ব্ৰজেন বৰা (Brajen Borah) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, নাট্যকাৰ। তেওঁৰ জন্ম হৈছিল শিৱসাগৰত।১৯৮২ চনত সাদৰী নামে অসমৰ চলচ্চিত্ৰখনৰ যোগেদি তেখেতে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে বৰ্তমানলৈ কেইবাখনো অসমৰ চলচ্চিত্ৰৰ পৰিচালনা আৰু অভিনয় কৰিছে। অভিনেতা হিচাপে তেওঁ প্ৰধানকৈ এক্সনধৰ্মী চৰিত্ৰত অভিনয় কৰি আহিছে। চলচ্চিত্ৰত অভিনয় কৰা উপৰিও তেওঁ এজন অনাঁতাৰ শিল্পী হিচাপে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ অনাঁতাৰ কেন্দ্ৰত নাটকত কণ্ঠ দিছে। "এটা নতুন পথেৰে" আৰু "কুকুৰনেছীয়া বাঘৰ দৰে" নাটকৰ বাবে "অল ইণ্ডিয়া ৰেডিঅ"ই তেওঁক পুৰস্কৃত কৰিছিল।
পৰিচালিত চলচ্চিত্ৰ
ব্ৰজেন বৰাই পৰিচালনা কৰা চলচ্চিত্ৰসমূহ হৈছে:-
অভিনীত চলচ্চিত্ৰ
ব্ৰজেন বৰাই অভিনয় কৰা চলচ্চিত্ৰসমূহ হৈছে:-
| ছবিৰ নাম | বৰ্ষ | টোকা |
|---|---|---|
| ৰণাংগন | ১৯ এপ্ৰিল, ২০১৩ | |
| সমীৰণ বৰুৱা আহি আছে | ৩০ মাৰ্চ, ২০১২২ | |
| সত্যম শিৱম সুন্দৰম | ২৬ ছেপ্টেম্বৰ, ২০০৩১ | |
| প্ৰিয়জন | ১৯৯৩ | |
| জীৱন সুৰভি | ১৯৮৪ | |
| প্ৰতিদান | ১৯৮৭ | |
| পূজা | ১৯৮৫ | |
| সূৰুজ | ১৯৮৫ | |
| পানী | ১৯৯৫ | |
| বহাগৰ দুপৰীয়া | ১৯৮৫ | |
| সেন্দূৰ | ১৯৮৪ | |
| সাদৰী | ১৯৮২ |
বাহ্যিক সংযোগ
- Brojen Borah, itsmynortheast.com
- A feature film in the offing
তথ্যসূত্ৰ
- ↑ Released Assamese Films. enajori.com
- ↑ (2013-01-22). In mid March "Samiran Baruah Ahi Ase" (সমীৰণ বৰুৱা আহি আছে) - Assamese Film and Theatre | News Post. Newslivetv.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰজেন বৰা” প্ৰবন্ধৰ সংশোধন ৪০৮৩৪৪ (২৮ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।