টোবৰ, ১৯২৯ – ৫ মাৰ্চ, ২০১২) অসমৰ এগৰাকী চিত্ৰ-শিল্পী আৰু ভাস্কৰ। তেখেতৰ স্ৰজিত শিল্প কৰ্মত উত্তৰ-পূব ভাৰতৰ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা এক একক শৈলী লক্ষ্য কৰা হয়, এই শৈলীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে তেখেতে যত্ন কৰে।
-
হেমাঙ্গ বিশ্বাস
হেমাঙ্গ বিশ্বাস (Hemanga Biswas; ১৪ ডিচেম্বৰ ১৯১২ - ২২ নৱেম্বৰ ১৯৮৭) এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ হিচাপে জনাজাত যিজনে মূলতঃ অসমীয়া আৰু বাংলা সাহিত্য ৰচনাৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
-
ৰজনী বসুমতাৰী
ৰজনী বসুমতাৰী এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ। প্ৰথমতে বিদ্যুৎ চক্ৰৱৰ্তী, মুজাফৰ আলীৰ দৰে পৰিচালকৰ অধীনত তেওঁ কাম কৰিছিল। তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাবেও কেইবাখনো ধাৰাবাহিকৰ কাহিনী লিখিছে।
-
কনকসেন ডেকা
কনকসেন ডেকা (Kanaksen Deka) অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ, চিন্তাবিদ আৰু সাংবাদিক। তেখেত অসম সাহিত্য সভাৰ ছিপাঝাৰ, চাপৰ অধিবেশন, বেলশৰ আৰু দক্ষিণপাট বিশেষ বাৰ্ষিক অধিবেশনৰ সভাপতি আছিল।
-
কালিৰাম মেধি
কালিৰাম মেধি ( Kaliram Medhi; ১৮৮০-১৯৫৪) এজন প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু ব্যাকৰণিক আছিল। পৌৰাণিক অসমীয়া সাহিত্যৰ বিজ্ঞানসন্মত পুথি সমালোচনাৰ ক্ষেত্ৰত তেখেত পথপ্ৰদৰ্শক আছিল।
-
চৈয়দা আনোৱাৰা টাইমূৰ
চৈয়দা আনোৱাৰা টাইমূৰ (Syeda Anwara Taimur, ১৯৩৬ – ২০২০) আছিল অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত আছিল।
-
দীনেশ চন্দ্ৰ গোস্বামী
ড॰ দীনেশ চন্দ্ৰ গোস্বামী (Dinesh Chandra Goswami) অসমৰ এগৰাকী বিজ্ঞানী, সাহিত্যিক, নাট্যকাৰ, ব্যংগ সাহিত্যক, আৰু ঘাইকৈ জনপ্ৰিয় বিজ্ঞান আৰু কল্পবিজ্ঞান গল্প-উপন্যাস-অনাতাঁৰ নাটক আদিৰ লিখক। ড॰ গোস্বামীয়ে যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰৰ বিজ্ঞানী আৰু সঞ্চালকৰ উপদেষ্টা হিচাবে অৱসৰ গ্ৰহণ কৰিছে।
-
ধীৰু ভূঞা
ধীৰু ভূঞা (Dhiru Bhuyan) আছিল অসমৰ এজন থিয়েটাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৪২ চনত গুৱাহাটীৰ উজান বজাৰত তেওঁৰ জন্ম হৈছিল।
-
নীলপৱন বৰুৱা
নীলপৱন বৰুৱা (Neel Pawan Baruah) (১ জুন, ১৯৩৬ - ২৮ অক্টোবৰ, ২০২২ ) অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। ২০২১ চনত তেওঁক অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰে।
-
প্ৰকল্প ৰঞ্জন ভাগৱতী
প্ৰকল্প ৰঞ্জন ভাগৱতী (ইংৰাজী: Prakalpa Ranjan Bhagawati, জ. ১৯৭৬) এগৰাকী কবি, সমালোচক, অনুবাদক আৰু সম্পাদক। তেওঁ প'য়েট্ৰী উইডাউট ফীয়াৰ নামৰ তিনিমহীয়া দ্বিভাষিক অনলাইন কবিতা আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক।
-
যজ্ঞেশ্বৰ শৰ্মা
যজ্ঞেশ্বৰ শৰ্মা (Jageswar Sharma) (১৯০৬-১৯৯৮) এজন অসমীয়া সাহিত্যিক, প্ৰবন্ধকাৰ,অনুবাদক, সাহিত্যৰ সমালোচক,অধ্যাপক। তেখেতে ১৯৭৬ চনৰ অসম সাহিত্য সভাৰ টিহু অধিবেশনত সভাপতিত্ব কৰিছিল। সাহিত্য জগতলৈ বৰঙণি আগবঢ়োৱাৰ উপৰিও শৰ্মা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক দিশতো আগৰণুৱা আছিল।