অসমৰ ব্যক্তি
৯১০ প্ৰবন্ধ
-
সুমন হৰিপ্ৰিয়া
সুমন হৰিপ্ৰিয়া (জন্ম: ১ জুন ১৯৭৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক আৰু ৰাজনীতিবিদ। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ তিনিখন চলচ্চিত্ৰ পৰিচালনা কৰিছে।
-
হিতেশ্বৰ বৰবৰুৱা
হিতেশ্বৰ বৰবৰুৱা এগৰাকী অসমীয়া কবি আৰু বুৰঞ্জীবিদ। 'জোনাকী' আৰু 'বিজুলী' কাকত দুখনৰ জৰিয়তে কবিতা চৰ্চাত খোজ পেলোৱা বৰবৰুৱাই ঢোপকলি, কমতাপুৰ ধ্বংস, মালচ, চকুলো আদি গ্ৰন্থৰ প্ৰকাশেৰে খ্যাতি অৰ্জন কৰে।
-
ৰঞ্জন গগৈ
ৰঞ্জন গগৈ (জন্ম ১৮ নৱেম্বৰ ১৯৫৪) ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশ। ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৩ অক্টোবৰ ২০১৮ তাৰিখে তেওঁ ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হয়। তেওঁৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ ১৯৮২ চনত অসমৰ মুখ্যমন্ত্ৰী আছিল।
-
ৰত্ন ওজা
ৰত্ন ওজা (১৯৩১-২০১৯) অসম তথা ভাৰতৰ এগৰাকী কবি, গীতিকাৰ, নাট্যকাৰ তথা মঞ্চ আৰু চলচ্চিত্ৰ শিল্পী আছিল। অতি কম বয়সৰ পৰাই নাট্যাভিনয় তথা পৰিচালনাৰ সৈতে জড়িত ওজাই বহুকেইখন একাংকিকা নাট, পূৰ্ণাংগ নাট, অনাঁতাৰ নাট, বাটৰ নাট, শিশু নাট ৰচনা পৰিচালনাৰ লগতে চাৰিখন উপন্যাস, এখন গল্প সংকলন, তিনিখন প্ৰবন্ধ…
-
ৰত্নকান্ত বৰকাকতী
ৰত্নকান্ত বৰকাকতী (Ratnakanta Borkakati) অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ এজন কবি। তেওঁৰ প্ৰথম কবিতা পুথি “শেৱালি’’ৰ নামেৰে তেওঁক শেৱালি কবি হিচাপে জনা যায়। তেওঁ অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনৰ সভাপতি আছিল৷
-
ৰীমা দাস
ৰীমা দাস এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ ২০১৭ চনত মুক্তি লাভ কৰা ভিলেজ ৰকষ্টাৰ্ছ বোলছবিৰ বাবে বিশেষ ভাবে জনাজাত। তেওঁৰ এই বোলছবি খনে প্ৰায় ৮০খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছে আৰু ৪৪টা ভিন্ন শিতানত পুৰস্কাৰ লাভ কৰিছে।
-
জিতেন্দ্ৰনাথ গোস্বামী
জিতেন্দ্ৰনাথ গোস্বামী (Jitendranath Goswami) অসমৰ এজন বিজ্ঞানী, তেওঁ ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ মুখ্য বিজ্ঞানী, এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়ণতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ, চন্দ্ৰযান-২ লগতো তেওঁ জড়িত। বৰ্তমান তেওঁ ভৌতিক গৱেষণাগাৰ (Physical Research Laboratory)ৰ সঞ্চালক।
-
ইলা কাকতি
ইলা কাকতি (Ila Kakati; ২৩ মাৰ্চ ১৯৫৩- ২০০৩) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেত্ৰী আছিল৷ ভূপেন হাজৰিকা পৰিচালিত চিকমিক বিজুলীৰে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰা কাকতিয়ে মুঠ ষোলখন ছবিত অভিনয় কৰিছিল৷ আজলী নবৌ আৰু বৃষ্টি তেওঁৰ উল্লেখযোগ্য ছবি।
-
গজেন বৰুৱা
গজেন বৰুৱা এজন অসমীয়া নৃত্যশিল্পী আৰু সাংস্কৃতিক কৰ্মী। ১৯১৫ চনত শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত গজেন বৰুৱাৰ জন্ম হয়। নৃত্যশিল্পীৰূপে তেখেত ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছিল।
-
জগন্নাথ বৰুৱা
ৰায়বাহাদুৰ জগন্নাথ বৰুৱা (Jagannath Barooah) অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা লোকসকলৰ মাজত অন্যতম। যোৰহাটত জীৱনকাল অতিবাহিত কৰা বৰুৱা আছিল উজনি অসমৰ প্ৰথমজন স্নাতক। ১৯৩০ চনত যোৰহাটত স্থাপন কৰা ভাৰতৰ উত্তৰ পূবৰ দ্বিতীয়খন মহাবিদ্যালয় অৰ্থাৎ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নামকৰণো তেওঁৰ নামতে কৰা হৈছিল।
-
জয়ন্ত নাথ
জয়ন্ত নাথ (ইংৰাজী: Jayanta Nath) অসমৰ এগৰাকী কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। বহুতো জনপ্ৰিয় গীতৰ উপৰিও হৃদয় কঁপোৱা গান আৰু কৰমা কে ৰাতি নামৰ দুখন বোলছবিও পৰিচালনা কৰে।
-
জ্যোতিপ্ৰসাদ মেধি
জ্যোতিপ্ৰসাদ মেধি (১ জুলাই, ১৯২৪-৩ ফেব্ৰুৱাৰী, ২০১৭) এগৰাকী অসমীয়া পৰিসংখ্যাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। পৰিসংখ্যা বিজ্ঞান সম্পৰ্কীয় তেওঁৰ গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বৰ পৰিসংখ্যা বিজ্ঞান সমাজৰ মাজত সমাদৃত হৈছে।
-
তিলক হাজৰিকা
তিলক হাজৰিকা অসমৰ এজন আগশাৰীৰ সাংবাদিক আৰু সাহিত্যিক। তেখেতে প্ৰায় ৬০ বছৰ ধৰি সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছিল।
-
তীৰ্থনাথ শৰ্মা
তীৰ্থনাথ শৰ্মা (Tirtha Nath Sharma) একাধাৰে সু-সাহিত্যিক, সফল শিক্ষাবিদ আৰু সংস্কৃতৰ বিদগ্ধ পণ্ডিত, সমালোচক, গল্পকাৰ,কবি, জীৱনী লেখক, শিশু সাহিত্যিক, সাংবাদিক আৰু ভাৰতত্ত্ববিদ আছিল। শৰ্মাদেৱে প্ৰায় কুৰিখন উচ্চ প্ৰশংসিত গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল।
-
দিলীপ শৰ্মা
দিলীপ শৰ্মা অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী। কলিকতা ৰেডিঅ'ত অসমীয়া গীত গোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া শিল্পী। অসমত জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লোৱা দিলীপ শৰ্মাই সংগীত নাটক একাডেমী সন্মানো লাভ কৰিছিল।
-
পাকিজা বেগম
পাকিজা বেগম (Pakija Begum) অসমীয়া চলচ্চিত্ৰ জগতৰ এক অভিনেত্ৰী তথা পৰিচালক। ভালেমান চলচ্চিত্ৰ,নাটক,ধাৰাবাহিকত অভিনয় কৰা বেগমে “পত্নী” ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
পীযুষ কান্তি ৰয়
পীযুষ কান্তি ৰয় (Pijush Kanti Roy) এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ শব্দযন্ত্ৰী। তেওঁ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থী। ‘চালিয়া’, ‘ৰেশম কী ডোৰী’ আদি হিন্দী চলচ্চিত্ৰৰ শব্দযন্ত্ৰী ৰয়ে কেইখনমান অসমীয়া ছবিত কাম কৰাৰ উপৰিও বিজয় চৌধুৰীৰ সৈতে তেওঁ কাঁচঘৰ নামৰ অসমীয়া ছবি…
-
পূৰবী বৰমুদৈ
পূৰবী বৰমুদৈ (জন্ম:৮ মে' ১৯৫০ - মৃত্যু: ১৫ জুলাই, ২০১৯) অসমৰ এগৰাকী লেখক সাহিত্যিক। তেওঁ মূলতঃ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ ৰূপে সুপ্ৰতিষ্ঠিত। তেওঁ সাহিত্য অকাডেমি বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত।
-
ভোলানাথ বৰুৱা
ভোলানাথ বৰুৱা (১৮৫০,২৮ ছেপ্টেম্বৰ-৩০ মে', ১৯২৩) এগৰাকী অসমীয়া উদ্যোগী আৰু ব্যৱসায়ী আছিল। তেওঁক প্ৰায়েই 'সাউদ ভোলানাথ বৰুৱা' অথবা 'সদাগৰ ভোলানাথ বৰুৱা' হিচাপে সম্বোধন কৰা হয়।
-
মুনীন বৰকটকী
মুনীন বৰকটকী (১৯১৫-১৯৯৩) বিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক। তেখেতে যথেষ্ট সংখ্যক উচ্চমানৰ গল্প, কবিতা লিখিছে যদিও তেখেতৰ পৰিচয় এজন কৃতী সমালোচক হিচাবেহে। তেখেতে অসমৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় কাকতত নিয়মীয়া কলম লিখিছিল।
-
মেদিনী চৌধুৰী
মেদিনী চৌধুৰী (Medini Chowdhury) অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰু জনপ্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ।
-
সত্য প্ৰসাদ বৰুৱা
সত্য প্ৰসাদ বৰুৱা (Satya Prasad Baruah; ১৯১৯-২০০১) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক হোৱাৰ লগতে এজন সাহিত্যিক, নিবন্ধকাৰ, সাংবাদিক আৰু নাট্য তত্ত্বৰ বিশিষ্ট গৱেষক আছিল। ডেকা বয়সতে তেখেতে নাটকত অভিনয় আৰম্ভ কৰাৰ লগতে লিখিবলৈও লয়।
-
ৰঞ্জু হাজৰিকা
ৰঞ্জু হাজৰিকা (Ranju Hazarika, জন্ম ২৪ জুলাই, ১৯৫২) অসমৰ এজন লেখক। তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা হাজৰিকাই শৈশৱকাল কলিয়াবৰত পাৰ কৰে।
-
ৰাজীৱ বৰা
ৰাজীৱ বৰা (১৯৭০-) একাধাৰে কবি, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ নাজিৰা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। তেওঁৰ এতিয়ালৈকে ৪খন কবিতা পুথি প্ৰকাশ হৈছে। ইয়াৰোপৰি তেওঁৰ সম্পাদনাত বহুকেইখন কবিতাপুথি, প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে।
-
ৰাধিকামোহন ভাগৱতী
ৰাধিকামোহন ভাগৱতী (Radhika Mohan Bhagawati, ১৯৩৩-২০১৭) অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক। ১৯৩৩ চনৰ ১৯ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত তেখেতৰ জন্ম হয়। ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পিছত তেখেত ৰামধেনুৰ সম্পাদক নিযুক্ত হৈছিল।
-
অতুল বৰদলৈ
অতুল বৰদলৈ (Atul Bordoloi) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আছিল। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অপৰাজেয় নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৮খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতে দূৰদৰ্শন ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ নিৰ্মাণো কৰিছিল।
-
অতুল বৰা
অতুল বৰা (Atul Bora, জন্ম: ৭ এপ্ৰিল ১৯৬০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ অসম গণ পৰিষদ নামৰ আঞ্চলিক দলৰ সৈতে জড়িত তথা বৰ্তমান ইয়াৰ সভাপতি। ২০১৪ চনৰ জুলাই মাহত তেওঁ এই দলৰ সভাপতি নিৰ্বাচিত হৈছিল।
-
অনুপম শইকীয়া (গণিতজ্ঞ)
অনুপম শইকীয়া এজন ভাৰতীয় গণিতজ্ঞ আৰু বৰ্তমান তেওঁ আই আই টি, গুৱাহাটীৰ গণিত বিভাগৰ এজন অধ্যাপক। পাটীগাণিতীক সংখ্যা তত্ত্বৰ লগত জড়িত গৱেষণা, বিশেষকৈ ইৱাছাৱা তত্ত্ব আৰু p-adic পৰিমাপৰ বাবে তেখেত জনাজাত। গাণিতিক সংকেত বিদ্যাৰ বিষয়তো তেওঁৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছে।
-
অমলপ্ৰভা দাস
অমলপ্ৰভা দাস (Amalprava Das) এগৰাকী ভাৰতীয় গান্ধীবাদী সমাজ কৰ্মী আছিল। তেওঁ গুৱাহাটীৰ শৰণীয়া পাহাৰত অৱস্থিত কস্তুৰবা গান্ধী আশ্ৰমৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ লগতে তেওঁ মহিলা সকলৰ বাবে এক আত্ম সহায়ক গোট আৰু হৰিজন সকলৰ সামাজিক উন্নতিৰ হকে কাম কৰা গুৱাহাটী যুৱক সেৱাদল নামৰ এটি বেচৰকাৰী সংগঠন প্ৰতিষ্ঠা…
-
অৰ্চনা মহন্ত
অৰ্চনা মহন্ত (Archana Mahanta; জন্ম: ১৮ মাৰ্চ, ১৯৪৯ - মৃত্যু: ২৭ আগষ্ট, ২০২০) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে অসমীয়া আধুনিক গীত, ভক্তিমূলক গীত, বিহুগীতত কণ্ঠদান কৰিছিল। বহুকেইখন অসমীয়া কথাছবিতো তেখেতে কণ্ঠ নিগৰাইছিল।