অনুপমা ভট্টাচাৰ্য (Anupama Bhattacharjya; ১৯ আগষ্ট ১৯২৮-৩০ জানুৱাৰী ২০২২) অসমৰ চলচ্চিত্ৰ আৰু মঞ্চজগতৰ এগৰাকী গুৰিধৰোঁতা অভিনেত্ৰী। অসমৰ “মীনা কুমাৰী” হিচাপে খ্যাত১ ভট্টাচাৰ্যই চল্লিশৰ জগতৰ পৰা আজিলৈকে মঞ্চ, অনাতাঁৰ, বোলছবি আৰু দূৰদৰ্শনত অভিনয় কৰি আহিছে।
জন্ম আৰু শৈশৱ
১৯২৮ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ আমোলাপট্টিৰ প্ৰখ্যাত বেজবৰুৱা পৰিয়ালত অনুপমা ভট্টাচাৰ্যৰ জন্ম হয়। তেওঁৰ পিতৃ গোপাল বেজবৰুৱা আৰু মাতৃ গুণদা বেজবৰুৱা। তেওঁৰ তিনিজনী বাই ভনী আৰু এজন ভাতৃ আছিল। বংশসূত্ৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ ককা (দেউতাকৰ খুড়াক) আৰু বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা তেওঁৰ মোমায়েক আছিল।১ দেউতাকৰ কঠোৰ অনুশাসন আৰু ব্ৰাহ্মণীয় কঠোৰ সামাজিক ৰীতি নীতিৰ মাজেৰে তেওঁৰ শৈশৱ কাল পাৰ হয়। ঘৰুৱা কামকাজত নিচা থকাৰ উপৰিও নাচ-গান অভিনয়তো তেওঁৰ খুব ৰাপ আছিল। বিশেষকৈ চিনেমা চাবলৈ তেওঁ খুব ভাল পাইছিল। ঘৰৰ পৰা মনে মনে গৈ তেওঁ বহুবাৰ হলত চিনেমা চাবলৈ গৈছিল। বিশেষকৈ মীনা কুমাৰী থকা চিনেমা তেওঁ বাদ দিয়া নাছিল। এবাৰ অৱশ্যে তেওঁ ধৰা পৰিছিল আৰু দেউতাকে গম পোৱাত দেউতাকে মাকক দুৱাৰ খুলি দিবলৈ মানা কৰিছিল যদিও মাকে খুলি দিয়াত সেইবাৰলৈ ৰক্ষা পৰে। তেওঁ ফুলেশ্বৰী গাৰ্লছ হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল।
বিবাহ আৰু সাংসাৰিক জীৱন
বিয়া কি বুজি পোৱাৰ আগতেই ন বছৰ বয়সত উদয় ভট্টাচাৰ্যৰ সৈতে অনুপমা ভট্টাচাৰ্যৰ বিয়া হয়।১ কিন্তু বিয়াৰ কিছুমাহ পিছতে তেওঁৰ স্বামীৰ মৃত্যু হয়। তেওঁৰ ভাষাত
"কেইমাহমান পিছত এদিন মায়ে হুৰাওৰায়ে কান্দিব ধৰিলে। ওচৰৰ তিৰোতাবোৰে আহি মোৰ গহনা-গাঁথৰি খুলি পেলালে,কপালৰ ফোঁট মচি দিলে। কোনোবাই ক’লে মই হেনো বিধৱা হ’লো। মোৰ সৈতে বিয়া হোৱা মানুহজন জ্বৰ হৈ ঢুকাই থাকিল। মই সেইবোৰ কি জানো?-এই কাপোৰ-গহণাবোৰ খুলি দিয়াতহে মোৰ গাটো পাতল লাগিছে,খেলিবলৈ সুবিধা হৈছে। "
ইয়াৰ পিছত ‘‘ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)’’ত অভিনয় কৰি থাকোঁতে ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ৰ সংগীত পৰিচালক শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ সৈতে তেওঁ পুনৰ বিয়াত বহে।১ তেওঁলোকৰ ৰুণুমী নামৰ কন্যাসন্তান এটিৰ জন্ম হয়। কিন্তু ১৯৫৩ চনত শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ মৃত্যু হয় আৰু ২২ বছৰ বয়সতে তেওঁ দ্বিতীয়বাৰৰ বাবে বিধৱা হয়। কাৰোপৰা একো সহায় নাপাই নাটকত অভিনয় কৰি তেওঁ সন্তানক ডাঙৰ দীঘল কৰিবলৈ বাধ্য হয়। এক সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰা তেওঁৰ পুত্ৰীয়েও বিয়াৰ কিছু বছৰ পিছত দুজনী কন্যা সন্তান জন্ম দি মৃত্যুমুখত পৰে। জীয়ৰীৰ মৃত্যুৰ পিছত ভট্টাচাৰ্যই তেওঁৰ কিছুমান জনপ্ৰিয় গীত “অ চিকুণ বিহুটি” নামেৰে মুকলি কৰে।১
অভিনয় জীৱন
স্বামীহাৰা হৈ ঘৰত থকা অৱস্থাতে ফণী শৰ্মাই ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ত অভিনয়ৰ প্ৰস্তাৱ লৈ আহে। সামাজিক বাধা নিষেধ নামানি ভট্টাচাৰ্যই অভিনয় কৰিবলৈ ওলাই আহে। তাৰেই ফলস্বৰূপে সমাজে তেওঁলোকৰ ঘৰখনক এঘৰীয়া কৰে।১ চিৰাজত তেওঁ ফাতেমাৰ চৰিত্ৰত অভিনয় কৰে। চিৰাজৰ চিত্ৰগ্ৰহণৰ সময়তেই ইয়াৰ সংগীত পৰিচালক শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ লগত বিবাহ সম্পন্ন হয়।
অনুপমা ভট্টাচাৰ্যই নিমিলা অংক (চলচ্চিত্ৰ),নতুন পৃথিৱী,মানৱ আৰু দানৱ,ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ),সৰাপাত,ৰাংঢালী,মন আৰু মৰম,বিপ্লৱী আদিকে ধৰি প্ৰায় ১৪খন ছবিত অভিনয় কৰে। নটৰাজ থিয়েটাৰত দুবছৰৰ বাবে চুক্তিবদ্ধ হৈ তেওঁ চিৰাজউদ্দোলা,কিয়,ভোগজৰা,কাশ্মীৰ কুমাৰী'' আদি নাটকত অভিনয় কৰে। তদুপৰি তেওঁ অনাতাঁৰ কেন্দ্ৰতো ঘোষিকা হিচাপে আৰু নাট্যশিল্পী হিচাপে কাম কৰে।
বঁটা আৰু সন্মান
- কলাগুৰু বিষ্ণু ৰাভা বঁটা
- আইদেউ সন্দিকৈ বঁটা
- জীৱনজোৰা সাধনাৰ বাবে প্ৰমথেশ চন্দ্ৰ বৰুৱা বঁটা
- ভ্ৰাম্যমাণৰ ৱাইজমেন বঁটা১
মৃত্যু
২০২২ বৰ্ষৰ ৩০ জানুৱাৰীত আবেলি ৫.৫০ বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে।২
তথ্যসূত্ৰ
- ↑ গীতাঞ্জলি মেধি. (২০০৬). মোৰ জীৱন মোৰ পৃথিৱী. নন্দিনী,পৃষ্ঠা ৭৬-৭৬
- ↑ (৩০ জানুৱাৰী ২০২২). অসমৰ ভ্ৰাম্যমান জগতৰ প্ৰথম গৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য আৰু নাই…. অসমীয়া প্ৰতিদিন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুপমা ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৪৪৭৯৩০ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।