অসমৰ নগৰ-মহানগৰ
১০১ প্ৰবন্ধ
-
জাগীৰোড
জাগীৰোড (Jagiroad ) ভাৰতৰ অসমত অৱস্থিত মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ। এই অঞ্চলটো কাগজ কলৰ বাবে প্ৰসিদ্ধ। তদুপৰি ইয়াৰ শুকান মাছৰ বজাৰো জনাজাত। এই অঞ্চলটোক পূৰ্বতে নখোলা নামেৰে জনা গৈছিল, ব্ৰিটিছৰ শাসনকালত ইয়াৰ মাজেৰে পাৰ হৈ যোৱা 'জাগী' নামৰ বাটটোৰ বাবে ইয়াক 'জাগীৰোড'লৈ পৰিৱৰ্ত্তন কৰা হয়।
-
টিহু
টিহু (Pron:ˈtɪhuː) (Tihu) অসমৰ নলবাৰী জিলা ত অৱস্থিত এখন ঠাই।
-
মৰাণ (নগৰ)
মৰাণ (Moran Town), ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন সৰু লোকপিয়ল নগৰ। নগৰখন ঔদ্যোগিক ভাৱে উন্নত। এইখন দেশৰ এখন অন্যতম চাহ আৰু খাৰুৱা তৈল উৎপাদন হোৱা অঞ্চল। অঞ্চলটোৰ এটা প্ৰধান আকৰ্ষণ হ'ল ৰাইদঙীয়া দৌল, যিটোৱে আহোম ৰাজত্বৰ ঐতিহ্য বহন কৰিছে।
-
শিলঘাট
শিলঘাট (Silghat) হৈছে অসমৰ নগাঁও জিলাৰ অন্তৰ্গত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত এখন চহৰ। নগাঁও চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৫২ কিলোমিটাৰ। শিলঘাটত থকা অন্যতম আকৰ্ষণীয় ঠাইসমূহ হৈছে হাতীমূৰা মন্দিৰ, কামাখ্যা দেৱালয়, ত্ৰিশূলধাৰী মন্দিৰ, সামন্তগিৰি আদি। শিলঘাটত এটি মৰাপাটৰ কলো আছে।
-
মাইবং
মাইবং (IPA: ˌmɑɪˈbɒŋg) (Maibang) অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷ মাইবঙৰ নামটো ডিমাছা ভাষাৰ দুটা শব্দ 'MAI' আৰু 'BANG' মিলি হোৱা বুলি জনা যায়, যাৰ অৰ্থ হ'ল 'যথেষ্ট খাদ্য' (Mai ৰ অৰ্থ খাদ্য আৰু 'Bang' ৰ অৰ্থ যথেষ্ট) ৷
-
মৰাণহাট
মৰাণহাট (IPA: ˈmɔːrænˌhɑːt)(Moranhat) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন সৰু নগৰ৷ ইয়াত বাস কৰা মৰাণ গোষ্ঠীৰ লোকৰ বাবে এই অঞ্চলটোৰ এই নাম হয়৷
-
সাপটগ্ৰাম
সাপটগ্ৰাম হ'ল ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ অন্তৰ্গত এখন চহৰ।
-
ৰঙাপাৰা
ৰঙাপাৰা (IPA: ˈræŋgəˌpɑːrə) (Rangapara) অসমৰ শোণিতপুৰ জিলাৰ এখন নগৰ।
-
উমৰাংছু
উমৰাংছু অসমৰ ডিমা হাছাও জিলাৰ এখন সৰু চহৰ। চহৰখন অসম আৰু মেঘালয়ৰ সীমাত অৱস্থিত, আৰু ডিমা হাচাও জিলাৰ সদৰঠাই হাফলঙৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ১১২ কিলোমিটাৰ। উমৰাংছু চহৰখনে কেইবা দশকো ধৰি সন্ত্ৰাসবাদৰ সমস্যাৰ সৈতে যুঁজি আছে, বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ আৰু সশস্ত্ৰ সংগ্ৰামে জনজীৱন ব্যতিবস্ত কৰি আহিছে।
-
গোগামুখ
গোগামুখ ধেমাজি জিলাৰ এখন অন্যতম চহৰ। এটা চাৰিআলিক কেন্দ্ৰ কৰি গঢ়ি উঠা এই চহৰখন বৰ্তমান ধেমাজি জিলাৰ শিক্ষা, বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। ইয়াত বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে মিচিং লোক সকলৰ ঘন জনবসতি। মিচিং সকলৰ স্বায়ত্ত্ব শাসন পৰিসদৰ মুখ্য কাৰ্য্যালয় ইয়াতে অৱস্থিত।
-
চিলাপথাৰ
চিলাপথাৰ (Silapathar) অসমৰ ধেমাজি জিলাত অৱস্থিত এখন ব্যস্ত ব্যৱসায়িক নগৰ। ধেমাজিৰ পাছতে চিলাপথাৰ চহৰৰখন ধেমাজি জিলাৰ প্ৰধান ঠাই।ই অসমৰ প্ৰধান নদ ব্ৰহ্মপুত্ৰৰ পৰা উত্তৰ দিশে প্ৰায় ১৬ কিমি আঁতৰত অৱস্থিত।চিলাপথাৰ পৌৰসভা এখন আছে।
-
ছিপাঝাৰ
দৰং জিলাৰ এখন অন্যতম চহৰ ছিপাঝাৰ। পুৰণি ছিফা নদীৰ পাৰৰ ঝাৰণি অঞ্চলেই বৰ্তমানৰ ছিপাঝাৰ বুলি পণ্ডিতসকলে কয়। মঙ্গলদৈ নগৰৰ পৰা ১৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই অঞ্চলটো এসময়ত এৰী, মুগা আৰু পাটপলু প্ৰতিপালনৰ বাবে বিখ্যাত আছিল। ছিপাঝাৰৰ নতিদুৰতে আছে এটি সূতাকলৰ বৃহৎ উদ্যোগ।
-
টংলা
টংলা ( Tangla)(IPA: ˈtæŋglə or ˈtæŋlə) অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন ঠাই।
-
বোকাজান
বোকাজান (Bokajan)(IPA: ˈbəʊkəˌdʒɑːn)অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন ঠাই৷
-
মুছলপুৰ
মুছলপুৰ অসমৰ বাক্সা জিলাৰ সদৰ। বাক্সা জিলা অসমৰ প্ৰশাসনিক জিলাৰ ভিতৰত এখন। বাক্সা জিলা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়। বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ।
-
হাটশিঙিমাৰি
হাটশিঙিমাৰি অসমৰ নৱগঠিত জিলা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ। পূৰ্বতে ই ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচৰ মহকুমাৰ সদৰ ঠাই আছিল। ২০১৫ চনৰ ১৫ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আন চাৰিখন জিলাৰ লগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা ঘোষণা কৰে।
-
গোসাঁইগাঁও
গোসাঁইগাঁও (Gossaigaon)অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন ঠাই। ই জিলাখনৰ এটা মহকুমা।
-
ডবকা
ডবকা (IPA: ˈdʌbəkə} (Dabaka) অসমৰ নগাঁও জিলাত অৱস্থিত এখন ঠাই।
-
ধিং
ধিং ভাৰতৰ অসম ৰাজ্যৰ নগাঁও জিলাৰ এখন গাঁও। ই ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিন পাৰৰ ঠাই।
-
খাৰুপেটীয়া
খাৰুপেটীয়া (IPA: ˌkɑːrʊˈpiːtɪə)(Kharupetia) অসমৰ দৰং জিলাত অৱস্থিত এখন নগৰ। এই অঞ্চলটো মঙলদৈ আৰু গুৱাহাটীৰ পৰা ক্ৰমে ১৭ কিমি আৰু ৮৭ কিমি দুৰত্বত অৱস্থিত। এই অঞ্চলটোৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।
-
টিংখং
টিংখং ডিব্ৰুগড় জিলাৰ এখন বিধান সভা সমষ্টি। টিংখং চাহ উৎপাদনকাৰী আৰু তৈলক্ষেত্ৰ অঞ্চল। টিংখং ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৮০ কিঃমিঃ দক্ষিণ পূবত আৰু তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ৭০ কিঃমিঃ দূৰত অৱস্থিত।
-
বদৰপুৰ
বদৰপুৰ (Badarpur; বদব়পুব়) অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত এখন নগৰ৷ বদৰপুৰ ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে কৰিমগঞ্জ জিলাৰ অন্তৰ্গত আছিল।
-
বৰপেটা ৰোড
বৰপেটা ৰোড (Barpeta Road) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঠাই৷
-
লক্ষীপুৰ
লক্ষীপুৰ (IPA: ˈlækɪˌpʊə) (Lakhipur) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন ঠাই।
-
হাউলী
হাউলী (IPA:ˈhaʊlɪ) (Howli) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঠাই।
-
হাওৰাঘাট
হাওৰাঘাট (IPA: ˈhɑʊrəˌgɑːt) (Howraghat)অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন ঠাই৷
-
চাপৰ
চাপৰ (IPA: ˈtʃɑːpə) (Chapar)অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঠাই ৷ এই অঞ্চলটো অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰো গৃহভূমি৷
-
ভৈৰৱকুণ্ড
ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন উল্লেখযোগ্য পৰ্যটনস্থলী। ঠাইখন অৰুণাচল প্ৰদেশ আৰু ভূটান সীমান্তত অৱস্থিত। ভৈৰৱকুণ্ডত শীতকালত বনভোজকাৰী দল আৰু পৰ্যটকৰ আগমন হয়।
-
মাহুৰ
মাহুৰ (IPA: mɑːʊə) (Mahur) অসমৰ ডিমা হাছাও জিলাত অৱস্থিত এখন ঠাই৷
-
সৰুপথাৰ
সৰুপথাৰ (Sarupathar) অসমৰ গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ৷